গ্ল'বেল আইকন: বিশ্বকাপ ফুটবলত ১০ নম্বৰ জাৰ্ছিৰ যাদু
ফুটবলত ১০ নম্বৰ জাৰ্ছিৰ আছে এক সন্মোহনী শক্তি । এই জাৰ্ছি পৰিধান কৰিয়েই মহানায়ক হোৱা কেইগৰাকীমান ফুটবলাৰৰ কথাৰে...

Published : June 15, 2026 at 1:30 PM IST
|Updated : June 15, 2026 at 1:56 PM IST
নয়ন কুমাৰ শৰ্মা
বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত সকলোৰে দৃষ্টি নিবদ্ধ থাকে ১০ নম্বৰ জাৰ্ছি । এই নম্বৰৰ জাৰ্ছি বুলি ক'লেই সকলোৰে চকুত ভাহি উঠে দুগৰাকী মহান খেলুৱৈৰ দুভৰিৰ যাদু । এই খেলুৱৈ দুগৰাকীৰ নাম নক'লেও সেয়া প্ৰতিগৰাকী ফুটবল অনুৰাগীৰ মনত সজীৱ হৈ উঠে । দুখন বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত দুৰ্দান্ত খেলেৰে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰা খেলুৱৈ দুগৰাকী হৈছে পেলে আৰু ডিয়েগো মাৰাডোনা ।
১৯৫৮ চনৰ বিশ্বকাপৰ আগলৈকে এই নম্বৰৰ জাৰ্ছিয়ে বিশেষ গুৰুত্ব লাভ কৰা নাছিল । যেতিয়াৰে পৰাই ব্ৰাজিল দলটোৰ সৱাটোকৈ গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে পেলেক এই নম্বৰৰ জাৰ্ছিটো স্থায়ীভাৱে প্ৰদান কৰা হয়,তেতিয়াৰে পৰাই যেন ১০ নম্বৰৰ পোছাকে লাভ কৰিবলৈ ধৰিলে এক বিশেষ মৰ্যাদা ।
ইয়াৰ পিচৰে পৰাই পৰম্পৰাগতভাৱে ১০ নম্বৰ জাৰ্ছিটো প্ৰতিটো দলৰ প্ৰাথমিক প্লেমেকাৰ আৰু সৃষ্টিশীল আক্ৰমণাত্মক মিডফিল্ডাৰক প্ৰদান কৰি অহা হৈছে । এই নম্বৰৰ খেলুৱৈগৰাকীৰ ওপৰতে সাধাৰণতে সকলোৰে দৃষ্টি নিবদ্ধ থাকাৰ কাৰণো আছে । এই নম্বৰৰ জাৰ্ছিটো যে কেৱল বিশ্বকাপ ফুটবল প্ৰতিযোগিতাতেই গুৰুত্বপূৰ্ণ সেয়া নহয়, আন প্ৰতিযোগিতা বা ক্লাব আদিতো সন্মানজনক নম্বৰ হিচাপে গণ্য় কৰি অহা হৈছে । এই খেলুৱৈগৰাকীয়ে মিডফিল্ড আৰু ষ্ট্ৰাইকাৰৰ মাজত সংযোগী হিচাপে কাম কৰে । এই ১০ নম্বৰৰ খেলুৱৈয়ে প্ৰেচিং, ট্ৰেকিং বেক আৰু ডিফেন্সিভ শ্বেপ বজাই ৰখাত অৰিহণা যোগায় ।
গ্ল'বেল আইকন :
