ETV Bharat / sports

টি-২০ বিশ্বকাপৰ বাবে ফিট হৈ থাকিবলৈ টীম ইণ্ডিয়াৰ খেলুৱৈক সতৰ্কবাণী গৌতম গম্ভীৰৰ

অহা ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব বিশ্বকাপ টি-২০ প্ৰতিযোগিতা ।

GAUTAM GAMBHIR ON T20 WORLD CUP
ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ (IANS)
author img

By ETV Bharat Assamese Team

Published : November 11, 2025 at 1:25 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: টি-২০ বিশ্বকাপ প্ৰতিযোগিতালৈ মাজত আছে তিনি মাহ । ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব ২০২৬ চনৰ টি-২০ বিশ্বকাপ । অহা ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বাবে এতিয়াৰে পৰাই সাজু থাকিব লাগিব টীম ইণ্ডিয়াৰ প্ৰতিগৰাকী খেলুৱৈ । এই সন্দৰ্ভত সতৰ্কবাণী শুনাইছে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে ।

মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে টীম ইণ্ডিয়াক সতৰ্কবাণী জাৰি কৰি কৈছে যে সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত দলটোৱে টি-২০ ফৰ্মেটত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে । সেইবাবেই আগন্তুক আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ত দলটোৱে নিজৰ খিতাপ ৰক্ষা কৰিব লাগিব । ৰোহিত শৰ্মাৰ অধিনায়কত্ব আৰু ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষণত ভাৰতীয় ক্ৰিকেট দলটোৱে টি-২০ বিশ্বকাপ ২০২৪ত জয়লাভ কৰিছিল । এতিয়া সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত আৰু গৌতম গম্ভীৰৰ প্ৰশিক্ষণত ভাৰতে নিজৰ বিশ্ব চেম্পিয়ন খিতাপ ৰক্ষা কৰিব লাগিব বুলি ভাৰতীয় দলটোৰ খেলুৱৈসকলক সকীয়াই দিছে ।

এই সন্দৰ্ভত এতিয়া মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে এক বক্তব্য আগবঢ়াইছে । ২০২৬ ৰ টি-২০ বিশ্বকাপ আৰম্ভ হ’বলৈ মাত্ৰ তিনি মাহ বাকী থকা অৱস্থাত খেলুৱৈসকলক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা গম্ভীৰৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে । এই ভিডিঅ'টোত তেওঁ নিজৰ বৈশিষ্ট্যপূৰ্ণ শৈলীৰে ভাৰতীয় খেলুৱৈসকলক টি-২০ বিশ্বকাপৰ বাবে সাজু হ’বলৈ আহ্বান জনাইছে ।

বি চি চি আয়ে শ্বেয়াৰ কৰা এই ভিডিঅ’টোত গৌতম গম্ভীয়ে কয়, "আমাৰ ড্ৰেছিং ৰুম স্বচ্ছ । আমি ইয়াক বজাই ৰখাৰ লক্ষ্যৰে আগবাঢ়িছো । টি-২০ বিশ্বকাপৰ বাবে আমি সম্পূৰ্ণ সাজু হ'ব লাগিব । আমাৰ হাতত মাত্ৰ তিনি মাহ বাকী আছে । গতিকে, মই আশা কৰিছো যে সকলো খেলুৱৈয়ে ফিটনেছৰ গুৰুত্ব বুজি পাব । আমি ঘৰতে খেলিম । আমি আমাৰ আক্ৰমণাত্মকতাৰ বাবে পৰিচিত । আমি বিশ্বকাপৰ বাবে ফিট হ'ব বিচাৰো ।"

লগতে পঢ়ক:পৰ্দা আঁতৰিল; প্ৰকাশ পালে টি-২০ বিশ্বকাপৰ সম্ভাৱ্য স্থান আৰু তাৰিখ

অৱশেষত সূৰ্যকুমাৰৰ হাতলৈ আহিল ট্ৰফী, পুনৰ অপমানিত মহছিন নকভি