গুগলত আৰ্লিং হালাণ্ডক ছাৰ্চ কৰক আৰু মজা লওক...
শনিবাৰে ইংলেণ্ড-নৰৱেৰ কোৱাৰ্টাৰ ফাইনেলৰ পূৰ্বে নৰৱেৰ ফুটবলাৰ আৰ্লিং হালাণ্ডৰ অনুৰাগীৰ বাবে গুগলে এক বিশেষ এনিমেচন নিৰ্মাণ কৰি উলিয়াইছে ।

Published : July 11, 2026 at 1:55 PM IST
হায়দৰাবাদ: আৰ্লিং হালাণ্ড । জনপ্ৰিয়তা আৰু উজ্জীৱিত খেল প্ৰদৰ্শনৰ ক্ষেত্ৰত এইবাৰ বিশ্বকাপত মেছি, এমবাপে, ৰোনাল্ডো, কেনৰ সমানে খোজ মিলাই আগবাঢ়িছে । অৱশ্যে ৰোনাল্ডোৰ আগতীয়া প্ৰস্থানৰ পিছত এতিয়া ফুটবল বিশ্বৰ দৃষ্টি তিনি তাৰকা ক্ৰমে কিলিয়ান এমবাপে, লিঅ'নেল মেছি আৰু আৰ্লিং হালাণ্ডৰ ওপৰত ।
অৱশ্যে এই দৌৰত ইংলেণ্ডৰ অধিনায়ক হেৰী কেনো আছে । কিন্তু গতিশীল খেল আৰু গ'ল উদযাপনৰ ব্যতিক্ৰমী শৈলীৰ বাবে নিশাৰ ভিতৰতে হালাণ্ডৰ অনুৰাগীৰ সংখ্যা বৃদ্ধি পাইছে । লগতে বৃদ্ধি পাইছে ছাৰ্চ ইঞ্জিন গুগলতো হালাণ্ডৰ অনুসন্ধান । ফিফা বিশ্বকাপ ২০২৬ত নৰৱেৰ ফুটবলাৰ আৰ্লিং হালাণ্ডে ৰাষ্ট্ৰীয় দলটোৰ হৈ এতিয়ালৈকে ৭টা গ’ল দি এক লহৰ তুলিছে । দলটোৱে প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । কেৱল গ’ল দিয়াৰ ক্ষমতাই নহয়, ছ’চিয়েল মিডিয়াত তেওঁৰ সক্ৰিয়তাৰ বাবেও অনুৰাগীসকল মুগ্ধ হৈ পৰিছে ।
One thing to do today… search my name on Google 😉
— Erling Haaland (@Erling) July 9, 2026
২৫ বছৰীয়া নৰৱেৰ তাৰকা ফুটবলাৰগৰাকীয়ে বৰ্তমান নিজৰ X হেণ্ডেলত এক আমোদজনক পোষ্ট শ্বেয়াৰ কৰিছে । পোষ্টটোত তেওঁ নিজৰ অনুৰাগীসকলক গুগলত অনুসন্ধান কৰিবলৈ আহ্বান জনাইছে, য’ত তেওঁৰ সন্মানত বিশেষ চমক আগবঢ়োৱা হৈছে । এই পোষ্টটো নৰৱেৰ অত্যুৎসাহী সমৰ্থকসকলৰ উদযাপনৰ পৰা অনুপ্ৰাণিত 'ভাইকিং ষ্টাইল'ক এনিমেচনৰ জৰিয়তে বিশ্বকাপত তেওঁৰ বীৰত্বপূৰ্ণ প্ৰদৰ্শনৰ উদযাপন কৰা হৈছে ।
৬ ফুট ৫ ইঞ্চি ওখ ষ্ট্ৰাইকাৰগৰাকীৰ খেলৰ শৈলী আৰু তেওঁৰ ব্যক্তিত্বৰ প্ৰতি বহু দৰ্শক আকৰ্ষিত হোৱাৰ লগে লগে হালাণ্ডৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে । তেওঁৰ ধাৰাবাহিকভাৱে গ’ল দি অহাৰ ফলত মানচেষ্টাৰ চিটিৰ এইগৰাকী ফৰৱাৰ্ডগৰাকীৰ বিষয়ে অধিক জানিবলৈ অনুৰাগীসকল অধিক উৎসাহিত হৈছে ।
তেওঁক কেন্দ্ৰ কৰি আৰম্ভণিৰে পৰা গঢ় লৈ উঠা উৎসাহ আৰু চৰ্চাক অধিক মনোৰঞ্জন যোগ কৰিবলৈ গুগলে প্ৰতিযোগিতাখনত এতিয়ালৈকে হালাণ্ডৰ অৱদানৰ প্ৰশংসা কৰি এক বিশেষ চমক আগবঢ়াইছে ।

হালাণ্ডৰ প্ৰতি গুগলৰ কি এই বিশেষ সন্মান ?