ঐতিহাসিকভাৱে ফুটবল খেলুৱৈসকলক খেলপথাৰত থকা অৱস্থানৰ ওপৰত ভিত্তি কৰি ১ৰ পৰা ১১লৈকে নম্বৰ দিয়া হৈছিল । কোনে ভাল খেলিছে সেই বিষয়ত গুৰুত্ব প্রদান কৰা হোৱা নাছিল । সেই অনুসৰি প্ৰতিটো দলৰ গ’লৰক্ষকে ১ নম্বৰ জাৰ্ছিটো পৰিধান কৰিছিল । আনহাতে ডিফেণ্ডাৰ আৰু মিডফিল্ডাৰক মাজৰ সংখ্যাৰ জাৰ্ছি দিয়া হৈছিল । লাহে লাহে ১০ নম্বৰটো বিশেষভাৱে কেন্দ্ৰীয় আক্ৰমণাত্মক মিডফিল্ডাৰজনক প্ৰদান কৰাৰ পৰম্পৰা আৰম্ভ হয় । সেইবাবে এই নম্বৰটোক কোৱা হয় 'গ্ল'বেল আইকন'।

বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ পূৰ্বৰ কেইবাখনো মেচত ১০ নম্বৰৰ জাৰ্ছি পৰিধান কৰা যিসকল খেলুৱৈয়ে দলৰ সংকটৰ সময়ত উজ্বলি উঠিবলৈ সক্ষম হৈছে সেইসকলৰ ভিতৰত অন্য়তম হৈছে ব্ৰাজিলৰ মহাতাৰকা 'কলা মুকুতা' হিচাপে পৰিচিত পেলে, আৰ্জেণ্টিনাৰ ডিয়েগো মাৰাডোনা আৰু লিয়নেল মেছি, ফ্ৰান্সৰ জিনেডাইন জিদান, ব্ৰাজিলৰ ৰোনাল্ডিনহো, ইটালীৰ ৰবাৰ্ট বেজ্জিঅ', ফ্ৰান্সৰ প্ৰাক্তন অধিনায়ক মিচেল প্লেটিনি আদি ।
বিশ্বকাপ খেলা নাছিল যদিও পুস্কাছ আছিল অনন্য় :
যদিও হাংগেৰীৰ ফেৰেন্স পুস্কাছে বিশ্বকাপ খেলা নাছিল তথাপি ক্লাব পৰ্যায়ত এইগৰাকী খেলুৱৈয়ে লাভ কৰিছিল অবিশ্বাস্য সফলতা । ফিফাৰ কেইবাটাও সন্মানৰ অধিকাৰী পুস্কাছ ১৯৫৪ চনৰ বিশ্বকাপত ৰাণাৰ্ছ আপ হোৱা হাংগেৰী দলৰ সদস্য় নাছিল যদিও তেওঁ আজিও সকলোৱে এই নম্বৰৰ জাৰ্ছিৰেই পৰিচিত । ২০০৬ চনত তেওঁৰ প্ৰজন্মৰ অন্যতম মহান খেলুৱৈ পুস্কাছৰ মৃত্যু হয় যদিও তেওঁক সদায় ১০ নম্বৰৰ জাৰ্ছি পিন্ধা শ্ৰেষ্ঠ খেলুৱৈ হিচাপে স্মৰণ কৰা হ'ব । পুস্কাছে ৫২৮খন খেলতে ৫১২টা গ’ল দিছিল । তেওঁৰ নামেৰে ফিফাই এটা বঁটা প্ৰদান কৰি আহিছে । বছৰৰ শ্ৰেষ্ঠ গ'ল দিয়া খেলুৱৈসকলে পুস্কাছ বঁটা লাভ কৰে ।
কিংবদন্তি পেলে :
বিগত শতিকাৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ আছিল পেলে । এই ১০ নম্বৰ সংখ্যাৰ জাৰ্ছিৰ মৰ্যাদা বহুলাংশে আকস্মিকভাৱে আৰম্ভ হৈছিল ১৯৫৮ চনৰ বিশ্বকাপৰ সময়ত । ব্ৰাজিলৰ প্ৰতিনিধি দলটোৱে ফিফাক নিজৰ দলৰ নম্বৰ দাখিল কৰাত ব্যৰ্থ হোৱা বাবে বিষয়াসকলে খেলুৱৈসকলৰ যাদৃচ্ছিকভাৱে নম্বৰ নিৰ্ধাৰণ কৰিছিল । ১৭ বছৰীয়া পেলেক স্থায়ীভাৱে দিয়া হৈছিল ১০ নম্বৰ জাৰ্ছি । বিশ্বকাপৰ ৰজা পেলেই হৈছে তিনিবাৰকৈ বিশ্বকাপ জয় কৰা একমাত্ৰ ফুটবলাৰ । ১৯৫৮, ৬২ আৰু ৭০ চনত খিতাপ দখল কৰা ব্ৰাজিল দলৰ সদস্য আছিল তেওঁ । ১৯৫৮ চনৰ বিশ্বকাপত অসাধাৰণ প্ৰদৰ্শনেৰে ১৭ বছৰ বয়সতে পেলে বিশ্বজুৰি সকলোৰে নয়নৰ মণি হৈ পৰিছিল । ফাইনেলত তেওঁ দুটা গ’ল দিয়ে । বিশ্বকাপত তেওঁৰ মুঠ গ’ল ১২টা । ব্ৰাজিলৰ ফুটবল হৈছে ফ্লেয়াৰ আৰু সফলতাৰ সমাৰ্থক । ইয়াৰ মূলতে হৈছে পেলেৰ ড্ৰিবলিং ক্ষমতা, সৃষ্টিশীলতা । পেলে যিকোনো ঠাইৰ পৰাই গ’ল দিব পাৰিছিল আৰু তেওঁৰ দলক খেলত আধিপত্য বিস্তাৰ কৰাত সহায় কৰিছিল ।

১৯৫৮ চনত মাত্ৰ ১৭ বছৰ বয়সতে পেলেই প্ৰথম বিশ্বকাপত খেলিছিল । এই প্ৰতিযোগিতাখনত ছটা গ'লে তেওঁক আৰু ব্ৰাজিলক প্ৰথমবাৰৰ বাবে ট্ৰফী জয় কৰাত সহায় কৰিছিল । চাৰি বছৰৰ পাছত ব্ৰাজিলে পুনৰ জয়লাভ কৰে যদিও পেলে আঘাতৰ বাবে ফাইনেলত অংশ ল’ব নোৱাৰিলে । ১৯৭০ চনত তেওঁ ব্ৰাজিলৰ বিখ্যাত দলটোৰ অংশ আছিল যিটোক ফুটবল ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ দল হিচাপে গণ্য কৰা হয় । ১৯৭১ চনত পেলে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰে যদিও ১০ নম্বৰ জাৰ্ছিটোক দিয়ে এক বিশেষ মৰ্যাদা ।
'গ’ল অৱ দ্য চেঞ্চুৰী'ৰ মহানায়ক :
ডিয়েগো মাৰাডোনা বুলিলে সকলোৰে মনত ১৯৮৬ চনৰ বিশ্বকাপৰ ছবিখনেই সজীৱ হৈ পৰে । সেই বৰ্ষত আৰ্জেণ্টিনাই বিশ্বকাপ জয়ৰ মহানায়কগৰাকীয়েই আছিল ডিয়েগো মাৰাডোনা । পেলেৰ পিছত বিশ্বকাপত সৰ্বাধিক চৰ্চিত খেলুৱৈগৰাকীয়ে হৈছে আৰ্জেণ্টিনাৰ ডিয়েগো মাৰাডোনা । এইগৰাকী খেলুৱৈক ১৯৮৬ চনৰ বিশ্বকাপত ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ ব্যক্তিগত প্ৰদৰ্শনৰ গৰাকী বুলি গণ্য কৰা হয় । ইংলেণ্ডৰ বিৰুদ্ধে তেওঁৰ ‘হেণ্ড অৱ গড’ গ’ল আৰু ‘গ’ল অৱ দ্য চেঞ্চুৰী’ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ চৰ্চিত মুহূৰ্তৰ ভিতৰত অন্যতম । সেইবাৰ বিশ্বকাপত মাৰাডোনাই প্ৰায় এককভাৱে আৰ্জেণ্টিনাক বিজয় মুকুত পিন্ধাইছিল ।

