নেদাৰলেণ্ডক ১৭ ৰাণত পৰাস্ত কৰিলে ভাৰতে; ডুবে আৰু বৰুণৰ উজ্জ্বল প্ৰদৰ্শন
ভাৰতে প্ৰথম বেটিং কৰি শিৱম ডুবে অৰ্ধশতকৰ সহায়ত নেদাৰলেণ্ডক ১৯৪ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ।

Published : February 18, 2026 at 7:40 PM IST
|Updated : February 18, 2026 at 11:40 PM IST
হায়দৰাবাদ : আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত নেদাৰলেণ্ডৰ বিৰুদ্ধে লীগৰ অন্তিমখন মেচত অৱতীৰ্ণ হৈছে ভাৰতীয় দলটো । টছত জয়ী হৈ ভাৰতে প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লৈ ২০ অভাৰত ৬ উইকেট হেৰুৱাই ১৯৩ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ বিপৰীতে নেদাৰলেণ্ডে ৭ উইকেটত ১৭৬ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ভাৰত গ্ৰুপ এৰ শীৰ্ষস্থান দখল কৰি চাৰিখন খেলৰ ভিতৰত চাৰিখন খেলত জয়লাভ কৰে । আনহাতে চাৰিখন খেলৰ তিনিখনত জয়লাভ কৰি ছুপাৰ ৮ত প্ৰৱেশ কৰা দ্বিতীয়টো দল হিচাপে পৰিগণিত হয় পাকিস্তান ।
ভাৰতৰ শীৰ্ষ অৰ্ডাৰে ভাল প্ৰদৰ্শন কৰিবলৈ ব্যৰ্থ হয় । একেৰাহে তৃতীয় ইনিংছত একাউণ্ট খুলিব নোৱাৰিলে অভিষেক শৰ্মাই । শিৱম ডুবেই এক উজ্জ্বল অৰ্ধশতকৰ ইংনিছ খেলে । নেদাৰলেণ্ডৰ হৈ বাছ ডি লিডে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তীয়ে তিনিটা উইকেট দখল কৰে ।
ভাৰতৰ হৈ শিৱম ডুবেই ৩১টা বলত ৪টা চাৰি আৰু ৬টা ছয়ৰ সহায়ত ৬৬ ৰাণ সংগ্ৰহ কৰে । সূৰ্যকুমাৰ যাদৱে ২৮টা বলত ৩৪ ৰাণ সংগ্ৰহ কৰে । তিলক বাৰ্মাই ২৭টা বলত ৩১ ৰাণ সংগ্ৰহ কৰে । হাৰ্দিক পাণ্ডিয়াই ২১টা বলত ৩০ ৰাণ সংগ্ৰহ কৰে । ৭টা বলত ১৮ ৰাণ সংগ্ৰহ কৰে ঈশান কিষাণে । আনহাতে ৬ ৰাণত অপৰাজিত হৈ থাকে ৰিংকু সিং । নেদাৰলেণ্ডৰ হৈ লগাণ ভান বিকে ৩টা, আৰিয়ান দত্তই ২টা, আৰু কাইল ক্লেইনে ১টা উইকেট দখল কৰে ।
ইফালে নেদাৰলেণ্ডৰ হৈ বাছ ডি লিডে ৩৩ ৰাণ, জেক লায়ন-কেচেটে ২৬ ৰাণ, নোয়া ক্ৰ’ছে অপৰাজিত ২৫ ৰাণ , মাইকেল লেভিটে ২৪ আৰু কলিন একাৰমেনে ২৩, মেক্স অ’ডাউডে ২০ ৰাণ সংগ্ৰহ কৰে । স্কট এডৱাৰ্ডে ১৫ ৰাণ, লগান ভ্যান বিকে অপৰাজিত ৪ ৰাণ কৰে । আৰ্য্য দত্তই একাউণ্ট খুলিব নোৱাৰিলে । ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তীয়ে ৩টা আৰু শিৱম ডুবেই ২টা উইকেট দখল কৰে । হাৰ্দিক পাণ্ডিয়া আৰু যশপ্ৰীত বুমৰাহে ১টাকৈ উইকেট দখল কৰে ।
উল্লেখ্য যে, টি-২০ বিশ্বকাপৰ যাত্ৰা সামৰণি পৰিছে নেদাৰলেণ্ডৰ । তেওঁলোকে প্ৰতিযোগিতাখনত একমাত্ৰ নামিবিয়াৰ বিৰুদ্ধে জয়লাভ কৰিছিল ।
ভাৰতীয় দলটোৱে আজি খেলখনৰ বাবে দলটোত দুটা পৰিৱৰ্তন কৰে । কুলদীপ যাদৱৰ ঠাইত পুনৰ দললৈ ঘূৰি আহিছে আৰ্শদীপ সিং । ইফালে অক্ষৰ পেটেলক জিৰণি দিয়া হৈছে আৰু তেওঁৰ ঠাইত ৱাশ্বিংটন সুন্দৰক সুযোগ দিয়া হয় । এয়া সুন্দৰৰ বিশ্বকাপ অভিষেক ।
ভাৰতৰ প্লেইং ১১ : অভিষেক শৰ্মা, ঈশান কিষাণ (উইকেটকীপাৰ), তিলক বাৰ্মা, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, আৰ্শদীপ সিং, যশপ্ৰিত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী ।
নেদাৰলেণ্ডৰ প্লেইং ১১ : মাইকেল লেভিট, মেক্স অ’ডাউড, বাছ ডি লিড, কলিন একাৰমেন, স্কট এডৱাৰ্ডছ (অধিনায়ক আৰু উইকেটকীপাৰ), জেক লায়ন-কেচেট, লগান ভান বিক, নোয়া ক্ৰ’ছ, আৰিয়ান ডাট, ৰ’লফ ভান ডেৰ মেৰৱে, কাইল ক্লেইন ।

