ETV Bharat / sports

ভাৰত বনাম নিউজীলেণ্ড : খেল চাবলৈ অহাৰ আগতে জানি লওঁক এই কথা...

বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব টি-২০ মেচ । আপুনি কোন পথেৰে আহিব পাৰিব, বাহনখন ক'ত পাৰ্কিং কৰিব ?

regulations on movement of vehicles
ভাৰত বনাম নিউজীলেণ্ড : যান-বাহন চলাচলৰ ক্ষেত্ৰত নিৰ্দেশনা (ETV Bharat/IANS)
author img

By ETV Bharat Assamese Team

Published : January 25, 2026 at 2:42 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : আজি বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু নিউজীলেণ্ডৰ মাজত তৃতীয়খন টি-২০ মেচ । সন্ধিয়া ৭ বজাৰ লগে লগে আৰম্ভ হ'ব মেচখন । ইতিমধ্যে অসম ক্ৰিকেট এছ'চিয়েশ্যন সাজু এই আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ অনুষ্ঠিত কৰিবলৈ । ৰাজ্যৰ লগতে দেশ-বিদেশৰ পৰা আহিব ক্ৰিকেট অনুৰাগী । যাৰ বাবে নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে । সাধাৰণ ৰাইজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ-বিশেষকৈ শিশু, ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম পথচাৰীসকলৰ লগতে এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহন, বিদ্যালয়ৰ বাছ আদি জৰুৰী বাহনৰ চলাচল নিশ্চিত কৰিবলৈ যান-বাহন আৰক্ষীয়ে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে । মহানগৰীত যান-বাহনৰ চলাচলৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে আৰক্ষীয়ে । সেয়ে খেল উপভোগ কৰিবলৈ গুৱাহাটীলৈ অহাৰ পূৰ্বে এই কথা মনত ৰাখিব-

