ETV Bharat / sports

বিনামূলীয়াকৈ ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেল কেনেকৈ আৰু ক'ত চাব ?

ফুটবল অনুৰাগীৰ বাবে সুখবৰ । ফিফা বিশ্বকাপ ২০২৬ৰ কোৱাৰ্টাৰ ফাইনেল আৰু তাৰ পৰৱৰ্তী মেচসমূহ ভাৰতীয় দৰ্শকে বিনামূলীয়াকৈ চাব পাৰিব ।

FIFA 2026
ফিফা বিশ্বকাপ ট্ৰফী (AFP)
author img

By ETV Bharat Assamese Team

Published : July 9, 2026 at 2:05 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : বৰ্তমান সমগ্ৰ বিশ্ব ফুটবল জ্বৰত আক্ৰান্ত । ভাৰততো ইয়াৰ উত্তেজনা কম নহয় । দোভাগ নিশা টোপনি ক্ষতি কৰি বা পুৱতি নিশা চকু মোহাৰি মোহাৰি লাখ লাখ ফুটবল অনুৰাগীয়ে টেলিভিছনৰ পৰ্দাত বা মোবাইল স্ক্ৰীণত বিশ্বকাপৰ দুভৰিৰ ৰণ উপভোগ কৰি আহিছে ।

আনহাতে, চলিত ফিফা বিশ্বকাপ চূড়ান্ত নকআউট ৰাউণ্ডত উপনীত হোৱাৰ লগে লগে ইয়াৰ উত্তেজনা আৰু ৰোমাঞ্চ অধিক তীব্ৰতৰ হৈ পৰিছে । ৯ জুলাইৰ পৰা আৰম্ভ হ'ব বিশ্বকাপ ফুটবলৰ কোৱাৰ্টাৰ ফাইনেল মেচ । তাৰ বাবে এতিয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ফুটবল অনুৰাগীয়ে ।

১১ জুনত আৰম্ভ হোৱা ফিফা বিশ্বকাপ ২০২৬ বৰ্তমান অন্তিম পৰ্যায়ত উপনীত হৈছে । ইতিমধ্যে আঠটা দলে কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে । প্ৰতিযোগিতাখনত আৰ্জেণ্টিনা, ফ্ৰান্স আৰু স্পেইনৰ দৰে হেভিৱেট দল অন্তিম ৮ত আছে । আনহাতে, মৰক্কো আৰু নৰৱেৰ দৰে উজ্জীৱিত খেল প্ৰদৰ্শন কৰা দলো কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হৈছে । এই দল দুটাই নিজৰ প্ৰথমটো সপোনৰ পদক বিজয়ৰ লক্ষ্যৰে অগ্ৰসৰ লৈছে ।

কিন্তু ৰেফাৰীৰ কিছু সিদ্ধান্তৰ বাবে ৰাউণ্ড অব ১৬ৰ অন্তিম দিনটো বিতৰ্কিত হৈ পৰে । এক কথাত ক'বলৈ হ'লে বিশ্বকাপৰ ক'লা দিন হিচাপে অভিহিত হৈছে । এটা সময়ত আৰ্জেণ্টিনা ২-০ গ’লত পিছপৰি থাকিও দ্বিতীয়াৰ্ধৰ অন্তিম কেইমিনিটমানত প্ৰত্যাৱৰ্তন কৰি জয়ী হৈ ওলাই আহে ।

ফিফা বিশ্বকাপ ২০২৬ৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হোৱা দলসমূহ

  1. মৰক্কো (কানাডাক ৩-০ গ’লত পৰাস্ত)
  2. ফ্ৰান্স (পাৰাগুৱেক ১-০ গ’লত পৰাস্ত)
  3. নৰৱে (ব্ৰাজিলক ২-১ গ’লত পৰাস্ত)
  4. ইংলেণ্ড (মেক্সিকোক ৩-২ গ’লত পৰাস্ত)
  5. স্পেইন (পৰ্তুগালক ১-০ গ’লত পৰাস্ত)
  6. বেলজিয়াম (আমেৰিকাক ৪-১ গ’লত পৰাস্ত)
  7. আৰ্জেণ্টিনা (ইজিপ্তক ৩-২ গ’লত পৰাস্ত)
  8. ছুইজাৰলেণ্ড (পেনাল্টিত কলম্বিয়াক ৪-৩ গ’লত পৰাস্ত)

কোৱাৰ্টাৰ ফাইনেলৰ সময়সূচী (ভাৰতীয় সময় মতে)

  • ফ্ৰান্স বনাম মৰক্কো (১০ জুলাই, নিশা ১.৩০ বজাত)
  • স্পেইন বনাম বেলজিয়াম (১১ জুলাই, নিশা ১২.৩০ বজাত)
  • নৰৱে বনাম ইংলেণ্ড (১২ জুলাই, পুৱতি নিশা ২.৩০ বজাত)
  • আৰ্জেণ্টিনা বনাম ছুইজাৰলেণ্ড (১২ জুলাই, পুৱা ৬.৩০ বজাত)

ভাৰতত কেনেকৈ আৰু ক’ত বিনামূলীয়াকৈ ফিফা বিশ্বকাপৰ খেল চাব পাৰিব ?

দূৰদৰ্শনৰ স্প’ৰ্টছ চেনেলে কোৱাৰ্টাৰ ফাইনেল আৰু তাৰ পৰৱৰ্তী মেচসমূহ সম্প্ৰচাৰ কৰিব । ভাৰতীয় সময় মতে ১০ জুলাইৰ পৰা ১২ জুলাইলৈ কোৱাৰ্টাৰ ফাইনেল মেচসমূহ অনুষ্ঠিত হ'ব । ১০ জুলাইত প্ৰথম কোৱাৰ্টাৰ ফাইনেল (ফ্ৰান্স বনাম মৰক্কো) অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় কোৱাৰ্টাৰ ফাইনেল (স্পেইন বনাম বেলজিয়াম) ১১ জুলাইত অনুষ্ঠিত হ’ব ।

ছাবস্ক্ৰিপচন লৈ ফিফা বিশ্বকাপৰ মেচ ক'ত চাব পাৰিব

ZEE5 হৈছে বিশ্বকাপৰ মেচসমূহৰ লাইভ ষ্ট্ৰীমিং প্ৰদান কৰা প্লেটফৰ্ম । ডিজিটেল ষ্ট্ৰীমিঙৰ জৰিয়তে মেচ উপভোগ কৰিব বিচৰা দৰ্শকে ZEE5 খুলিব কৰিব পাৰে । লগতে, Unite8 Sports নেটৱৰ্কে বিশ্বকাপৰ মেচসমূহ সম্প্ৰচাৰ কৰিছে । সেয়েহে টেলিভিছনৰ দৰ্শকে চেনেলটোত উপভোগ কৰিব পাৰে ।

লগতে পঢ়ক :ফিফা বিশ্বকাপৰ ক'লা দিন: আৰ্জেণ্টিনাৰ বিৰুদ্ধে বিতৰ্কিত পৰাজয়ৰ পিছত ফিফাত অভিযোগ ইজিপ্তৰ
লগতে পঢ়ক :ফিফা বিশ্বকাপ কোৱাৰ্টাৰ ফাইনেল: আপোনাৰ প্ৰিয় দলটোৰ খেল কোনদিনা কেতিয়া উপভোগ কৰিব পাৰিব ?