৪ উইকেটত জয়লাভেৰে ১-০ ত শৃংখলাত অগ্ৰগতি ভাৰতৰ
বিৰাট কোহলীয়ে ৯৩ টা বলত খেলে ৯১ ৰাণৰ ইনিংছ ৷

Published : January 11, 2026 at 7:21 PM IST
|Updated : January 11, 2026 at 10:49 PM IST
হায়দৰাবাদ: বডোদৰাৰ কোট্টাম্বি ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ প্ৰথমখনত নিউজীলেণ্ডৰ বিৰুদ্ধে চাৰি উইকেটত জয়লাভ ভাৰতৰ ৷ জয়ৰে ২০২৬ বৰ্ষৰ আৰম্ভণি কৰিছে টীম ইণ্ডিয়াই ৷ বিৰাট কোহলীয়ে নিজৰ দুৰ্দান্ত ফৰ্ম অব্যাহত ৰাখি ৯৩ ৰাণৰ ইনিংছ খেলি ভাৰতক জয়ৰ দিশে আগুৱাই নিয়ে ৷
৩০১ ৰাণৰ লক্ষ্য আগত লৈ ক্ৰিজত নমা ভাৰতে অতি কম সময়তে হেৰুৱাই ৰোহিত শৰ্মাৰ উইকেট ৷ হিটমেনে মাত্ৰ ২৬ ৰাণ সংগ্ৰহ কৰিয়েই আউট হয় ।
A look at #TeamIndia's Playing XI for the 1st ODI 👌👌
— BCCI (@BCCI) January 11, 2026
Updates ▶️ https://t.co/OcIPHEpvjr#INDvNZ | @IDFCFIRSTBank pic.twitter.com/QD3XQXnpTW
অৱশ্যে বিৰাট কোহলী আৰু শুভমন গিলে ১০৭ টা বলত সংযোজন কৰে ১১৮ ৰাণ । গিল ৫৬ ৰাণত আউট হোৱাৰ বিপৰীতে কোহলীয়ে শ্ৰেয়স আয়াৰ(৪৯ ৰাণ)ৰ সৈতে যুটি বান্ধি তৃতীয় উইকেটত গুৰুত্বপূৰ্ণ ৰাণ সংযোজন কৰে । কোহলীয়ে ৯৩ টা বলত ৯১ ৰাণৰ দৰ্শনীয় ইনিংছ খেলি ভাৰতক ২৩৪ ৰাণত উপনীত হোৱাত সহায় কৰে ৷
ভাৰতে লক্ষ্যৰ দিশে দ্ৰুতগতিত আগবাঢ়িছিল যদিও কোহলীৰ উইকেটৰ পতনৰ পিছত সলনি হৈ পৰে খেলখনৰ গতি ৷ ৩ টা উইকেট হেৰুৱাই ২৩৪ ৰাণ সংগ্ৰহ কৰা ভাৰতে অতি কম সময়ৰ ভিতৰতে ৫ টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ২৪২ ৰাণ ৷ হৰ্ষিত ৰাণাৰ ২৯ ৰাণ আৰু কে এল ৰাহুলৰ অপৰাজিত ২৯ ৰাণৰ সহায়ত ভাৰতে ৪ উইকেটত জয়লাভ কৰে ৷
🚨 Toss Update 🚨 #TeamIndia elect to bowl in the 1st ODI in Vadodara
— BCCI (@BCCI) January 11, 2026
Updates ▶️ https://t.co/OcIPHEpvjr#INDvNZ | @IDFCFIRSTBank pic.twitter.com/vR8u8TcbH5
এদিনীয়াত দুয়োটা দলৰ মাজৰ প্ৰদৰ্শন
এই খেলখনৰ পূৰ্বে ভাৰত আৰু নিউজীলেণ্ডে ১২০ বাৰ এদিনীয়া মেচত মুখামুখি হৈছে । ইয়াৰে ৬২ খন মেচত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে নিউজীলেণ্ডে ৫০ খনত জয়লাভ কৰিছে । এখন মেচ ড্ৰ' হৈছিল আৰু ৭খন মেচৰ কোনো ফলাফল ওলোৱা নাছিল ।
আজিৰ খেলখনত টছত ভাৰতীয় অধিনায়ক শুভমন গিলে কয়, "আমি বিভিন্ন পৰিস্থিতিত আমাৰ বাবে কোনটোৱে সৰ্বোত্তম কাম কৰে সেয়া চাবলৈ দলত বিভিন্ন যুটিৰ চেষ্টা কৰিছোঁ । বিশেষকৈ আমি যেতিয়া ভাৰতত খেলো । দেখাত উইকেট ভাল যেন লাগে । মই ভাবো দ্বিতীয় ইনিংছত নতুন বলৰ সৈতে বেটিং কৰাটো অলপ সহজ হ'ব আৰু সেইকাৰণে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছোঁ ।"
Team sheets! 📋✅
— Star Sports (@StarSportsIndia) January 11, 2026
With RoKo & Shreyas returning in the Indian outfit, will Team India begin the series on a high? 👍🏻❤️💪🏻#INDvNZ, 1st ODI LIVE NOW 👉 https://t.co/WbMZTXL0By pic.twitter.com/m1J7Qqs5tr
ইফালে নিউজীলেণ্ডৰ অধিনায়ক মাইকেল ব্ৰেচৱেলে কয়, "আমিও প্ৰথমে বলিং কৰিব বিচাৰিছিলোঁ, কিন্তু প্ৰথমে বেটিং কৰিবলৈ পাই সুখী । আমি বতৰৰ লগত অভ্যস্ত হৈছোঁ আৰু কিছুমান বেছি সময়ৰ নেটৰ অনুশীলন পালোঁ । আমাৰ বাবে এইটো এক বৃহৎ শৃংখলা; আমি প্ৰতিবাৰেই নিউজীলেণ্ডৰ হৈ খেলিলে এক গৌৰৱ অনুভৱ কৰোঁ । আমি ভাৰতত বিশ্বকাপ খেলিবলৈ ওলাইছো, গতিকে এই মেচখন আমাৰ বাবে এক ডাঙৰ সুযোগ । দলটোত নতুন মুখ আছে, কিন্তু অভিজ্ঞতা থকাও আছে ।"
A job well done by the Indian bowlers after New Zealand’s solid start! 👏
— Star Sports (@StarSportsIndia) January 11, 2026
Another RoKo special loading in the run chase? 🤔#INDvNZ, 1st ODI LIVE NOW 👉 https://t.co/WbMZTXL0By pic.twitter.com/0mNvxorIQW
দুয়োটা দলৰ প্লেয়িং-১১
নিউজীলেণ্ডৰ প্লেয়িং ১১ : ডেভন কনৱে, হেনৰী নিকোলছ, উইল ইয়ং, ডেৰিল মিচেল, গ্লেন ফিলিপছ, মিচেল হে (উইকেটকীপাৰ), মাইকেল ব্ৰেচৱেল (অধিনায়ক), জাকাৰী ফ'ল্কছ, ক্রিষ্টিয়ান ক্লাৰ্ক, কাইল জেমিছন, আদিত্য অশোক
ভাৰতৰ প্লেয়িং-১১ : ৰোহিত শৰ্মা, শুভমন গিল (অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, হৰ্ষিত ৰাণা, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ ।
লগতে পঢ়ক: নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ পণ্ট, জুৰেলে পালে সুযোগ