নৰৱেৰ জনপ্ৰিয় ফুটবলাৰগৰাকীৰ বিষয়ে যিসকল অনুৰাগীয়ে গুগলত অনুসন্ধান কৰে তেওঁলোকে বিশেষ ফল লাভ কৰিব ।
যেতিয়া ইউজাৰে গুগলত হালাণ্ডৰ নাম টাইপ কৰিব, তেতিয়া এটা পপ-আপ ওলায়, য’ত পৰম্পৰাগত নৰৱেৰ সাজ-পোছাক পৰিহিত সাতটা চৰিত্ৰই স্ক্ৰীণৰ তলত নাও চলোৱা দেখা যায় । এই এনিমেচনে নৰৱেৰ সংস্কৃতিৰ ট্ৰেডমাৰ্ক 'Viking row' (ভাইকিং লহৰ) উদযাপনৰ প্ৰতি সন্মান জনাইছে । ইয়াত দীঘলীয়া ভাইকিং নাও চলোৱাৰ অনুকৰণ কৰা হৈছে । হালাণ্ডে নিজেই এই আচৰিত কথাটো নিজৰ অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰি এটা পোষ্ট লিখিছে, “আজি এটা কাম কৰক... গুগলত মোৰ নাম ছাৰ্চ কৰক ।”
ভাইৰেল হৈ পৰিছে নৰৱেৰ ভাইকিং লহৰ উদযাপন
বিশ্বকাপত এতিয়ালৈকে আগবঢ়োৱা প্ৰদৰ্শনেৰে হালাণ্ডে জনপ্ৰিয়তাৰ শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে নৰৱেৰ ভাইকিং লহৰ উদযাপনেও শিৰোনাম দখল কৰিছে । এই উদযাপনত সমৰ্থক আৰু খেলুৱৈসকলে এক সমন্বিত প্ৰচেষ্টাত জড়িত হৈছে, য’ত তেওঁলোকে দীঘলীয়া নাও চলোৱাৰ অভিনয় কৰিছে । প্ৰতিখন মেচত জয়ৰ পিছত এই উদযাপনৰ জৰিয়তে দলটোৱে নিজৰ উৎসাহ প্ৰকাশ কৰিছে ।
২০২৬ বিশ্বকাপত হালাণ্ডৰ প্ৰদৰ্শন
অভিজাত ফুটবল প্ৰতিযোগিতাখনত নৰৱেৰ ফুটবলাৰগৰাকীয়ে আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছে । শেহতীয়াকৈ ব্ৰাজিলৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত তেওঁ দুটাকৈ গ’ল দি বিশ্বকাপত নিজৰ গ’ল সংখ্যা ৭টালৈ বৃদ্ধি কৰে । ইয়াৰ জৰিয়তে তেওঁ ১৯৭৪ চনত ৭টা গ’লেৰে অভিষেক বিশ্বকাপত সৰ্বাধিক গ’ল দিয়া খেলুৱৈ হিচাপে পোলেণ্ডৰ গৰ্জেগৰ্জ লাটোৰ সৈতে যৌথভাৱে অভিলেখৰ অধিকাৰী হয় ।
প্ৰতিযোগিতাখনত ৩৯% কাৰ্যকৰীকৰণৰ হাৰত মাত্ৰ ১৮টা শ্বটৰ পৰা তেওঁ এতিয়ালৈকে ৭টা গ’ল দিছে ।

