বৰষুণৰ বাবে ভাৰত-অষ্ট্ৰেলিয়াৰ ছেমি ফাইনেল মেচখন বাতিল হ’লে কি হ’ব ? কোনটো দলে ফাইনেলত প্ৰৱেশ কৰিব ?
যদি বৰষুণৰ বাবে ভাৰত বনাম অষ্ট্ৰেলিয়াৰ ছেমি ফাইনেল খেলখন পৰিত্যাগ কৰা হয়, তেন্তে কোনটো দলে যোগ্যতা অৰ্জন কৰিব ? সম্পূৰ্ণ গণিত শিকি লওক...

Published : October 28, 2025 at 12:07 AM IST
হায়দৰাবাদ : ২৯ অক্টোবৰৰ পৰা চাৰিটা দলৰ মাজত অনুষ্ঠিত হ’ব আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ৰ দুখন ছেমি ফাইনেল মেচ । ৩০ অক্টোবৰত বিয়লি ৩:০০ বজাত নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি হ’ব । ইয়াৰ পূৰ্বে বুধবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমখন ছেমি ফাইনেলত ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব ।
বিশ্বকাপৰ আয়োজক ভাৰতীয় ক্ৰিকেট দলটোৱে লীগৰ অন্তিম দুখন মেচ নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত খেলিছে আৰু বৰষুণে দুয়োখন মেচতে ব্যাঘাত জন্মাইছে । ভাৰত-নিউজীলেণ্ডৰ খেলখনো বৰষুণৰ ফলত বাধাগ্ৰস্ত হৈ পৰিছিল, যিখন খেলত ভাৰতে জয়লাভ কৰিছিল । ইয়াৰ পিছতে বাংলাদেশৰ বিৰুদ্ধে খেলখনো বৰষুণৰ বাবে বাতিল কৰা হয় ।

এতিয়া ভাৰতে একেটা স্থানতে ছেমি ফাইনেল খেলিব আৰু এই গুৰুত্বপূৰ্ণ মেচখনতো বৰষুণৰ ভাবুকি কঢ়িয়াই আনিছে । বৰষুণৰ বাবে ভাৰত-অষ্ট্ৰেলিয়াৰ ছেমি ফাইনেল বাতিল হ’লে কি হ’ব ? কোনটো দলে ফাইনেলত প্ৰৱেশ কৰিব ? আজি আমি ইয়াৰ বিষয়ে আপোনালোকক জনাম ।
বৃহস্পতিবাৰে ছেমি ফাইনেল নহ’লে কি হ’ব ?
বৃহস্পতিবাৰৰ নৱী মুম্বাইৰ বতৰৰ পূৰ্বাভাস অনুসৰি ছেমি ফাইনেলৰ দ্বিতীয়াৰ্ধত বৰষুণৰ সম্ভাৱনা ৫০%তকৈ অধিক । যদিহে ভাৰত বনাম অষ্ট্ৰেলিয়াৰ ছেমি ফাইনেল খেলৰ প্ৰথম দিনটো বৰষুণৰ বাবে পৰিত্যক্ত হৈ পৰে তেন্তে ৰিজাৰ্ভ দিনত খেলা হ’ব । শুকুৰবাৰ (৩১ অক্টোবৰ) এই মেচৰ বাবে সংৰক্ষিত দিন হিচাপে নিৰ্ধাৰণ কৰা হৈছে ।

আই চি চিৰ নিয়ম অনুসৰি বিশ্বকাপত নকআউট মেচৰ বাবে ৰিজাৰ্ভ ডে’ৰ ব্যৱস্থা আছে (৫০ অভাৰৰ মেচ) । এতিয়া যদি ৰিজাৰ্ভ ডে’টোও বৰষুণৰ বাবে পৰিত্যাগ কৰা হয় আৰু ৰিজাৰ্ভ ডে’ত মেচখন খেলা নহয়, তেন্তে কোনটো দলে ফাইনেললৈ আগবাঢ়িব ? জানো আহক ।
যদি ৰিজাৰ্ভ দিনত ছেমি ফাইনেলৰ ফলাফল নিৰ্ণয় নহয় তেন্তে কি হ’ব ?
আই চি চিৰ খেলৰ চৰ্তসমূহৰ ১৩.৬ ধাৰা অনুসৰি ছেমি ফাইনেল আৰু ফাইনেলৰ বাবে এটা ৰিজাৰ্ভ ডে’ নিৰ্ধাৰণ কৰা হ’ব, যাৰ ফলত নিৰ্ধাৰিত দিনৰ বাহিৰতো অসমাপ্ত মেচসমূহ চলি থাকিব পাৰিব । অৱশ্যে ৩১ অক্টোবৰৰ বতৰ বৰ ভাল নহ’ব আৰু শুকুৰবাৰেও মহানগৰীত বৰষুণৰ সম্ভাৱনা আছে ।
আই চি চিৰ নিয়ম অনুসৰি দুয়োটা দলে ৫০ অভাৰৰ খেল এখনৰ ফলাফলৰ বাবে কমেও ২০ অভাৰ খেলিব লাগিব । যদি ২০ অভাৰ খেলিব নোৱাৰে তেন্তে খেল বাতিল কৰা হ’ব । ভাৰত-অষ্ট্ৰেলিয়াৰ খেল বাতিল হ’লে কোনটো দলে ফাইনেললৈ আগবাঢ়িব ? আপোনাৰ মনতো হয়তু এই প্ৰশ্নটো আহিছে, আজি আমি ইয়াৰ উত্তৰ দিম ।

যদিহে এই মেচখন মূল দিনত সম্পূৰ্ণ নহয় আৰু ৰিজাৰ্ভ দিনত বাতিল হয় তেন্তে ভাৰতক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব । কাৰণ অষ্ট্ৰেলিয়া লীগ ৰেংকিঙত টেবুল টপাৰ আছিল আৰু ভাৰতৰ ওপৰত স্থান লাভ কৰিছিল । তদুপৰি ভাৰততকৈ অধিক লীগ মেচত জয়লাভ কৰিছে ।
লীগ পৰ্যায়ত অষ্ট্ৰেলিয়া আৰু ভাৰতৰ প্ৰদৰ্শন
লীগৰ ৭খন খেলৰ ভিতৰত ৬খনত জয়লাভ কৰিছে অষ্ট্ৰেলিয়াই । কলম্বোত শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁলোকৰ দ্বিতীয়খন লীগ মেচ বৰষুণৰ বাবে পৰিত্যক্ত হৈ পৰে । ভাৰতে ৭খন খেলৰ ভিতৰত তিনিখন জয় আৰু তিনিখন খেলত পৰাস্ত হোৱাৰ বিপৰীতে এখন লীগ মেচ পৰিত্যক্ত হৈছে ।
ফাইনেলত স্থান নিশ্চিত কৰিবলৈ ভাৰতে আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ৰ ছেমি ফাইনেলত জয়লাভ কৰিব লাগিব । অৱশ্যে মেচখন পৰিত্যাগ কৰিলেও অষ্ট্ৰেলিয়াই ফাইনেলত প্ৰৱেশ কৰিব । দেওবাৰে (২ নৱেম্বৰ) নৱী মুম্বাইত অনুষ্ঠিত হ’ব এই খেলখন ।

