ETV Bharat / sports

আজি গুৱাহাটীত তৃতীয় টি-২০ত মুখামুখি হ'ব ভাৰত আৰু নিউজীলেণ্ড

শৃংখলা দখলৰ বাবে গুৱাহাটীত ভাৰত অৱতীৰ্ণ হ'ব । নিউজীলেণ্ডেও শৃংখলাত জীয়াই থকাৰ প্ৰয়াস চলাব ।

Ind vs NZ 3rd T20
গুৱাহাটীত তৃতীয় টি-২০ত মুখামুখি হ'ব ভাৰত আৰু নিউজীলেণ্ড (IANS)
author img

By ETV Bharat Assamese Team

Published : January 25, 2026 at 8:51 AM IST

2 Min Read
Choose ETV Bharat

মিৰ্জা : আজি গুৱাহাটীত অনুষ্ঠিত হ'ব ভাৰত আৰু নিউজীলেণ্ডৰ মাজত তৃতীয়খন টি-২০ মেচ । ইতিমধ্যে ৫ খনীয়া শৃংখলাৰ ২ খনত জয়ী হৈ ভাৰতে অগ্ৰগতি লাভ কৰি আছে । যাৰ বাবে গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ'বলগীয়া টি-২০ত জয়ী হৈ ট্ৰফী ভাৰতে নিজৰ হাতলৈ আনিবলৈ চেষ্টা কৰিব । ইতিমধ্যে বৰ্ষাপাৰা ষ্টেডিয়াম খেলৰ বাবে সম্পূৰ্ণ সাজু কৰি তোলা হৈছে ।

ইফালে শনিবাৰে নিশা গুৱাহাটীত উপস্থিত হয় ভাৰত আৰু নিউজীলেণ্ডৰ দল । দুয়োটা দলৰ প্ৰশিক্ষক আৰু ষ্টাফ মেম্বাৰসকলো গুৱাহাটীত উপস্থিত হয় । স্পাইজেট বিমানযোগে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় দুয়োটা দল । একেখন বিমানতে ভাৰত আৰু নিউজীলেণ্ড ক্ৰিকেট দল দুটা আহে ।

গুৱাহাটীত উপস্থিত ভাৰত আৰু নিউজীলেণ্ডৰ দল (ETV Bharat Assam)

পছন্দৰ খেলুৱৈগৰাকীক এবাৰ চোৱাৰ হেঁপাহেৰে দিনৰে পৰা বিমানবন্দৰত ভিৰ কৰে ক্ৰিকেট অনুৰাগীসকলে । দুয়োটা দল বিশেষকৈ ভাৰতীয় দলৰ খেলুৱৈসকল বিমানবন্দৰৰ পৰা ওলাই অহাৰ লগে লগে অনুৰাগীসকলে আনন্দতে চিঞৰিবলৈ আৰম্ভ কৰে । ভিৰৰ প্ৰতি লক্ষ্য ৰাখি বিমানবন্দৰত কটকটীয়া নিৰাপত্তা বেষ্টনীও গঢ়ি তোলা হয় । বিমানবন্দৰৰ পৰা দুয়োটা দলে পৃথক পৃথক বাছত ৰেডিচন ব্লু হোটেললৈ ৰাওনা হয় । ইফালে গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে ভাৰতীয় দলৰ প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু অধিনায়ক সূৰ্য কুমাৰ যাদৱে নিশাই বৰ্ষাপাৰা ষ্টেডিয়াম পৰিদৰ্শন কৰে ।

উল্লেখ্য যে যোৱা ২১ জানুৱাৰীত নাগপুৰত ভাৰতে ৪৮ ৰাণত জয়ী হৈছিল । একেদৰে ২৩ জানুৱাৰীত ৰায়পুৰত ভাৰতে ৭ উইকেটত জয়ী হৈ শৃংখলাত অগ্ৰগতি লাভ কৰিছে । এতিয়া ভাৰতৰ লক্ষ্য হ'ব গুৱাহাটীত জয়ী হৈ ট্ৰফী নিশ্চিত কৰা । আনহাতে শৃংখলাত ট্ৰফী লাভৰ আশা জীয়াই ৰাখিবলৈ নিউজীলেণ্ডক এইখন টি-২০ত জয়ী হ'ব লাগিব । অৱশ্যে ভাৰত বৰ্তমান যি স্থিতিত আছে নিউজীলেণ্ডৰ বাবে সহজ নহ'ব !

লগতে পঢ়ক :বাংলাদেশৰ স্থানত টি-২০ বিশ্বকাপত স্থান লাভ এই দলটোৰ