ETV Bharat / sports

ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয় টি-২০: বুমৰাহৰ সন্মুখত ইতিহাস গঢ়াৰ সুবৰ্ণ সুযোগ

২ টা উইকেট দখল কৰিব পাৰিলেই ইতিহাস ৰচিবলৈ সক্ষম হ'ব যশপ্ৰীত বুমৰাহ ।

Jasprit Bumrah
বুমৰাহৰ সন্মুখত ইতিহাস গঢ়াৰ সুবৰ্ণ সুযোগ (IANS)
author img

By ETV Bharat Assamese Team

Published : November 2, 2025 at 12:39 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ভাৰত আৰু অষ্ট্ৰেলিয়াই দেওবাৰে অৰ্থাৎ আজি হোবাৰ্টত তৃতীয়খন টি-২০ত মুখামুখি হ'ব । ৫ খনীয়া শৃংখলাটোৰ এখন টি-২০ত জয়ী হৈ অষ্ট্ৰেলিয়া আগবাঢ়ি আছে । কিন্তু আজিৰ মেচত জয়ী হৈ শৃংখলাটোত সমতা স্থাপন কৰিবলৈ চেষ্টা কৰিব ভাৰতে । ইফালে ভাৰতৰ পেচাৰ যশপ্ৰীত বুমৰাহৰ বাবে আজিৰ মেচখন হ'ব অতি গুৰুত্বপূৰ্ণ । এই মেচখনত ইতিহাস সৃষ্টি কৰিবলৈ সুযোগ পাব বুমৰাহে ।

হোবাৰ্টত ইতিহাস ৰচিবলৈ সাজু বুমৰাহ

হোবাৰ্টত অনুষ্ঠিত হ'বলগীয়া তৃতীয়খন মেচত বুমৰাহে এক বিশেষ ইতিহাস ৰচিবলৈ সুযোগ পাব । টি-২০ত ১০০ টা উইকেট সম্পূৰ্ণ কৰিবলৈ ৩১ বছৰীয়া বুমৰাহক আৰু মাত্ৰ দুটা উইকেটৰ প্ৰয়োজন । যদি এই মেচত বুমৰাহে দুটা উইকেট দখল কৰে তেনেহ'লে তিনিওটা ফৰ্মেটতে ১০০ উইকেট দখল কৰা প্ৰথমগৰাকী ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হ'ব বুমৰাহ । এই কৃতিত্ব অৰ্জন কৰা বলাৰৰ এক এক্সক্লুছিভ তালিকাত অন্তৰ্ভুক্ত হ'ব যশপ্ৰীত বুমৰাহ । এই বিখ্যাত তালিকাখনত টিম ছাউথী, লাছিথ মালিংগা, ছাকিব আল হাছান আৰু শ্বাহিন শ্বাহ আফ্ৰিদীও আছে, যিয়ে তিনিওটা ফৰ্মেটতে ১০০ উইকেট দখল কৰিবলৈ সক্ষম হৈছে ।

বৰ্তমান বুমৰাহৰ টি-২০ত ৯৮ টা উইকেট, ৫০ খন টেষ্টত ২২৬ টা উইকেট আৰু ৮৯ খন এদিনীয়াত ১৪৯ টা উইকেট আছে । ছাউথীয়ে টেষ্টত ৩৯১ টা, এদিনীয়াত ২২১ টা আৰু টি-২০ত ১৬৪ টা উইকেট দখল কৰাৰ বিপৰীতে মালিংগাই টেষ্টত ১০১ টা, এদিনীয়াত ৩৩৮ টা আৰু টি-২০ত ১০৮ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে ।

তালিকাত থকা বলাৰসকলৰ ভিতৰত ৩৮ বছৰীয়া ছাকিব আল হাছানে টেষ্টত ২৪৬ টা, এদিনীয়াত ৩১৭ টা আৰু টি-২০ত ১৪৯ টা উইকেট দখল কৰিছে । টেষ্টত ১২১ টা, এদিনীয়াত ১৩১ টা আৰু টি-২০ত ১২২ টা উইকেট দখল কৰিছে পাকিস্তানৰ পেচাৰ শ্বাহিন আফ্ৰিদীয়ে ।

টি-২০ত ১০০ টা উইকেট দখল কৰা দ্বিতীয়জন ভাৰতীয় বলাৰ

ইফালে টি-২০ ফৰ্মেটত বুমৰাহৰ পূৰ্বে অৰ্শ্বদ্বীপ সিঙে ১০০ টা উইকেট দখল কৰিছে । অৰ্থাৎ আৰু দুটা উইকেট দখল কৰিব পাৰিলেই বুমৰাহ টি-২০ত ১০০ টা উইকেট দখল কৰা দ্বিতীয়গৰাকী ভাৰতীয় বলাৰ হ'ব । পঞ্জাৱৰ বাওঁহাতৰ পেচাৰ অৰ্শ্বদ্বীপ সিঙে বিগত মাহত টি-২০ত ১০০ টা উইকেট দখল কৰি প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক :আজি ভাৰতৰ সমূখত দক্ষিণ আফ্ৰিকা, এই ছয়গৰাকী ভাৰতীয় খেলুৱৈ চূড়ান্ত যুদ্ধত হ’ব পাৰে ভাৰতৰ মূল শক্তি