ETV Bharat / sports

ভাৰত বনাম অষ্ট্ৰেলিয়া: কেনবেৰাত আজি প্ৰথম টি-২০

টি-২০ৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰত শক্তিশালী স্থিতিত আছে । ৩২ খন খেলৰ ২০ খনতে ভাৰতে জয়লাভ কৰিছে ।

IND vs AUS
ভাৰত বনাম অষ্ট্ৰেলিয়া (IANS)
author img

By ETV Bharat Assamese Team

Published : October 29, 2025 at 12:54 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : এদিনীয়া শৃংখলাত পৰাস্ত হোৱাৰ পাছত এতিয়া ভাৰতীয় দলটোৱে টি-২০ শৃংখলাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব । ৫ খনীয়া মেচৰ এই শৃংখলাৰ প্ৰথমখন মেচ ২৯ অক্টোবৰ অৰ্থাৎ আজি কেনবেৰাৰ মানুকা অ'ভেলত অনুষ্ঠিত হ'ব । ভাৰতীয় সময় অনুসৰি মেচখন ১:৪৫ বজাৰ পৰা আৰম্ভ হ'ব ।

এই শৃংখলাত ভাৰতীয় দলটোক দেখা যাব একেবাৰে ব্যতিক্ৰমী ৰূপত । কিয়নো এদিনীয়া খেলৰ অন্তত ৰোহিত আৰু কোহলী ঘৰলৈ উভতিছে । তদুপৰি টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ আৰু বুমৰাহৰ দৰে অভিজ্ঞ বলাৰক শৃংখলাত দেখা যাব । এই ফৰ্মেটত টি-২০ৰ এক নম্বৰ বেটছমেন অভিষেক শৰ্মাকো দেখা যাব ।

টি-২০ত ভাৰত বনাম অষ্ট্ৰেলিয়া

৫ খন মেচৰ এই টি-২০ শৃংখলা অতি ৰোমাঞ্চকৰ হ'বলৈ গৈ আছে । যদি আমি টি-২০ত দুয়োটা দলৰ হেড টু হেড অভিলেখ চাওঁ তেন্তে ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ ওপৰত প্ৰভাৱ দেখা গৈছে । এই পৰ্যন্ত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত মুঠ ৩২ খন মেচ অনুষ্ঠিত হৈছে । ভাৰতে ২০ খন খেলত জয়লাভ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াই ১১ খন খেলত জয়লাভ কৰিছে । তদুপৰি এখন মেচ ড্ৰ' হৈছে ।

ঘৰুৱা খেলপথাৰত

তদুপৰি দুয়োটা দলৰ ঘৰুৱা খেলপথাৰত যদি আমি ফলাফল চাওঁ, তেন্তে ইয়াতো ভাৰতৰ ক্ষমতা বেছি যেন লাগে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘৰুৱা মেচত ভাৰতে ১০ খন খেলত জয়লাভ কৰি ৪ খনত পৰাস্ত হৈছে । আনহাতে ভাৰতৰ বিৰুদ্ধে ঘৰুৱা মেচত অষ্ট্ৰেলিয়াই ৭ খনত জয়ী হৈ ৫ খনত পৰাস্ত হৈছে ।

অন্য স্থানত

ভাৰত আৰু অষ্ট্ৰেলিয়াই অন্য স্থানত টি-২০ত ৫ বাৰকৈ মুখামুখি হৈছে, তাৰ ভিতৰত তিনিখন মেচত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াই দুখন মেচত জয়লাভ কৰিছে ।

ভাৰত বনাম অষ্ট্ৰেলিয়া টি-২০ শৃংখলা সূচী

  • প্ৰথম টি-২০ : ২৯ অক্টোবৰ (কেনবেৰা)
  • দ্বিতীয় টি-২০ : ৩১ অক্টোবৰ (মেলবৰ্ণ)
  • তৃতীয় টি-২০ : ২ নৱেম্বৰ (হোবাৰ্ট)
  • চতুৰ্থ টি-২০ : ৬ নৱেম্বৰ (গোল্ড কোষ্ট)
  • পঞ্চম টি-২০ : ৮ নৱেম্বৰ (ব্ৰিজবেন)

ভাৰতীয় দল : সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গিল (উপ অধিনায়ক), অভিষেক শৰ্মা, তিলক বাৰ্মা, শিৱম ডুবে, নীতিশ কুমাৰ ৰেড্ডী, অক্ষৰ পেটেল, জিতেশ শৰ্মা (উইকেটকীপাৰ), বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, সঞ্জু চেমছন (উইকেটকীপাৰ), ৰিংকু সিং আৰু ৱাশ্বিংটন সুন্দৰ ।

অষ্ট্ৰেলিয়া দল : মিচেল মাৰ্শ্ব (অধিনায়ক), শ্বেন এবট (১-৩ মেচ), মাহলি বিয়াৰ্ডমেন (৩-৫ মেচ), বেন ড্ৱাৰ্শ্বুইছ (৪-৫ মেচ), নাথান এলিছ, জোছ হেজলউড (১-২ মেচ), গ্লেন মেক্সৱেল (৩-৫ মেচ), টিম ডেভিদ, ট্ৰেভিছ হেড, জোছ ইংলিছ (উইকেটকীপাৰ), মেথিউ কুহনেমেন, মিচেল ওৱেন, জোছ ফিলিপ (উইকেটকীপাৰ), মেথিউ শ্বৰ্ট, জেভিয়াৰ বাৰ্টলেট, মাৰ্কাছ ষ্টোইনিছ, এডাম জাম্পা আৰু তনবীৰ ছাংঘা ।

লগতে পঢ়ক :বৰষুণৰ বাবে ভাৰত-অষ্ট্ৰেলিয়াৰ ছেমি ফাইনেল মেচখন বাতিল হ’লে কি হ’ব ? কোনটো দলে ফাইনেলত প্ৰৱেশ কৰিব ?