তেলেংগানা টি-২০ লীগত হায়দৰাবাদৰ খিতাপ দখলৰ আঁৰত থকা নায়কসকল...
তেলেংগানা টি-২০ লীগৰ ফাইনেলত অন্বিতা খাম্মাম এচেছক পৰাস্ত কৰি হায়দৰাবাদ ই-চেম্পিয়নছে খিতাপ দখল কৰে ।

Published : July 13, 2026 at 2:56 PM IST
হায়দৰাবাদ: ব্যক্তিগত খেলত জয় বা পৰাজয় এজন খেলুৱৈৰ ওপৰতে নিৰ্ভৰ কৰে । কিন্তু দলীয় ক্ৰীড়া অৱশ্যে পৃথক; ট্ৰফী জয় কৰিবলৈ হ'লে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন । ঠিক এই ধৰণৰ প্ৰদৰ্শনেই টিজি-২০ৰ উদ্বোধনী ছিজনত হায়দৰাবাদ ই-চেম্পিয়নছৰ তৰফৰ পৰা দেখা গ'ল । খিতাপ দখলৰ আঁৰত দলৰ প্ৰতিজন খেলুৱৈয়ে নিজৰ ভূমিকা ফলপ্ৰসূভাৱে পালন কৰা দেখা গৈছিল ।
সন্মুখৰ পৰা নেতৃত্ব দিছিল অধিনায়কে
অভিৰথ ৰেড্ডীয়ে সম্পূৰ্ণ দায়বদ্ধতাৰে এজন খেলুৱৈৰ লগতে অধিনায়কৰ দায়িত্ব পালন কৰিছিল । তেওঁ দলৰ পৰা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে সতীৰ্থসকলৰ সৈতে নিৰৱচ্ছিন্নভাৱে সমন্বয় ৰক্ষা কৰিছিল । এটা সময়ত অভিৰথে ক্ৰিকেটত বিশেষ সুযোগ নাপাই আমেৰিকালৈ যোৱাৰ কথা ভাবিছিল আৰু এতিয়া তেওঁ হায়দৰাবাদক নেতৃত্ব দি টিজি-২০ৰ খিতাপ দখল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । ৰঞ্জি ট্ৰফীৰ অভিজ্ঞতাৰ ভিত্তিত অভিৰথে দলটোক সক্ষমভাৱে পৰিচালনা কৰিছিল । বিশেষকৈ বলাৰৰ কৌশলগত ব্যৱহাৰৰ বাবে তেওঁ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ।

কেৱল এয়াই নহয় অ'পেনাৰ হিচাপে তেওঁ প্ৰায়ে প্ৰথম বলটোৰ পৰাই বিপক্ষৰ বলাৰসকলৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰা দেখা গৈছিল । যাৰ বাবে প্ৰতিখন খেলতে দলটোৱে এক শক্তিশালী আৰম্ভণি দেখিছিল । ছিজনটোত তেওঁ সৰ্বাধিক ৫৪৯ ৰাণ সংগ্ৰহ কৰিছে । য'ত ৪ টা অৰ্ধশতক আৰু এটা শতক (১০১ নট আউট) অন্তৰ্ভুক্ত আছে । ইয়াৰ দ্বাৰা তেওঁ টিজি-২০ৰ উদ্বোধনী ছিজনত আটাইতকৈ সফল বেটছমেন হিচাপে অ'ৰেঞ্জ কেপৰ সন্মান লাভ কৰিবলৈও সক্ষম হৈছে । ইয়াৰ উপৰিও প্ৰতিযোগিতাখনত সৰ্বাধিক চাৰি (৫৮) আৰু ছিক্সাৰৰো (৩৩) অভিলেখ তেওঁৰ হাততে আছে ।
ছুপাৰ হিটাৰ :
জিলা পৰ্যায়ৰ খেলুৱৈ শাখাৰ অধীনত গণেশ গাড়ুগুৱে হায়দৰাবাদ ই-চেম্পিয়নছ দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । দলটোৰ বিপদৰ সময়ত তেওঁ গুৰুত্বপূৰ্ণ ইনিংছ খেলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । দুটা অৰ্ধশতককে ধৰি মুঠ ২৫১ ৰাণ সংগ্ৰহ কৰি গণেশে ছুপাৰ হিটাৰ হিচাপে সুনাম অৰ্জন কৰিছে ।

বলিঙৰ ক্ষেত্ৰতো তেওঁ পাৰদৰ্শিতা দেখুৱাইছিল । এখন মেচত এটা অভাৰত দুটা উইকেট দখল কৰিছিল আৰু খেলপথাৰত কিছুমান দৰ্শনীয় কেচ ধৰিছিল । প্ৰতিযোগিতাৰ অন্তত গণেশে কয়, "মই পূৰ্বে ঈনাডু ক্ৰিকেট লীগত 'মেন অৱ দ্য টুৰ্ণামেণ্ট' বঁটা লাভ কৰিছিলোঁ । এতিয়া এই চেম্পিয়নছ দলৰ হৈ খেলিবলৈ পাই মই অতি আনন্দিত ।"

