বৰষুণৰ বাবে বাতিল ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথম টি-২০
বৰষুণৰ বাবে খেলখন বাতিল হোৱাৰ পূৰ্বে ভাৰতে প্ৰথমে বেটিং কৰি ৯.৪ অভাৰত ১ উইকেটত ৯৭ ৰাণ সংগ্ৰহ কৰিছিল । দ্বিতীয় টি-২০ মেলবৰ্ণত হ'ব ।

Published : October 29, 2025 at 8:34 PM IST
হায়দৰাবাদ : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ৫ খনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন মেচতে বতৰে দিলে বিধিপথালি । প্ৰতিকূল বতৰৰ বাবে বাতিল কৰিবলগীয়া হয় খেলখন । অৱশ্যে অষ্ট্ৰেলিয়াই টছত জয়লাভ কৰি কেনবেৰাত অনুষ্ঠিত প্ৰথম টি-২০ত ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল । কিন্তু বৰষুণৰ ফলত ৯.৪ অভাৰৰ অন্তত খেলখন বাতিল কৰিবলগীয়া হয় । বৰষুণে বাৰে বাৰে খেলত বাধা দিছিল । বতৰে বিধিপথালি দিয়াৰ পূৰ্বে ভাৰতীয় বেটছমেনসকল শক্তিশালী স্থিতিত আছিল । ৯.৪ অভাৰত ১ উইকেটত ৯৭ ৰাণ সংগ্ৰহ কৰিছিল ভাৰতে ।
ভাৰতীয় অপেনাৰ অভিষেক শৰ্মা আৰু শুভমন গিলে দলটোক এক সন্তোষজনক আৰম্ভণি দিছিল । প্ৰথম উইকেটত ৩৫ ৰাণ সংগ্ৰহ কৰাৰ পাছত অভিষেক ১৯ ৰাণত আউট হয় ।
ইয়াৰ পিছতে সূৰ্যকুমাৰ যাদৱে ইনিংছ আৰম্ভ কৰে । তেওঁৰ চিগনেচাৰ শ্বটেৰে বৃহৎ ছিক্সাৰ কোবাইছিল । খেল বাতিল হোৱাৰ আগলৈ সূৰ্যকুমাৰে ৩৯ ৰাণ আৰু গিলে ৩৭ ৰাণত অপৰাজিত আছিল । শৃংখলাৰ দ্বিতীয়খন মেচ ৩১ অক্টোবৰত মেলবৰ্ণত অনুষ্ঠিত হ'ব ।
The first #AUSvIND T20I has been abandoned due to rain. 🌧️
— BCCI (@BCCI) October 29, 2025
Scorecard ▶️ https://t.co/VE4FvHBCbW#TeamIndia pic.twitter.com/biJYDFe9Ah
এদিনীয়া শৃংখলাত পৰাস্ত হৈ ভাৰতীয় দলটোৱে এই শৃংখলাত শক্তিশালী প্ৰদৰ্শনৰ চিন্তা কৰিছিল । টি-২০ত দুয়োটা দলৰ মুখামুখি অভিলেখৰ ক্ষেত্ৰত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াত আধিপত্য বিস্তাৰ কৰিছে । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত মুঠ ৩২ খন মেচ হৈছে, ভাৰতীয় দলটোৱে ২০খনত জয়লাভ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াই ১১ খনত জয়লাভ কৰিছে । তদুপৰি এখন মেচ ড্ৰ হৈছিল ।
ভাৰতৰ প্লেয়িং একাদশ :
অভিষেক শৰ্মা, শুভমন গিল, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), তিলক বাৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), শিৱম ডুবে, অক্ষৰ পেটেল, হৰ্ষিত ৰাণা, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ ।
অষ্ট্ৰেলিয়াৰ প্লেয়িং একাদশ :
মিচেল মাৰ্শ্ব (অধিনায়ক), ট্ৰেভিছ হেড, জোছ ইংলিছ (উইকেটকীপাৰ), টিম ডেভিদ, মিচেল ওৱেন, মাৰ্কাছ ষ্টোইনিছ, জোছ ফিলিপ, জেভিয়াৰ বাৰ্টলেট, নাথান এলিছ, মেথিউ কুহনেমেন, জোছ হেজলউড ।
লগতে পঢ়ক :বৰষুণৰ বাবে ভাৰত-অষ্ট্ৰেলিয়াৰ ছেমি ফাইনেল মেচখন বাতিল হ’লে কি হ’ব ? কোনটো দলে ফাইনেলত প্ৰৱেশ কৰিব ?

