আইচিচিৰ মাহটোৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈ বঁটাৰ বাবে মনোনীতৰ নাম ঘোষণা
স্কটলেণ্ডৰ অধিনায়ক কেথ্ৰিন ব্ৰাইছ, ভাৰতৰ স্পিনাৰ শ্ৰীচৰণী আৰু ইংলেণ্ডৰ অ’পেনাৰ ডেনি ৱায়াট-হজে এই তালিকাত স্থান লাভ কৰিছে ৷

By ANI
Published : July 13, 2026 at 6:58 PM IST
নতুন দিল্লী: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আইচিচিয়ে প্ৰতি মাহে মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰি আহিছে ৷ শেহতীয়াকৈ জুন মাহৰ এই বঁটাৰ বাবে মনোনীতসকলৰ নাম ঘোষণা কৰা হৈছে । মনোনীত খেলুৱৈসকলৰ ভিতৰত আছে স্কটলেণ্ডৰ অধিনায়ক কেথ্ৰিন ব্ৰাইছ, ভাৰতৰ স্পিনাৰ শ্ৰীচৰণী আৰু ইংলেণ্ডৰ অ’পেনাৰ ডেনি ৱায়াট-হজ । আইচিচিৰ ৱেবছাইটত এই কথা প্ৰকাশ পাইছে ৷
এই তিনিগৰাকী খেলুৱৈয়ে চলিত বৰ্ষৰ আইচিচি মহিলা টি-২০ বিশ্বকাপত নিজৰ দলৰ হৈ লাভ কৰা জয়ৰ লগতে বেটে-বলে উৎকৃষ্ট অৱদান আগবঢ়োৱাৰ বাবে স্বীকৃতি লাভ কৰে ।
খেলুৱৈসকলৰ এক চমু বিৱৰণ
কেথ্ৰিন ব্ৰাইচ (স্কটলেণ্ড)
স্কটলেণ্ডৰ অধিনায়ক কেথ্ৰিন ব্ৰাইচৰ বাবে চলিত মাহটো আশাব্যঞ্জক আছিল ৷ বেট আৰু বল দুয়োটাতে উজলি উঠিছিল খেলুৱৈগৰাকী । টি-২০ৰ ৭খন মেচত গড়ে ২৫.৪২ আৰু ষ্ট্ৰাইক ৰেট ১৪০.১৫ ৰে মুঠ ১৭৮ ৰাণ সংগ্ৰহ কৰিছিল খেলুৱৈগৰাকীয়ে ৷
আনহাতে, বলিঙৰ ক্ষেত্ৰত গড়ে ১৫.৮১ আৰু ইকনমি ৰেট ৭.১০ অনুযায়ী ১১টা উইকেট দখল কৰে । টি-২০ বিশ্বকাপৰ পূৰ্বে বাংলাদেশ আৰু নেদাৰলেণ্ডৰ বিৰুদ্ধে স্কটলেণ্ডৰ তিনি ফৰ্মেটৰ ঘৰুৱা শৃংখলা জয়ত ব্ৰাইচে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।
শ্ৰী চৰণী (ভাৰত)
ভাৰতীয় স্পিনাৰ শ্ৰীচৰণীয়ে চলিত বৰ্ষৰ আইচিচি মহিলা টি-২০ বিশ্বকাপত সৰ্বাধিক উইকেট দখল কৰি আইচিচিৰ মনোনীত খেলুৱৈৰ তালিকাত স্থান লাভ কৰিছে ৷ এই বাওঁহতীয়া স্পিনাৰগৰাকীয়ে টি-২০ৰ ছখন মেচত ১৪টা উইকেট দখল কৰিছিল ৷ তেওঁৰ গড় ১১.০০ আৰু ইকনমি ৰেট আছিল ৬.৬৯ ।
এই প্ৰতিযোগিতাত বলাৰগৰাকীয়ে কেইবাটাও অসাধাৰণ প্ৰদৰ্শন আগবঢ়ায় ৷ তেওঁ পাকিস্তানৰ বিৰুদ্ধে ৩/২১, নেদাৰলেণ্ডৰ বিৰুদ্ধে ৪/১৯, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩/২৪ উইকেট দখল কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰে । অৱশ্যে গ্ৰুপ পৰ্যায়তে ভাৰতৰ অভিযানৰ অন্ত পৰিলেও চৰণীৰ প্ৰদৰ্শন অসাধাৰণ আছিল ৷ দলৰ পাঁচখন গ্ৰুপ মেচত চৰণীয়ে কমেও দুটা উইকেট দখল কৰিছিল ।
ডেনিয়েল ৱায়াট-হজ (ইংলেণ্ড)
ইংলেণ্ডৰ অ’পেনাৰ ডেনি ৱায়াট-হজৰ বাবে চলিত মাহটো বিশেষ মাহ ৷ এই মাহটোত খেলুৱৈগৰাকীয়ে শীৰ্ষ ক্ৰমত বেটিং কৰিছে ৷ আন্তৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ ছখন মেচত মুঠ ২৮৭ ৰাণ সংগ্ৰহ কৰি ক্ৰিকেটাৰগৰাকীয়ে ৭১.৭৫ গড় আৰু ১৫১.৮৫ ষ্ট্ৰাইক ৰেট লাভ কৰে ।
শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টি-২০ বিশ্বকাপৰ মেচত তেওঁ আটাইতকৈ দৰ্শনীয় প্ৰদৰ্শন আগবঢ়ায় ৷ হজে অপৰাজিত ১০৫ ৰাণ সংগ্ৰহৰে ইংলেণ্ডক প্ৰতিযোগিতাখনত সৰ্বোচ্চ স্ক’ৰ ২১৯ ৰাণত উপনীত হোৱাত সহায় কৰে ৷
ৱায়াট-হজে সমগ্ৰ প্ৰতিযোগিতাখনতে উৎকৃষ্ট ফৰ্ম অব্যাহত ৰাখিছিল ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৬৫ ৰাণ আৰু ডিফেণ্ডিং চেম্পিয়ন নিউজীলেণ্ডৰ বিৰুদ্ধে অপৰাজিত ৮৯ ৰাণকে ধৰি একাধিক মেচ বিজয়ী ইনিংছ খেলিছিল ৷
প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে আইচিচি মহিলা টি-২০ বিশ্বকাপত ৩০০ ৰাণৰ সীমা অতিক্ৰম কৰা হজে প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰত পৰিণত হৈছিল ৷ ৩০২ ৰাণত খেলুৱৈগৰাকীয়ে আউট হৈ নিজৰ অভিযান সমাপ্ত কৰে ।