ইংলেণ্ডৰ বিৰুদ্ধে তেওঁ দিয়া প্ৰথমটো গ'ল হাতেৰে দিয়া অভিযোগ তুলি সেইটো গ'লক ‘হেণ্ড অৱ গড’ৰ গ’ল বুলি আখ্য়া দিয়া হৈছিল । অৱশ্য়ে সেইখন মেচতেই তেওঁ দিয়া দ্বিতীয়টো গ'ল আছিল ‘গ’ল অৱ দ্য চেঞ্চুৰী’। বিগত শতিকাৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ হিচাপে পেলেৰ সৈতে একেলগে আখ্য়া লাভ কৰিছিল মাৰাডোনাই ।
লিয়নেল মেছি :
এই জাৰ্ছিৰে চৰ্চিত আন এগৰাকী খেলুৱৈ হৈছে লিয়নেল মেছি । আধুনিক যুগত মেছিয়ে এফচিবাৰ্চিলোনা, ইণ্টাৰ মিয়ামি আৰু আৰ্জেণ্টিনাৰ হৈ ১০ জাৰ্ছি পিন্ধিছে । দীৰ্ঘদিন ধৰি বিশ্বকাপ জয় নকৰা বাবে সমালোচনাৰ সন্মুখীন হৈছিল মেছি । আনকি বহুতে তেওঁৰ বিশ্বকাপৰ দক্ষতাৰ ওপৰতো সমালোচনা কৰিছিল । অৱশেষত মেছিয়ে ২০২২ চনত আৰ্জেণ্টিনাক বিশ্বকাপৰ বিজয়ৰ সোৱাদ দিবলৈ সক্ষম হয় । ৩৫ বছত বিশ্বকাপ জয় কৰি মেছিয়ে নিজৰ কেৰিয়াৰৰ আটাইতকৈ বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় ।

জিনেডাইন জিদান :
ক্লাব কেৰিয়াৰত জিনেডাইন জিদানে ১০ নম্বৰ জাৰ্ছি পৰিধান কৰা নাছিল যদিও ফ্ৰান্সক প্ৰতিনিধিত্ব কৰাৰ সময়ত পিন্ধিছিল । দৃষ্টিশক্তি আৰু দক্ষতাৰ সংমিশ্ৰণেৰে তেওঁৰ খেলাৰ শৈলী সকলোৰে মাজত চৰ্চা হৈছিল । তেওঁৰ অসাধাৰণ খেলৰ বাবেই ফ্ৰান্সে ১৯৯৮ চনত খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ।
১৯৯৪ৰ বিশ্বকাপৰ ট্ৰেজিক হিৰো :
১৯৯৪ চনৰ বিশ্বকাপৰ ফাইনেলত ব্ৰাজিলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল ইটালীয়ে । এই মেচখন নিৰ্ধাৰিত সময়ত ড্ৰ হোৱাত ট্ৰাইব্ৰেকাৰৰ সহায় লোৱা হয় । ইটালীৰ ৰবাৰ্ট বেজ্জিঅ'ই এইখন প্ৰতিযোগিতাত সুন্দৰ খেল প্ৰদৰ্শন কৰিছিল যদিও ফাইনেলৰ নিৰ্ণায়ক শ্বটটো গ'ললৈ কাৰ্যকৰী কৰাত ব্য়ৰ্থ হৈছিল । ব্ৰাজিলৰ বিৰুদ্ধে ইটালীৰ হৈ নিৰ্ণায়ক পেনাল্টিত ব্য়ৰ্থ হোৱাৰ লগে লগে ১০ নম্বৰ জাৰ্ছি পৰিধান কৰিলেও তেওঁ নিশাৰ ভিতৰতেই হৈ পৰিছিল 'ট্ৰেজিক হিৰো'।
লগতে পঢ়ক:বিশ্বকাপ ফুটবলত অপ্ৰতিৰোধ্য় ব্ৰাজিল
ফিফা বিশ্বকাপৰ গুৰুত্বপূৰ্ণ দায়িত্বত এগৰাকী অসমকন্যা
ফিফা বিশ্বকাপ ২০২৬: ৰক্তপাতহীন মহাৰণৰ বাবে অপেক্ষাৰত বিশ্বৰ কোটি কোটি ফুটবল অনুৰাগী

