কোহিমাত আৰম্ভ হৰ্ণবিল ই-স্প’ৰ্টছ ফেষ্টিভেল ২০২৫
সোমবাৰৰ পৰা আৰম্ভ হৰ্ণবিল ইস্প’ৰ্টছ ফেষ্টিভেল ২০২৫ ।

By PTI
Published : December 8, 2025 at 8:54 PM IST
কহিমা (নাগালেণ্ড) : নাগালেণ্ডৰ প্ৰিমিয়াৰ প্ৰতিযোগিতামূলক গেমিং শ্ব’কেছৰ দ্বিতীয় সংস্কৰণ হৰ্ণবিল ইস্প’ৰ্টছ ফেষ্টিভেল ২০২৫ত ই-চেছ বা ই দবাখলেকে (E-chess) ধৰি তিনিটা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।
সোমবাৰৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত যুৱ সম্পদ আৰু ক্ৰীড়া বিভাগৰ সহযোগত নাগালেণ্ডৰ ই-স্প’ৰ্টছ এছ’চিয়েশ্যনৰ (Esports Association of Nagaland চমুকৈ ESAN) সহযোগত আয়োজন কৰা হৈছে ।
উদ্বোধনী অধিৱেশনত ভাষণ দি নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ উপদেষ্টা তথা ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনৰ (Athletics Federation of India চমুকৈ AFI) উপ-সভাপতি আবু মেথাই কয় যে ই-স্প’ৰ্টছ হৈছে আধুনিক যুগৰ ধাৰা আৰু কোটি কোটি টকাৰ উদ্যোগ যিটোক আওকাণ কৰিব নোৱাৰি ।
তেওঁ আৰু কয় যে নাগালেণ্ডে নিজৰ যুৱক-যুৱতীসকলে এই দ্ৰুতগতিত বৃদ্ধি পোৱা খণ্ডটোত সুযোগ হেৰুৱাব নিবিচাৰে ।
মেথাই বহু কোটি টকীয়া পুৰস্কাৰ পুল প্ৰদান কৰা আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ উদাহৰণ উল্লেখ কৰি আলোকপাত কৰে যে শেহতীয়াকৈ খেলো ইণ্ডিয়া ই-স্প’ৰ্টছ চেম্পিয়নশ্বিপত এজন নগা খেলুৱৈয়ে ফুটবল ছেগমেণ্টত জয়লাভ কৰিছে -- যিটো ৰাজ্যখনৰ উদীয়মান প্ৰতিভাৰ প্ৰমাণ ।
তেওঁ কয় যে ই-স্প’ৰ্টছ কেৱল মনোৰঞ্জন নহয়, বৰঞ্চ ই এক প্ৰকৃত কেৰিয়াৰ পথো, য’ত খেলুৱৈ, সৃষ্টিকৰ্তা আৰু বিকাশকসকলে বিশ্বজুৰি বহনক্ষম জীৱিকা বিচাৰি পায় ।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাউণ্ডৰ জৰিয়তে যোগ্যতা অৰ্জন কৰা ৩০০ৰো অধিক অংশগ্ৰহণকাৰীক আদৰণি জনাই মেথাই কয় যে নাগালেণ্ডত উপস্থিত হোৱা প্ৰতিজন প্ৰতিযোগীয়ে হ'ল “ইতিমধ্যে একোজন চেম্পিয়ন” । আন্তঃগাঁথনিগত প্ৰত্যাহ্বানসমূহৰ কথা উল্লেখ কৰি তেওঁ কয় নাগালেণ্ডে সকলো সুবিধা উন্নত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।
তেওঁ লগতে দৰ্শনাৰ্থীসকলক নিজৰ মতামত ভাগ-বতৰা কৰিবলৈ আৰু নাগালেণ্ডৰ ইতিবাচক কাহিনীসমূহ নিজৰ লগত ঘৰলৈ লৈ যাবলৈ আহ্বান জনায় । তেওঁ কয়, "নাগালেণ্ড ই-স্প'ৰ্টছৰ কেন্দ্ৰ হ'ব লাগিব—কেৱল ৰাষ্ট্ৰীয় পৰ্যায়ত নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অনাগত বছৰবোৰত ।"
এই চেম্পিয়নশ্বিপত তিনিটা খিতাপ আছে : বেটলগ্ৰাউণ্ডছ ম’বাইল ইণ্ডিয়া, মোবা লিজেণ্ডছ ৫v৫ আৰু ই-ফুটবল, এফ চি ২৫ আৰু ই-চেছ বা ই-দবা ।
নাগালেণ্ডৰ এটা, মণিপুৰৰ চাৰিটা, অসমৰ ৭টা, বিহাৰৰ এটা, মিজোৰামৰ এটা আৰু পশ্চিম বংগৰ দুটাকে ধৰি BGMI ৰ ১৬টা যোগ্যতাসম্পন্ন দল আছে । ৪,৫০,০০০ টকাৰ প্ৰাইজ পুলৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব ।
Moba Legends 5v5 ৰ নতুন সংযোজন । ইয়াত নাগালেণ্ডৰ দুটা, অৰুণাচল প্ৰদেশ, পশ্চিমবংগ, মণিপুৰ আৰু কেৰালাৰ এটাকৈ আৰু অসমৰ দুটাকৈ দল আছে । ইয়াৰ প্ৰাইজ পুল ৩,০০,০০০ টকা আৰু ডাইমণ্ডছৰ মূল্য ১,০০,০০০ টকা ।
ই-চেছ বা ই-দবাত ১১ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব । ইয়াৰ পুৰস্কাৰ পুল ৭৫ হাজাৰ টকা । ১৪ জন খেলুৱৈৰ সৈতে ই-ফুটবলৰ প্ৰাইজ পুল ১,০০,০০০ টকা আৰু ৬০ জন পঞ্জীয়নভুক্ত খেলুৱৈ থকা এফ চি ২৫ ৰ প্ৰাইজ পুল ৭৫,০০০ টকা ।
উল্লেখ্য যে, মঙলবাৰে এই চেম্পিয়নশ্বিপৰ সামৰণি পৰিব ।

