ETV Bharat / sports

প্ৰাক্তন ক্ৰিকেটাৰ কিৰণ পাৱাৰক অসম ৰঞ্জি দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি

মুম্বাই, বৰোদা আৰু অসমৰ হৈ খেলা ৫০ বছৰীয়া বাওঁহতীয়া বেটছমেনগৰাকী ভাৰতৰ প্ৰাক্তন অফ স্পিনাৰ তথা মহিলা দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰমেশ পাৱাৰৰ জ্যেষ্ঠ ভাতৃ ।

ASSAM RANJI TEAM
বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম (X@assamcric)
author img

By PTI

Published : April 20, 2026 at 11:08 PM IST

2 Min Read
Choose ETV Bharat

মুম্বাই: মুম্বাই আৰু বৰোদাৰ প্ৰথম শ্ৰেণীৰ প্ৰাক্তন ক্ৰিকেটাৰ কিৰণ পাৱাৰক ২০২৬-২৭ ঘৰুৱা ছিজনৰ বাবে অসম পুৰুষ দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ৷ সোমবাৰে এগৰাকী খেলুৱৈয়ে এই কথা প্ৰকাশ কৰে ।

মুম্বাই, বৰোদা আৰু অসমৰ হৈ খেলা ৫০ বছৰীয়া বাওঁহতীয়া বেটছমেনগৰাকী ভাৰতৰ প্ৰাক্তন অফ স্পিনাৰ তথা মহিলা দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰমেশ পাৱাৰৰ জ্যেষ্ঠ ভাতৃ । বিগত ছিজনত কিৰণে মুম্বাইৰ ২৩ বছৰ অনুৰ্ধ দলৰ দায়িত্বত আছিল আৰু জ্যেষ্ঠ দলৰ সৈতে তেওঁৰ এইটোৱেই হ’ব প্ৰথম স্বতন্ত্ৰ নিযুক্তি ।

৭১ খন ছিনিয়ৰ লেভেল মেচ(এফচি আৰু লিষ্ট এ)ত প্ৰায় ৩,৫০০ ৰাণ সংগ্ৰহ কৰা কিৰণে পিটিআইক কয়, ‘‘অসম ৰঞ্জি দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰি মই অত্যন্ত সুখী । তেওঁলোকৰ সৈতে কাম কৰিবলৈ মই অত্যন্ত আগ্ৰহী ।’’

কিৰণে কয়, ‘‘যেতিয়া মই চি কে নায়ডু ট্ৰফীৰ বাবে মুম্বাইৰ ২৩ বছৰ অনুৰ্ধ দলৰ সৈতে আহিছিলো, তেতিয়া তেওঁ অসম ক্ৰিকেট সন্থাৰ (এচিএ) পন্থা দেখি আপ্লুত হৈছিলো ৷ যাৰ বাবে তেওঁ তেওঁলোকৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ প্ৰেৰণা পাইছিলো ।’’

কিৰণে লগতে কয় যে যেতিয়া মই মুম্বাইৰ ২৩ বছৰৰ অনুৰ্ধ প্ৰশিক্ষক হিচাপে ইয়ালৈ আহিছিলো, তেতিয়া তেওঁলোকৰ দৃষ্টিভংগীত মই সঁচাকৈয়ে আপ্লুত হৈছিলো । লগতে তেওঁ মুম্বাই ক্ৰিকেট সন্থাৰ সভাপতি অজিংক্য নাইকক ধন্যবাদ জ্ঞাপন কৰে ।

তেওঁ কয়, ‘‘মই এমচিএ আৰু ইয়াৰ সভাপতি অজিংক্য নাইকৰ প্ৰতি গভীৰ কৃতজ্ঞ ৷ মই গধুৰ হৃদয়েৰে মুম্বাই এৰিছো । জীৱনত আজি মই যিয়েই নহও কিয়, মুম্বাইৰ বাবেই সকলো সম্ভৱ হৈছে ৷’’

লগতে পঢ়ক: প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ বাদল ঠাকুৰ আৰু নাই