ETV Bharat / sports

মেচ ফিক্সিং ! যিকোনো সময়তে গ্ৰেপ্তাৰ হ’ব পাৰে অসমৰ ৪ ক্ৰিকেটাৰ

মেচ ফিক্সিঙৰ অভিযোগ উঠা চাৰি ক্ৰিকেটাৰৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ পিছত গোচৰ ৰুজু ক্ৰাইম ব্ৰান্সৰ

Four Assam players have been suspended for match-fixing
চাৰি ক্ৰিকেটাৰৰ বিৰুদ্ধে গোচৰ ৰুজু ক্ৰাইম ব্ৰান্সৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 15, 2025 at 10:26 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : অসম ক্ৰিকেটক বদনামী কৰিলে চাৰিগৰাকী ক্ৰিকেটাৰে । যিকোনো সময়তে গ্ৰেপ্তাৰ হ’ব পাৰে তেওঁলোক ৷ কিয়নো মেচ ফিক্সিঙৰ অভিযোগ উত্থাপন হৈছে অসমৰ ৪ ক্ৰিকেটাৰৰ বিৰুদ্ধে ৷

ইতিমধ্যে অসম ক্ৰিকেট সন্থাই দাখিল কৰা এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে । গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে অভিযুক্ত চাৰি ক্ৰিকেটাৰৰ বিৰুদ্ধে ১২/২৫ নম্বৰত ৰুজু কৰা হৈছে গোচৰ ৷ এই গোচৰ ৰুজু হোৱাৰ পিছতেই অভিযুক্ত ক্ৰিকেটাৰ অমিত সিনহা, ঈশান আহমেদ, অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰী গ্ৰেপ্তাৰ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে ৷

শেহতীয়াকৈ যোৱা ২৬ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ লক্ষ্ণৌত অনুষ্ঠিত চৈয়দ মুস্তাক আলী ট্ৰফী ২০২৫ৰ সময়ত অসম দলৰ ভিতৰত মেচ ফেক্সিঙৰ জড়িত হোৱাৰ অভিযোগ উঠিছে এই চাৰিগৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে । তাৰ পিছতেই অপৰাধ অনুসন্ধান শাখাত চাাৰি ক্ৰিকেটাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল অসম ক্ৰিকেট এছ’চিয়েশ্যনে ৷

ক্ৰিকেটাৰ কেইজনে অসম দলৰ একাংশ ক্ৰিকেটাৰক দুৰ্নীতিৰে উচতনি আৰু প্ৰভাৱিত কৰাৰ চেষ্টা কৰিছিল বুলি অভিযোগ উঠিছিল । স্পষ্টকৈ ক’বলৈ গ’লে মেচ ফিক্সিঙৰ অভিযোগ উঠিছিল এই ৪ ক্ৰিকেটাৰ বিৰুদ্ধে ৷ দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে এই ৪ ক্ৰিকেটাৰক নিলম্বনো কৰিছিল অসম ক্ৰিকেট সন্থাই ৷

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ এগৰাকী উচ্চ পদস্থ বিষয়াই জনায় যে গুৱাহাটীৰ 'ক্ৰাইম ব্ৰান্স'ত ক্ৰিকেটাৰকেইগৰাকীৰ বিৰুদ্ধে ACA-এ দাখিল কৰিছিল এজাহাৰ ৷ এই এজাহাৰ ভিত্তিতে ক্ৰাইম ব্ৰাঞ্চে BNS ৰ ৩১৬/৩১৮/৬৮ ধাৰা সন্নিবিষ্ট কৰি ৰুজু কৰিলে গোচৰ ৷ এই গোচৰ ৰুজু হোৱাৰ পিছতেই চাৰিওগৰাকী ক্ৰিকেটাৰৰ গ্ৰেপ্তাৰৰ পথ প্ৰশস্ত হৈ পৰিছে ।

লগতে পঢ়ক : টি-২০ত ৫০০ উইকেট : বিশ্ব ক্ৰিকেটত অনন্য কৃতিত্ব অৰ্জন কৰা ছয় বলাৰৰ বিষয়ে জানো আহক...