বলিঙত নেতৃত্ব অজয়ৰ
অধিনায়কৰ পিছতে অজয় দেৱ গৌড়ে চেম্পিয়নছ দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ছিজনটোত সৰ্বাধিত ২১ টা উইকেটৰে আটাইতকৈ সফল বলাৰ হিচাপে পাৰ্পল কেপৰ সন্মান লাভ কৰিছে । তেওঁ প্ৰতিখন মেচতে ধাৰাবাহিকভাৱে উইকেট দখল কৰিছিল আৰু বিপক্ষ দলক আঘাত দিছিল । তেওঁৰ আৰু দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী বেধ ৰেড্ডী (১৫ উইকেট, খাম্মাম এচেছ)ৰ মাজৰ ব্যৱধানে অজয়ৰ প্ৰভাৱশালী প্ৰদৰ্শনৰ ইংগিত দিছে । উল্লেখ্য যে অজয়ৰ পিতৃ তেওঁৰ মুখ্য প্ৰশিক্ষক; তেওঁ অজয়ক শৈশৱৰ পৰাই ভাৰতীয় ১৯ বছৰ অনূৰ্ধ্ব দলৰ বাবে নিৰ্বাচিত হোৱালৈকে খেলৰ প্ৰতিটো দিশ শিকাইছিল ।
স্পিনৰ যাদু
প্রণৱ বার্মা (১২ উইকেট) আৰু শ্বানমুখ অশ্বিন (১০ উইকেট)ৰ স্পিন যুটিয়ে প্রতিযোগিতাখনত এক সুকীয়া স্থান দখল কৰিছিল । পাৱাৰপ্লেৰ সময়ত তেওঁলোকে কঠিন আৰু অনুশাসিত বলিঙেৰে বিপক্ষৰ বেটছমেনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল আৰু গুৰুত্বপূৰ্ণ উইকেটো দখল কৰিছিল । দুয়োজনেই কম ৰাণ দিছিল সুযোগ পালেই বেটিঙৰ দ্বাৰাও দলক সহায় কৰিছিল ।
অলৰাউণ্ডাৰ অজয় বৈষ্ণৱ :
প্ৰতিযোগিতাখনৰ আৰম্ভণিতে অজয় বৈষ্ণৱ ৰেড্ডীয়ে প্লেয়িং একাদশত সুযোগ পোৱা নাছিল যদিও পিছলৈ পোৱা সুযোগৰ সৰ্বোত্তম ব্যৱহাৰ কৰিলে । লক্ষণীয়ভাৱে ৬ টা ইনিংছত ১৯৫ ৰাণ সংগ্ৰহ কৰি প্ৰতিটো ইনিংছতে অপৰাজিত হৈ থাকে । ভাৰতীয় ১৯ বছৰ অনূৰ্ধ্ব দলৰ বাবে নিৰ্বাচিত হোৱা অলৰাউণ্ডাৰ যশবীৰ গৌড়েও (৫ উইকেট, ৪২ ৰাণ) দৰ্শনীয় প্ৰদৰ্শন আগবঢ়ায় । আন এগৰাকী জিলা পৰ্যায়ৰ খেলুৱৈ অখিল ৰাথোড়ে (৮ উইকেট) ধাৰাবাহিকভাৱে উইকেট দখল কৰিছিল । ৪ খন মেচত ৫ টা উইকেট দখল কৰা পেচাৰ শ্ৰীনিকেথে আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থাকিবলগীয়া হয় ।

দলৰ অন্যতম শক্তি বিকাশ ৰেড্ডী
অধিনায়ক অভিৰথৰ সহযোগী অ'পেনাৰ সাই বিকাশ ৰেড্ডীয়ে (২৯৬ ৰাণ) ধাৰাবাহিকভাৱে সফল নহ'লেও তেওঁৰ সন্মুখত বিপক্ষৰ বলাৰসকলে প্ৰায়ে সংগ্ৰাম কৰিবলগীয়া হৈছিল । লীগ পৰ্যায়ত তেওঁ এটা গুৰুত্বপূৰ্ণ ইনিংছ (৯৩) খেলিছিল আৰু তাৰ পিছত কোৱালিফায়াৰ ১ত বিস্ফোৰক ২৭ বলত ৬৯ ৰাণৰ ইনিংছ খেলিছিল ।
এয়া মাত্ৰ উদাহৰণহে । তেলেংগানা টি-২০ লীগত খিতাপ দখলৰ আঁৰত হায়দৰাবাদ দলৰ প্ৰতিগৰাকী খেলুৱৈ, সহযোগী কৰ্মচাৰী, প্ৰশিক্ষক, মেনেজমেণ্ট সকলোৰে খেলপথাৰৰ ভিতৰত বা বাহিৰত অৱদান প্ৰশংসনীয় ।
লগতে পঢ়ক :

