ETV Bharat / sports

ভাৰত বনাম নিউজিলেণ্ড : নিউজিলেণ্ডৰ হাতত ৫০ ৰাণত পৰাস্ত ভাৰত

বুধবাৰে বিশাখাপট্টনমত অনুষ্ঠিত হয় এই হাইভল্টেজ মেচখন ।

New Zealand win by 50 runs
নিউজিলেণ্ডৰ হাতত ৫০ ৰাণত পৰাস্ত ভাৰত (IANS)
author img

By ETV Bharat Assamese Team

Published : January 29, 2026 at 12:05 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : বুধবাৰে বিশাখাপট্টনমত অনুষ্ঠিত হয় ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মেচ । বিশাখাপট্টনমত অনুষ্ঠিত পাঁচখন খেলৰ শৃংখলাৰ চতুৰ্থ T20I ত ভাৰতক ৫০ ৰাণত পৰাস্ত কৰে নিউজিলেণ্ডে । নিউজিলেণ্ডে নিৰ্ধাৰণ কৰা ২১৬ ৰাণৰ প্ৰত্যাহ্বানমূলক লক্ষ্যত উপনীত হ’বলৈ সক্ষম নহ’ল ভাৰত ।

ভাৰতে ১৬৫ ৰাণত অল আউট হয়

২১৬ ৰাণৰ বিশাল লক্ষ্যৰ খেদি খেদি ভাৰতে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাইছিল । ভাৰত ৮২/৫ লৈ হ্ৰাস পোৱাৰ পিছত হৰ্ষিত ৰাণাৰ সৈতে ৬৩ ৰাণৰ অংশীদাৰিত্ব কৰি ভাৰতীয় অনুৰাগীৰ বাবে আশাৰ ৰেঙণি দিছিল যদিও দুৰ্ভাগ্যজনক ৰাণ আউটে সেই আশা স্তব্ধ হৈ পৰে ।

ডুবে ৭টা ছয় আৰু তিনিটা বাউণ্ডেৰীৰ সৈতে মাত্ৰ ২৩টা ডেলিভাৰীৰ পৰা ৬৫ ৰাণৰ ব্লিটজক্ৰিগ খেলিছিল । ৰিংকু সিঙে ৩৯ ৰাণ সংগ্ৰহ কৰিছিল যদিও আন কোনো বেটছমেনে ক্ৰীজত থিতাপি লোৱা নাছিল । ফলত ১৮.৪ অভাৰৰ পৰা ১৬৫ ৰাণত অল আউট হয় ভাৰত ।

আনহাতে, শিৱম ডুবে ২৩টা বলত ৬৫ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ৰিংকু সিঙে ৩৯ আৰু সঞ্জু চেমছনে ২৪ ৰাণ সংগ্ৰহ কৰে ।নিউজিলেণ্ডৰ অধিনায়ক মিচেল ছাণ্টনাৰে ৩টা উইকেট দখল কৰাৰ বিপৰীতে জেকব ডাফী আৰু ইছ ছ’ধিয়ে দুটাকৈ উইকেট দখল কৰে । মেট হেনৰী আৰু জেক ফাউলকে এটাকৈ উইকেট দখল কৰে ।

ইয়াৰ পূৰ্বে টছ হেৰুৱাই বেটিং কৰি থকা নিউজিলেণ্ডে ৭ উইকেটত ২১৫ ৰাণ সংগ্ৰহ কৰে । টিম ছেইফাৰ্টে ৬২ আৰু ডেভন কনৱেই ৪৪ ৰাণ সংগ্ৰহ কৰে । কুলদীপ যাদৱ আৰু আৰ্ছদীপ সিঙে দুটাকৈ উইকেট দখল কৰে ।

এই জয়ৰ জৰিয়তে নিউজিলেণ্ডে ১-৩ গ’লত পুনৰ ছিৰিজৰ অগ্ৰগতি লাভ কৰিছে । ৩১ জানুৱাৰীত তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন ।

দুয়োটা দলৰ খেলুৱৈসকল -

ভাৰত : অভিষেক শৰ্মা, সঞ্জু চেমচন (উইকেটকীপাৰ), সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, ৰিংকু সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, যশপ্ৰীত বুমৰাহ, আৰ্ষদীপ সিং আৰু ৰবি বিষ্ণুই ।

নিউজিলেণ্ড : ডেভন কনৱে, টিম ছেইফাৰ্ট (উইকেটকীপাৰ), ৰাচিন ৰবিন্দ্ৰ, গ্লেন ফিলিপছ, ডেৰিল মিচেল, মাৰ্ক চেপমেন, মিচেল ছাণ্টনাৰ (অধিনায়ক), জেক ফ’লকেছ, জেকব ডাফী, ইছ ছ’ধি আৰু মেট হেনৰী ।

লগতে পঢ়ক : দুবাৰৰ বিশ্বকাপ চেম্পিয়ন ৱেষ্ট ইণ্ডিজে ঘোষণা কৰিলে টি-২০ বিশ্বকাপৰ দল

লগতে পঢ়ক : বাংলাদেশৰ স্থানত টি-২০ বিশ্বকাপত স্থান লাভ কৰা স্কটলেণ্ডে ঘোষণা কৰিলে নিজৰ দল