ETV Bharat / sports

লেফটেনেণ্ট বিক্ৰম সিঙৰ সোঁৱৰণীত ৱালঙত ফুটবল প্ৰতিযোগিতা

৬৩ সংখ্যক ৱালং দিৱস উপলক্ষে আয়োজন সেনাবাহিনীৰ দ্বাৰা এই বিশেষ ফুটবল প্ৰতিযোগিতাৰ আয়োজন ৷

63RD WALONG DAY
বিজয়ী দলটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 8:43 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ: ভাৰতীয় সেনাৰ বীৰ সেনা লেফটেনেণ্ট বিক্ৰম সিঙৰ নামত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতা ৷ পূব অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ হাৱাই ষ্টেডিয়ামত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা ৷

এইগৰাকী সাহসী অধিনায়ক বিক্ৰম সিঙে ১৯৬২ চনত ভাৰত-চীনৰ ৱালং যুদ্ধত অদম্য বীৰত্বেৰে ইতিহাস গঢ়িছিল । সেনাবাহিনীৰ দ্বাৰা লেফটেনেণ্ট বিক্ৰম সিঙৰ শ্ৰদ্ধাঞ্জলিত ৬৩ সংখ্যক ৱালং দিৱস উপলক্ষে অনুষ্ঠিত কৰা হয় এই বিশেষ ফুটবল প্ৰতিযোগিতা ৷ তাত অংশ লোৱা দলসমূহে স্মৃতিৰ এক জীৱন্ত উৎসৱ সৃষ্টি কৰিলে বুলি জানিবলৈ দিয়ে প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল অতুল শ্ৰীধৰণে ।

63RD WALONG DAY
লেফটেনেণ্ট বিক্ৰম সিঙৰ সোঁৱৰণীত ৱালঙত ফুটবল প্ৰতিযোগিতা (ETV Bharat Assam)

তেওঁ জনায়, ‘‘এই কাৰ্যসূচীটোৰ আৰম্ভণি হৈছিল এটা ৰঙীন সাংস্কৃতিক অনুষ্ঠানেৰে, য’ত ভাংৰা, ময়ূৰ নৃত্য, জাজ বেণ্ড, উত্তৰ-পূব যোদ্ধাৰ প্ৰদৰ্শন আৰু ঐতিহ্যবাহী ঘটক মার্শ্বেল আৰ্টছৰ সমাহাৰে উৎসৱটোক আনন্দ আৰু ঐক্যৰ ৰঙেৰে ভৰাই তুলিছিল । এই অনুষ্ঠানটোৱে দেখুৱাইছিল যে ৱালঙৰ আত্মা কেৱল যুদ্ধক্ষেত্ৰত নহয়, সমাজৰ বন্ধন আৰু গৌৰৱতো জীৱন্ত ।’’

চূড়ান্ত খেলখন হায়ুলিয়াং চক্ৰ আৰু ৱালং ব্ৰিগেডৰ মাজত অনুষ্ঠিত হৈছিল । ৱালং ব্ৰিগেডৰ কমাণ্ডাৰে খেলৰ শুভাৰম্ভ কৰি উত্তেজনাপূর্ণ প্ৰতিদ্বন্দ্বিতাৰ আৰম্ভণি কৰিছিল । আছাম ৰেজিমেণ্টৰ পাইপ বেণ্ডে মধ্যবিৰতিত সুৰীয়া প্ৰদৰ্শনেৰে দৰ্শকৰ হৃদয় জয় কৰিছিল ।

63RD WALONG DAY
ভাংৰা প্ৰদৰ্শন (ETV Bharat Assam)

তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ খেলখনত হায়ুলিয়াং চক্ৰই ১-০ গ’লৰ ব্যৱধানত বিজয় অৰ্জন কৰি চেম্পিয়ন হ’বলৈ সক্ষম হয় । বিজয়ী দলক ১.৫ লাখ টকা আৰু ৰাণাৰ্ছ আপ দলক এক লাখ টকা আগবঢ়োৱা হয় । হায়ুলিয়াং চক্ৰৰ বেথাঙক প্ৰতিযোগিতাৰ সৰ্বোত্তম খেলুৱৈৰূপে ঘোষণা কৰা হয়, যিয়ে প্ৰতিযোগিতাৰ সময়ছোৱাত তিনিটাকৈ গ’ল দিয়ে । সকলো অংশগ্ৰহণকাৰীকে পদক আগবঢ়াই তেওঁলোকৰ খেলুৱৈসুলভ মনোভাৱ, শৃংখলা আৰু উৎসৰ্গক সন্মান জনোৱা হয় ।

63RD WALONG DAY
জীৱন্ত হৈ উঠিল ৱালং (ETV Bharat Assam)

এই প্ৰতিযোগিতাখন কেৱল যেন এখন খেলেই নাছিল, ই আছিল লেফটেনেণ্ট বিক্ৰম সিঙৰ নেতৃত্ব, সাহস আৰু আত্মবলিদানৰ এক জীৱন্ত সোঁৱৰণী ৷ যিজনে পূব হিমালয়ৰ এই দুর্গম ভূখণ্ডত অমৰ বীৰত্বৰে দৃষ্টান্ত স্থাপন কৰিছিল । এনে অনুষ্ঠানৰ যোগেদি ভাৰতীয় সেনা আৰু স্থানীয় সমাজে তেওঁলোকৰ উত্তৰাধিকাৰসকলক আগবঢ়াই লৈ গৈছে ৷ যুৱ প্ৰজন্মক শৃংখলা, সহনশীলতা আৰু দেশপ্ৰেমৰ আদৰ্শৰে অনুপ্ৰাণিত কৰিছে ।

63RD WALONG DAY
ৰঙীন উৎসৱৰ সমাহাৰ (ETV Bharat Assam)

ৱালং ব্ৰিগেডৰ কমাণ্ডাৰে এই উপলক্ষে কয়, ‘‘লেফটেনেণ্ট বিক্ৰম সিং আমাৰ বাবে কেৱল এটা নাম নহয়, তেওঁ হৈছে অনুপ্ৰেৰণাৰ প্ৰতীক । তেওঁৰ বীৰত্ব আৰু উৎসৰ্গৰ স্মৃতি আমাৰ হৃদয়ত অম্লান । এই প্ৰতিযোগিতা তেওঁৰ আত্মাত উৎসৰ্গিত আৰু আমি গৰ্বিত যে ইয়াৰ মাধ্যমেৰে স্থানীয় যুৱ সমাজৰ মাজত সেই বীৰত্বৰ সঁচা আদৰ্শ প্ৰতিধ্বনিত হৈছে ।’’

লগতে পঢ়ক: অৰুণাচলত মহিলাসকলৰ অদম্য অভিযান: ১৩,০০০ ফুট উচ্চতালৈ সাহসিক যাত্ৰা