ETV Bharat / sports

কেংগাৰু বাহিনীৰ বলাৰে খহালে ভাৰতীয় বেটছমেনৰ দুৰ্গ, অষ্ট্ৰেলিয়াৰ ১-০ ৰ অগ্ৰগতি

মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত স্তব্ধ শুভমন, সূৰ্যকুমাৰ, তিলক বাৰ্মাৰ বেটৰ গতি ।

IND VS AUS 2ND T20I AT MELBOURNE CRICKET GROUND
মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত টচ দুই অধিনায়কৰ (IANS)
author img

By ETV Bharat Assamese Team

Published : October 31, 2025 at 7:16 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা ৫ খনীয়া টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত বিজয়ী হয় ঘৰুৱা দলটো । মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত দ্বিতীয়খন মেচত অষ্ট্ৰেলিয়াই চাৰিটা উইকেটত জয়লাভ কৰে । দলটোৱে ৪০ টা বল বাকী থকা অৱস্থাতেই ভাৰতে বান্ধি দিয়া ১২৬ ৰাণৰ লক্ষ্যত উপনীত হয় । অধিনায়ক মিচেল মাৰ্ছে দলটোৰ হৈ সৰ্বাধিক ৪৬ ৰাণ সংগ্ৰহ কৰে । আনহাতে ট্ৰেভিছ হেডে ২৮ ৰাণ কৰিবলৈ সক্ষম হয় ।

টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত আৰম্ভণিৰে পৰাই বেটিং বিপৰ্যয় হয় আলহী দলটোৰ । অষ্ট্ৰেলিয়াৰ বলাৰসকলৰ নিখুত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি সূৰ্যকুমাৰ বাহিনী মাত্ৰ ১২৫ ৰাণতে অল আউট হয় । একমাত্ৰ ভাৰতীয় অপেনাৰ অভিষেক শৰ্মাই অৰ্ধশতক অৰ্জন কৰি সন্মান ৰক্ষা কৰে ।

উল্লেখ্য় যে টছত বিজয়ী হৈ ভাৰতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । অৱশ্য়ে ভাৰতৰ আৰম্ভণি আশাব্য়ঞ্জক নহ'ল । কেংগাৰু বাহিনীৰ বলিং আক্ৰমণত এটাৰ পিচত আন এটা উইকেট হেৰুৱাই ভাৰতীয় দলটো শলঠেকত পৰে । ভাৰতৰ হৈ অভিষেক শৰ্মাই মাত্ৰ ৩৭টা বলত ৬৮ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । তদুপৰি হৰ্ষিত ৰাণায়ো ৩৫ ৰাণ সংগ্ৰহ কৰে যদিও আন বেটছমেনে বিশেষ বৰঙণি আগবঢ়োৱাত ব্য়ৰ্থ হয় ।

ঘৰুৱা দলটোৰ হৈ জছ হেজলউডে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে জেভিয়াৰ বাৰ্টলেট আৰু নাথান এলিছে দুটাকৈ উইকেট দখল কৰে । হেজলউডৰ আকৰ্ষণীয় স্পেলৰ বাবে 'প্লেয়াৰ অৱ দ্য মেচ' সন্মান লাভ কৰে । আনহাতে ভাৰতীয় দলৰ হৈ যশপ্ৰীত বুমৰাহ, হৰ্ষিত ৰাণা আৰু কুলদীপ যাদৱে দখল কৰে দুটাকৈ উইকেট ।

ভাৰতীয় মূল একাদশ :

অভিষেক শৰ্মা, শুভমন গিল, সূৰ্যকুমাৰ যাদৱ(অধিনায়ক), তিলক বাৰ্মা, সঞ্জু চেমছন(উইকেটকীপাৰ), শিৱম দুবে, অক্ষৰ পেটেল, হৰ্ষিত ৰাণা, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ ।

অষ্ট্ৰেলিয়াৰ মূল একাদশ :

মিচেল মাৰ্শ্ব(অধিনায়ক), ট্ৰেভিছ হেড, জছ ইংলিছ(উইকেটকীপাৰ), টিম ডেভিদ, মিচেল ওৱেন, মাৰ্কাছ ষ্টোইনিছ, জছ ফিলিপ, জেভিয়াৰ বাৰ্টলেট, নাথান এলিছ, মেথিউ কুহনেমেন, জছ হেজলউড ।

লগতে পঢ়ক:অষ্ট্ৰেলিয়াক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত ভাৰত; জেমিমাৰ শতকীয় ইংনিছ

কিয় ক’লা বেজ পিন্ধি খেলপথাৰত নামিল টীম ইণ্ডিয়া !