ETV Bharat / sports

আইচিচি টি-২০ বেটছমেনৰ ৰেংকিঙৰ শীৰ্ষত ঈশান কিষাণ, টেষ্টত বলাৰৰ ৰেংকিঙৰ শীৰ্ষত বুমৰাহ

অভিষেক শৰ্মাক অতিক্ৰম কৰি ৰেংকিঙৰ শীৰ্ষত উপনীত হৈছে আন এগৰাকী ভাৰতীয় বেটছমেন ঈশান কিষাণ ।

ICC RANKINGS
আইচিচি ৰেংকিঙৰ শীৰ্ষত দুই ভাৰতীয় খেলুৱৈ (BCCI)
author img

By ETV Bharat Assamese Team

Published : July 2, 2026 at 11:33 AM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক: ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০ খেলৰ পূৰ্বে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে টীম ইণ্ডিয়াৰ বিস্ফোৰক বেটছমেন অভিষেক শৰ্মা । এই ছিৰিজৰ পূৰ্বলৈকে তেওঁ টি-২০ ক্ৰিকেটৰ ৰেংকিঙৰ শীৰ্ষ স্থানত আছিল । কিন্তু এতিয়া অভিষেকক অতিক্ৰম কৰি ৰেংকিঙৰ শীৰ্ষত উপনীত হৈছে আন এগৰাকী ভাৰতীয় বেটছমেন ঈশান কিষাণ ।

প্ৰায় এবছৰ ধৰি শীৰ্ষত স্থানত আছিল অভিষেক শৰ্মা । বুধবাৰে প্ৰকাশিত আইচিচিৰ শেহতীয়া ৰেংকিঙত কিষাণে নিজৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ ৰেটিং লাভ কৰে । এতিয়া তেওঁ ৮৭৬ ৰেটিং পইণ্টেৰে এক নম্বৰ স্থান দখল কৰাৰ বিপৰীতে অভিষেক কিষাণৰ পৰা মাত্ৰ ৭ ৰেটিং পইণ্ট পিছ পৰি আছে ।

বিৰাট কোহলী আৰু সূৰ্যকুমাৰ যাদৱৰ দৰে প্ৰবীণ খেলুৱৈৰ অভিজাত তালিকাত যোগদান কৰি কিষাণে এতিয়া টি-২০ ক্ৰিকেটৰ ৰেংকিং তালিকাত শীৰ্ষ স্থান লাভ কৰাৰ লগতে চতুৰ্থজন ভাৰতীয় পুৰুষ বেটছমেনত পৰিণত হৈছে ।

শেহতীয়া টি-২০ ৰেংকিঙত সূৰ্যকুমাৰ যাদৱ অষ্টম স্থানলৈ অৱনমিত হৈছে । বলাৰৰ ৰেংকিঙত বৰুণ চক্ৰৱৰ্তী আৰু যশপ্ৰীত বুমৰাহ ৰেংকিঙত এটাকৈ স্থান পিছুৱাই ক্ৰমে তৃতীয় আৰু ষষ্ঠ স্থানত উপনীত হৈছে । এদিনীয়া ৰেংকিঙত শ্বুবমান গিল পূৰ্বৰ পঞ্চম স্থানৰ পৰা দ্বিতীয় স্থানলৈ উন্নীত হৈছে ।

আইচিচি টি২০ আইৰ শীৰ্ষ ৫ জন বেটছমেন

ঈশান কিষাণ- ৮৭৬ ৰেটিং

অভিষেক শৰ্মা- ৮৬৯ ৰেটিং

ছাহিবজাদা ফাৰহান- ৮৪৮ ৰেটিং

ফিল ছল্ট- ৭৯২ ৰেটিং

পাথুম নিশাংক- ৭৫১ ৰেটিং

আইচিচি টেষ্ট ৰেংকিঙৰ শীৰ্ষত ট্ৰেভিছ হেড

শেহতীয়া আইচিচি ৰেংকিঙত আন এক বৃহৎ পৰিৱৰ্তন দেখা গৈছে । কেৰিয়াৰত প্ৰথমবাৰৰ বাবে টেষ্ট বেটছমেনৰ তালিকাৰ শীৰ্ষ স্থানত উপনীত হৈছে অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেড । ইংলেণ্ডৰ অধিনায়ক হেৰী ব্ৰুকক অতিক্ৰম কৰি তেওঁ এই স্থান লাভ কৰিছে । ব্ৰুক দ্বিতীয় স্থানলৈ অৱনমিত হোৱাৰ বিপৰীতে ৰুটে দুটা স্থান অৱনমিত হৈ তৃতীয় স্থান লাভ কৰিছে ।

আইচিচি টেষ্টৰ শীৰ্ষ ৫ বেটছমেন

ট্ৰেভিছ হেড- ৮৫৩ ৰেটিং

হেৰী ব্ৰুক- ৮৫২ ৰেটিং

জো ৰুট- ৮৪০ ৰেটিং

ষ্টীভ স্মিথ- ৮৩১ ৰেটিং

টেম্বা বেভুমা- ৭৭৫ ৰেটিং

নিউজীলেণ্ডৰ পেচাৰ মেট হেনৰীয়ে দ্বিতীয় স্থানলৈ অৱনমিত হোৱাৰ পাছত ভাৰতৰ প্ৰিমিয়াৰ পেচাৰ যশপ্ৰীত বুমৰাহে টেষ্ট বলিং ৰেংকিঙত পুনৰ এক নম্বৰ স্থান দখল কৰিছে ।

লগতে পঢ়ক: ভাৰত-ইংলেণ্ডৰ প্ৰথনখন টি-২০ মেচ ক'ত উপভোগ কৰিব পাৰিব ? সম্প্ৰচাৰ কোনে কৰিব ?