ETV Bharat / sports

উষ্ম আতিথ্যৰ বাবে ভাৰতবাসীক ধন্যবাদ মেছিৰ

মেছিয়ে ভাৰত ভ্ৰমণৰ অভিজ্ঞতা শ্বেয়াৰ কৰে । ভাৰতীয় ফুটবলৰ উজ্জ্বল ভৱিষ্যতৰো কামনা কৰে ।

Lionel Messi
উষ্ম আতিথ্যৰ বাবে ভাৰতবাসীক ধন্যবাদ মেছিৰ (IANS)
author img

By ETV Bharat Assamese Team

Published : December 18, 2025 at 12:01 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ভাৰত ভ্ৰমণ কৰি যথেষ্ট আনন্দিত ফুটবল তাৰকা লিঅ'নেল মেছি । ভাৰতৰ আতিথ্য আৰু উষ্ম আদৰণিয়ে তেওঁ আকৰ্ষিত কৰিছে । ভাৰত ভ্ৰমণ সামৰি তাৰকাগৰাকীয়ে সামাজিক মাধ্যমত এই কথা শ্বেয়াৰ কৰে । লিঅ'নেল মেছি ভাৰতত ফুটবলক লৈ আশাবাদী আৰু ৩ দিনীয়া ভ্ৰমণৰ সময়ত লাভ কৰা উদাৰ আতিথ্যৰ বাবে দেশবাসীক তেওঁ ধন্যবাদ জ্ঞাপন কৰে । উল্লেখ্য যে আৰ্জেণ্টিনাৰ ফুটবলাৰগৰাকীয়ে শেহতীয়াকৈ ভাৰতৰ ৪ খন চহৰ ভ্ৰমণ কৰে । ৩৮ বছৰীয়া মেছিয়ে ভাৰত ভ্ৰমণ সামৰি ইতিমধ্যে মিয়ামিলৈ ৰাওনা হৈছে । য'ত তেওঁ বৰ্তমান ইণ্টাৰ মিয়ামিৰ হৈ ক্লাব ফুটবল খেলে ।

অনন্ত আম্বানীয়ে প্ৰতিষ্ঠা কৰা গুজৰাটৰ বন্যপ্ৰাণী উদ্ধাৰ, পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ বনতাৰা দৰ্শন কৰি মেছিয়ে মিয়ামিলৈ ৰাওনা হয় । ইফালে ভাৰত ভ্ৰমণৰ এটা ১ মিনিটৰ ভিডিঅ' শ্বেয়াৰ কৰিছে মেছিয়ে । য'ত তেওঁ ভাৰত ভ্ৰমণৰ বিভিন্ন মুহূৰ্ত দেখুৱাইছে । ভিডিঅ'টোত ক্ৰিকেটৰ ভগৱানস্বৰূপ শচীন তেণ্ডুলকাৰ, বলীউডৰ অভিনেত্ৰী কৰিণা কাপুৰ খানৰ লগতে কেইবাগৰাকী যুৱ ফুটবলাৰৰ সৈতে মত বিনিময় কৰা দেখা গৈছে । এক্সত ভিডিঅ'টো শ্বেয়াৰ কৰি মেছিয়ে কেপছনত লিখিছে, "দিল্লী, মুম্বাই, হায়দৰাবাদ আৰু কলকাতালৈ কি যে ৰোমাঞ্চকৰ ভ্ৰমণ । এই গোটেই ভ্ৰমণত মোক যি উষ্ম আদৰণি, উদাৰ আতিথ্য আৰু সকলোৱে মৰমেৰে ওপচাই দিলে, তাৰ বাবে ধন্যবাদ ।"

উল্লেখ্য যে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে কোনো বাণিজ্যিক অংশীদাৰ বিচাৰি নোপোৱাৰ ফলত ইণ্ডিয়ান ছুপাৰ লীগৰ ভৱিষ্যতক লৈ অনিশ্চয়তাই দেখা দিছে । তেনে সময়তে মেছিয়ে ভাৰত ভ্ৰমণৰ অভিজ্ঞতা উল্লেখ কৰি সামাজিক মাধ্যমত লিখিছে, "ভাৰতত ফুটবলৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ ।" ভাৰতীয় ফুটবলৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্তত তেওঁৰ এই বাৰ্তাই বিশেষ তাৎপৰ্য বহন কৰিছে ।

ইফালে মেছিৰ ভাৰত ভ্ৰমণ যথেষ্ট কৌতূলপূৰ্ণ আছিল । কিয়নো বাকী কেইখন চহৰৰ তুলনাত তেওঁৰ কলকাতা ভ্ৰমণ আছিল বিতৰ্কিত । কিয়নো মেছিৰ ভ্ৰমণৰ পিছতে কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত তীব্ৰ উত্তেজনা দেখা গৈছিল । ৰাজনীতিবিদ আৰু বিষয়াসকলৰ বাবেই সাধাৰণ অনুৰাগীয়ে মেছিক দেখা পোৱাৰ পৰা বঞ্চিত হ'ল বুলি অভিযোগ কৰিছে । দৰ্শকে টিকটৰ বাবে হাজাৰ হাজাৰ টকা খৰচ কৰিছিল যদিও মেছিক দেখা নাপায় হিংসাৰ আশ্ৰয় লৈছিল । ইয়াৰ বিপৰীতে হায়দৰাবাদ, মুম্বাই আৰু নতুন দিল্লীত মেছিৰ ভ্ৰমণ কোনো বাধা অবিহনে সম্পন্ন হয় । য'ত মেছিয়ে যুৱ খেলুৱৈৰ সৈতে মত বিনিময় কৰে ।

লগতে পঢ়ক :বনতাৰা দৰ্শনৰ পিছতে ভাৰত ভ্ৰমণ কাৰ্যসূচী সামৰিলে মেছিয়ে