টি-২০ বিশ্বকাপৰ পৰা ফিফা বিশ্বকাপ; ২০২৬ বৰ্ষত কি কি মেগা ক্ৰীড়া ইভেণ্ট আছে
২০২৫ বৰ্ষৰ দৰে ২০২৬ বৰ্ষতো কেইবাটাও ডাঙৰ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।

Published : January 2, 2026 at 1:30 PM IST
হায়দৰাবাদ : ২০২৫ বৰ্ষটো আছিল ক্ৰীড়া জগতৰ বাবে এক স্মৰণীয় বৰ্ষ । কেইবাটাও দলে এই বৰ্ষটোত খিতাপ জয় কৰি ইতিহাস ৰচে । ২০২৫ বৰ্ষৰ আৰম্ভণিতে ভাৰতীয়ে ক্ৰিকেট দলে চেম্পিয়নছ ট্ৰফীত জয়লাভ কৰে । আনহাতে, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰে । বছটোৰ শেষৰ ফালে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে আই চি চি এদিনীয়া বিশ্বকাপত জয়লাভ কৰি ইতিহাস ৰচনা কৰে ।
কিন্তু ২০২৬ বৰ্ষটোতো কেইবাটাও ডাঙৰ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । ইয়াৰ ভিতৰত সকলোতকৈ উল্লেখযোগ্য হৈছে ক্ৰিকেটত টি-২০ বিশ্বকাপ আৰু ফুটবলত ফিফা বিশ্বকাপ । ২০২৬ বৰ্ষটোত অনুষ্ঠিত হ'বলগা মুখ্য ক্ৰীড়া প্ৰতিযোগিতাসমূহৰ ওপৰত এক আলোকপাত ।
The schedule for ICC Men’s @T20WorldCup 2026 is here! 📅
— ICC (@ICC) November 25, 2025
The matches and groups were unveiled at a gala event in Mumbai led by ICC Chairman @JayShah, and with new tournament ambassador @ImRo45 and Indian team captains @surya_14kumar and Harmanpreet Kaur in attendance.
✍️:… pic.twitter.com/fsjESpJPlE
আই চি চি ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপ
২০২৬ চনৰ আৰম্ভণি আই চি চি ১৯ বছৰ অনূৰ্ধ্ব পুৰুষ বিশ্বকাপেৰে হ'ব । এই টুৰ্ণামেণ্টত মুঠ ১৬টা দলে অংশগ্ৰহণ কৰিব । এই টুৰ্ণামেণ্ট ১৫ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ জিম্বাব'ৱে আৰু নামিবিয়াত অনুষ্ঠিত হ'ব ।
আই চি চি টি-২০ বিশ্বকাপ
আই চি চি টি-২০ বিশ্বকাপ, ২০২৬ অহা ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈকে অনুষ্ঠিত হ'ব । এই টুৰ্ণামেণ্টৰ আয়োজক হৈছে ভাৰত আৰু শ্ৰীলংকা । এইবাৰৰ টি-২০ বিশ্বকাপত প্ৰথমবাৰৰ বাবে ২০টা গলে অংশগ্ৰহণ কৰিব । দলকেইটাক চাৰিটা গ্ৰুপত ভাগ কৰা হৈছে ।
👀 #FIFAWorldCup 26 will kick off on 11 June 2026!#WeAre26 pic.twitter.com/BbJ4qMj7zy
— FIFA World Cup (@FIFAWorldCup) February 4, 2024
ফিফা বিশ্বকাপ ২০২৬
ফুটবলৰ আটাইতকৈ ডাঙৰ টুৰ্ণামেণ্ট ফিফা বিশ্বকাপো ২০২৬ বৰ্ষতে অনুষ্ঠিত হ'ব । ১১ জুনৰ পৰা ২৯ জুলাইলৈকে অনুষ্ঠিত হ'বলগা এইবাৰৰ ফিপা বিশ্বকাপৰ আয়োজক হৈছে আমেৰিকা, কানাডা আৰু মেক্সিকো । প্ৰতিযোগিতাত মুঠ ৪৮টা দলে অংশগ্ৰহণ কৰিব।
পুৰুষ হকী বিশ্বকাপ
ষষ্ঠদশ পুৰুষ হকী বিশ্বকাপো এই বছৰে অনুষ্ঠিত হ'ব । এই প্ৰতিযোগিতা ১৪ আগষ্টৰ পৰা ৩০ আগষ্টলৈ বেলজিয়াম আৰু নেদাৰলেণ্ডত অনুষ্ঠিত হ'ব । প্ৰতি চাৰি বছৰৰ মূৰত অনুষ্ঠিত হোৱা এই বিশ্বকাপ আন্তৰাষ্ট্ৰীয় হকী ফেডাৰেচনে আয়োজন কৰে ।
আই পি এল
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল ২০২৬ৰ তাৰিখ অৱশ্যে এতিয়ালৈকে ঘোষণা হোৱা নাই যদিও পূৰ্বৰ দৰে এই টুৰ্ণামেণ্ট মাৰ্চ মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । বিশ্বৰ সৰ্ববৃহৎ এই ক্ৰিকেট লীগত ১০টা ফ্ৰেন্সাইজীয়ে ইতিমধ্যে তেওঁলোকৰ দল গঠন কৰিছে ।
শীতকালীন অলিম্পিক
এই বছৰ ৬ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ ইটালীৰ মিলান আৰু ক'ৰ্টিনাত শীতকালীন অলিম্পিক গেমছ অনুষ্ঠিত হ'ব ।
উইম্বলডন )টেনিছ)
উইম্বলডন হৈছে টেনিছৰ এক বিশ্বজনীন টুৰ্ণামেণ্ট । বিশ্বৰ তাৰকা টেনিছ খেলুৱৈসকলে এই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰে । উইম্বলডনৰ আয়োজন ইংলেণ্ডে কৰিব । এই টুৰ্ণামেণ্ট ২৯ জুনৰ পৰা ১২ জুলাইললৈকে অনুষ্ঠিত হ'ব ।
অষ্ট্ৰেলিয়ান অপেন (টেনিছ)
অষ্ট্ৰেলিয়ান অপেন টেনিছ টুৰ্ণামেণ্ট জানুৱাৰী মাহত অনুষ্ঠিত হ'ব । এই টুৰ্ণামেণ্ট অষ্ট্ৰেলিয়াৰ মেলবোৰ্ণত অনুষ্ঠিত হ'ব ।
ইউ ই এফ এ চেম্পিয়নছ লীগ ফাইনেল
ফুটবলৰ ইউ ই এফ এ চেম্পিয়নছ লীগৰ ফাইনেল ৩০ মে'ত অনুষ্ঠিত হ'ব । এই মেচখন হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত হ'ব ।
আই চি চি মহিলা টি-২০ বিশ্বকাপ
জুন-জুলাই মাহত অনুষ্ঠিত হ'ব আই চি চি মহিলা টি-২০ বিশ্বকাপ । এইবাৰ টি-২০ বিশ্বকাপৰ আয়োজক হৈছে ইংলেণ্ড ।
শীতকালীন পেৰা অলিম্পিক
শীতকালীন পেৰা অলিম্পিক ৬ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ ইটালীৰ মিলানত অনুষ্ঠিত হ'ব ।

