ভাৰতত টি-২০ বিশ্বকাপত বাংলাদেশৰ অংশগ্ৰহণ; সমাধানসূত্ৰৰ বাবে বাংলাদেশ ভ্ৰমণ কৰিব আই চি চিয়ে
বৰ্তমানলৈকে টি-২০ বিশ্বকাপৰ নিজৰ খেলৰ বাবে বাংলাদেশৰ ভাৰত ভ্ৰমণ অনিশ্চিত হৈ আছে ।

By ANI
Published : January 16, 2026 at 3:28 PM IST
নতুন দিল্লী : বাংলাদেশ ক্ৰিকেটৰ শেহতীয়া পৰিস্থিতিয়ে বিশ্ব ক্ৰিকেটতো প্ৰভাৱ পেলাইছে । বিশেষকৈ টি-২০ বিশ্বকাপৰ পূৰ্বে দেশখনৰ আভ্যন্তৰীণ ক্ৰিকেটত সৃষ্টি হোৱা অচলাৱস্থাৰ বাবে চিন্তিত হৈছে আই চি চিও । যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সৈতে অন্তিম আৰু মুখামুখি বৈঠকৰ বাবে বাংলাদেশ ভ্ৰমণ কৰিব ওলাইছে ।
এই বৈঠকৰ পিছত টি-২০ বিশ্বকাপ, ২০২৬ত দলটোৱে অংশগ্ৰহণৰ সিদ্ধান্ত সন্দৰ্ভত ঘোষণা কৰিব বুলি সূত্ৰই এ এন আইক জনায় । মঙলবাৰে বাংলাদেশ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ মেগা টি-২০ ইভেণ্টত অংশগ্ৰহণৰ বিষয়ে বি চি বি আৰু আই চি চিৰ মাজত অনুষ্ঠিত ভিডিঅ’ কনফাৰেন্স বৈঠকৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
উল্লেখ্য যে বৰ্তমানলৈকে টি-২০ বিশ্বকাপৰ নিজৰ খেলৰ বাবে বাংলাদেশৰ ভাৰত ভ্ৰমণ অনিশ্চিত হৈ আছে । বি চি বিয়ে খেলুৱৈসকলৰ 'নিৰাপত্তা, সুৰক্ষাৰ বিষয়ৰ' কথা মনত ৰাখি আই চি চিক নিজৰ মেচসমূহ ভাৰতৰ বাহিৰলৈ স্থানান্তৰিত কৰিবলৈ অনুৰোধ জনাইছে ।
বাংলাদেশৰ এই অনুৰোধ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বি চি চি আই) কলকাতা নাইট ৰাইডাৰ্ছক (কে কে আৰ) পেচাৰ মুস্তাফিজুৰক তেওঁলোকৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল), ২০২৬ দলৰ পৰা মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়াৰ পিছত আহিছে । উল্লেখ্য যে বাংলাদেশত হিন্দুসকলৰ বিৰুদ্ধে চলি থকা অত্যাচাৰৰ মাজতে বি চি চি আয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে ।
ভিডিঅ’ কনফাৰেন্সৰ বৈঠকত বি চি বিৰ হৈ সভাপতি আমিনুল ইছলাম, উপ-সভাপতি শ্বেখাৱত হোছেইন আৰু ক্ৰিকেট অভিযান সমিতিৰ সঞ্চালক তথা অধ্যক্ষ নাজমুল আবেদিন ফাৰুক আহমেদ আৰু মুখ্য কাৰ্যবাহী বিষয়া নিজাম উদ্দিন চৌধুৰীয়ে অংশগ্ৰহণ কৰে ।
আলোচনাৰ সময়ত বি চি বিয়ে নিৰাপত্তাজনিত চিন্তাৰ বিষয়ে উদ্ধৃতি দি ভাৰত ভ্ৰমণ নকৰাৰ সিদ্ধান্তৰ কথা পুনৰ দৃঢ়তাৰে দোহাৰে । লগতে বাংলাদেশৰ মেচসমূহ ভাৰতৰ বাহিৰলৈ স্থানান্তৰিত কৰাৰ কথা বিবেচনা কৰিবলৈ নিজৰ অনুৰোধো ব’ৰ্ডে আই চি চিৰ ওচৰত পুনৰবাৰ উল্লেখ কৰে । অৱশ্যে আই চি চিয়ে প্ৰতিযোগিতাখনৰ ভ্ৰমণসূচী ইতিমধ্যে ঘোষণা কৰা হৈছে বুলি উল্লেখ কৰি বি চি বিক নিজৰ স্থিতি পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনোৱাৰ বিপৰীতে ব’ৰ্ডৰ স্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে ।
অৱশ্যে ইয়াৰ মাজতে দুয়োটা পক্ষই এই কথাত সন্মতি প্ৰকাশ কৰে যে সম্ভাৱ্য সমাধানৰ সন্ধান অব্যাহত থাকিব । বি চি বিয়ে কয় যে এই বিষয়টোৰ সমাধানৰ বাবে আই চি চিৰ সৈতে গঠনমূলকভাৱে জড়িত হোৱাৰ লগতে নিজৰ খেলুৱৈ, বিষয়া আৰু কৰ্মচাৰীৰ সুৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে ।
উল্লেখ্য যে অহা ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ । ৭ ফেব্ৰুৱাৰীত বাংলাদেশে কলকাতাৰ ইডেন গাৰ্ডেনত দুবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ বিশ্বকাপ, ২০২৬ৰ অভিযান আৰম্ভ কৰাৰ কথা । ৱেষ্ট ইণ্ডিজৰ পিছত ৯ ফেব্ৰুৱাৰীত একেটা স্থানতে বাংলাদেশে ইটালীৰ বিৰুদ্ধে খেলিব । তাৰ পিছত কলকাতাত ২০২২ চনৰ টি-২০ বিশ্বকাপ চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে খেলিব আৰু ১৭ ফেব্ৰুৱাৰীত নেপালৰ বিৰুদ্ধে খেলি গ্ৰুপ পৰ্যায়ৰ অভিযানৰ সামৰণি মাৰিব ।