  • সকলো প্ৰকাৰৰ সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহন আৰু ধীৰ গতিত চলা বাহনৰ চলাচল বি কে কাকতি ৰোড, এ কে আজাদ ৰোড, এ কে দেব ৰোড, কুল বসুমতাৰী ৰোড (বৰ্ষাপাৰা ষ্টেডিয়াম ৰোড), ড৹ ভূপেন হাজৰিকা পথ, মৰাভৰালু পথ, ৰাজীৱ গান্ধী পথ (জ্যোতিকুছিলৈকে), এফ এ ৰোড, ধোপলীয়া ৰোড, বিষ্ণুপুৰ ৰোড, আৰ কে চি ৰোড, বীৰুবাৰী-জি এম চি ৰোড আৰু পণ্ডিত দীন দয়াল উপাধ্যায় ৰোড (দক্ষিণগাঁও তিনিআলিৰ পৰা লালগণেশলৈ) দুপৰীয়া ২ বজাৰ পৰা নিশা ১২ বজালৈ নিষিদ্ধ থাকিব ।
  • দেওবাৰে দুপৰীয়া ২ বজাৰ পৰা এ কে আজাদ ৰোড (লালগণেশ তিনিআলিৰ পৰা চাইকল ফেক্টৰী তিনিআলিলৈ) সকলো বাহনৰ বাবে চলাচল একমুখীয়া (One Way) হ'ব । লালগণেশ তিনিআলিৰ পৰা চাইকল ফেক্টৰী তিনিআলিৰ ফালে বাহন চলিব পাৰিব, কিন্তু চাইকল ফেক্টৰী তিনিআলিৰ পৰা লালগণেশ তিনিআলিৰ ফালে বাহনৰ চলাচল নিষিদ্ধ থাকিব ।
  • দুপৰীয়া ২ বজাৰ পৰা কেৱল পাছ থকা বাহনসমূহক লালগণেশ তিনিআলিৰ পৰা চাইকল ফেক্টৰী তিনিআলিৰ ফালে যাবলৈ অনুমতি দিয়া হ'ব । পাছ নথকা আৰু লখৰা চাৰিআলিৰ পৰা আৰ্য নগৰৰ ফালে অহা বাহনসমূহক লালগণেশ তিনিআলিত হায়াত হাস্পতাল আৰু পণ্ডিত দীন দয়াল উপাধ্যায় ৰোডৰ ফালে ঘূৰাই দিয়া হ'ব ।
  • কুল বসুমতাৰী ৰোডত (বৰ্ষাপাৰা ৰোড) দুপৰীয়া ২ বজাৰ পৰা কেৱল পাছ থকা বাহনৰ বাবে বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেণপাৰা তিনিআলিলৈ একমুখীয়া হ'ব । ধীৰেণপাৰা তিনিআলিৰ পৰা বৰ্ষাপাৰা তিনিআলিৰ ফালে কোনো বাহন চলাচল কৰিব নোৱাৰিব ।
  • ড্ৰপ-অফ পাছ থকা বাহনসমূহে যাত্ৰীসকলক বৰ্ষাপাৰা তিনিআলিৰ আগতেই বা ধীৰেণপাৰা তিনিআলিত নমাই দি নিৰ্ধাৰিত পাৰ্কিং স্থানত পাৰ্কিং কৰিব লাগিব ।
  • মৰাভৰালু ৰোডত বৰ্ষাপাৰা ষ্টেডিয়াম ফালৰ পৰা বা এফ এ ৰোড ফালৰ পৰা কোনো বাহনৰ চলাচলত অনুমতি নাথাকিব ।
  • ড৹ ভূপেন হাজৰিকা পথত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফালৰ পৰা শ্যাম মন্দিৰলৈকে বাহন চলাচল কৰিব পাৰিব । তাৰ পিছত বনবাসু ৰোড হৈ এ কে দেব ৰোডেৰে গণেশপাৰা তিনিআলিৰ ফালে বাহন ঘূৰাই দিয়া হ'ব । এ চি এ ষ্টেডিয়ামৰ ফালৰ পৰা ড৹ ভূপেন হাজৰিকা পথত কোনো বাহন চলাচল কৰিব নোৱাৰিব ।
  • বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেণপাৰা তিনিআলিলৈ (কুলা বসুমতাৰী ৰোড), চাইকেল ফেক্টৰীৰ পৰা লালগণেশ তিনিআলিলৈ (এ কে আজাদ ৰোড) আৰু আমবাৰী তিনিআলিৰ পৰা চম্পাৱতী হাইস্কুললৈ (এ কে দেব ৰোড) পথৰ দুয়োকাষে কোনো বাহন পাৰ্কিং কৰিব নোৱাৰিব ।
  • এ কে দেৱ ৰোডত চম্পাৱতী হাইস্কুলৰ পৰা গড়চুকলৈ আৰু কনকলতা পথত দক্ষিণগাঁও তিনিআলিৰ পৰা এন ই এফ কলেজৰ ফালে এটা দিশত সমান্তৰাল পাৰ্কিঙৰ অনুমতি থাকিব ।
  • গেট নং ১বিৰ দ্বাৰা এ চি এ ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰা ভি আই পি কাৰ পাছ থকা বাহনসমূহ অনুষ্ঠান শেষ নোহোৱালৈকে বাহিৰলৈ ওলাই আহিব নোৱাৰিব ।
  • অনুষ্ঠান শেষ হোৱাৰ পাছত ষ্টেডিয়ামৰ ভিতৰত পাৰ্ক কৰা বাহনসমূহ ধীৰেণপাৰা তিনিআলি বা বৰ্ষাপাৰা তিনিআলিৰ ফালে যাব পাৰিব । বৰ্ষাপাৰা তিনিআলিৰ পৰা বাহনসমূহ বিৰুবাৰী বা লালগণেশ ফালে যাব পাৰিব আৰু ধীৰেণপাৰা তিনিআলিৰ পৰা গড়চুক বা ফটাশিল আমবাৰীৰ ফালে যাব পাৰিব ।

বাহনৰ পাৰ্কিঙৰ ব্যৱস্থা

এ কে দেব ৰোডেৰে অহা বাহনসমূহৰ বাবে পাৰ্কিং স্থান-

  • দাতালপাৰা খেলপথাৰ
  • চম্পাৱতী খেলপথাৰৰ পৰা গড়চুক চাৰিআলিলৈ এফালে পাৰ্কিং
  • গণেশপাৰা খেলপথাৰ
  • চম্পাৱতী খেলপথাৰ
  • ৰংপথাৰ বিহুতলী
  • জোনাকী স্প'ৰ্টছ ইউনিয়ন ক্লাব (মটৰ চাইকল/চাইকেল)

এ কে আজাদ ৰোডেৰে অহা বাহনসমূহৰ বাবে পাৰ্কিঙৰ স্থান-

  • আছাম প্লেইন ট্ৰাইবছ ডেভেলপমেণ্ট কোঃ লিঃ খেলপথাৰ
  • ৰ'লিং মিল খেলপথাৰ
  • আৰ্য বিদ্যাপীঠ কলেজ খেলপথাৰ
  • লুটুমা খেলপথাৰ (মটৰ চাইকল/চাইকেল)

অৱশ্যে জৰুৰীকালীন সেৱাৰ বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞাসমূহ প্ৰযোজ্য নহ'ব ।

লগতে পঢ়ক :আজি গুৱাহাটীত তৃতীয় টি-২০ত মুখামুখি হ'ব ভাৰত আৰু নিউজীলেণ্ড