ফুটবল আৰু নতুন প্ৰজন্মৰ উন্মাদনা: তেজপুৰত নতুন প্ৰজন্মৰ মাজত বৃদ্ধি ফুটবলৰ প্ৰতি আকৰ্ষণ
তেজপুৰৰ ঐতিহ্যমণ্ডিত পল' ফিল্ডত ‘তেজপুৰ ফুটবল একাডেমী’য়ে কণ কণ শিশুৰ মাজত ফুটবলৰ প্ৰতি আগ্ৰহ সৃষ্টিৰ লক্ষ্যৰে নিয়মীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷

Published : June 3, 2026 at 6:35 PM IST
তেজপুৰ: নষ্টালজিয়াই মানুহক অতীতৰ বহু মিঠা স্মৃতিৰ সৈতে পুনৰ সংযোগ স্থাপন কৰে ৷ পুৰণি খেলপথাৰত সন্ধিয়াৰ ফুটবল খেল, ৰেফাৰীৰ হুইচেলৰ শব্দত গুঞ্জৰিত হৈ উঠা গাঁও-চহৰ বা ৰেডিঅ’ত শুনা খেলৰ কমেণ্ট্ৰীয়ে আজিও বহু লোকৰ মনত এক বিশেষ আৱেগ জগাই তোলে ৷ সময় সলনি হৈছে, কিন্তু খেলৰ প্ৰতি মানুহৰ ভালপোৱা আৰু আৱেগ এতিয়াও একেই গভীৰ হৈ আছে ৷
বৰ্তমান সময়ত ফুটবল কেৱল এটা খেল হৈ নাথাকি সামাজিক সম্প্ৰীতি, ঐক্য আৰু আৱেগৰ এক শক্তিশালী মাধ্যমত পৰিণত হৈছে ৷ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সৈতে ফুটবলৰ সম্পৰ্ক অতি গভীৰ ৷ অসমৰ বহু অঞ্চলত আজিও ফুটবল জীৱনৰ এক অবিচ্ছেদ্য অংশ হিচাপে পৰিগণিত হয় ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত তেজপুৰত ফুটবলক কেন্দ্ৰ কৰি এক আশাব্যঞ্জক পৰিৱেশ গঢ় লৈ উঠিছে ৷
তেজপুৰৰ ঐতিহ্যমণ্ডিত পল' ফিল্ডত জিলা ক্ৰীড়া সন্থাৰ অধীনত পৰিচালিত ‘তেজপুৰ ফুটবল একাডেমী’য়ে কণ কণ শিশুৰ মাজত ফুটবলৰ প্ৰতি আগ্ৰহ সৃষ্টিৰ লক্ষ্যৰে নিয়মীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷ একাডেমীত বিভিন্ন অঞ্চলৰ ১০ বছৰ অনূৰ্ধ্ব আৰু ১৫ বছৰ অনূৰ্ধ্বৰ ল’ৰা আৰু ছোৱালীক উৎসাহেৰে অংশগ্ৰহণ কৰি ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰা দেখা গৈছে ৷
এসময়ত ফুটবল মূলতঃ ল’ৰাসকলৰ খেল বুলি ধৰা হৈছিল যদিও এতিয়া সেই ধাৰণা সম্পূৰ্ণ সলনি হৈছে ৷ ল’ৰাৰ সমান্তালভাৱে ছোৱালীয়েও ফুটবলৰ প্ৰতি সমানে আকৰ্ষিত হৈছে ৷ পল' ফিল্ডত প্ৰতিদিনে অনুশীলনৰ সময়ত ছোৱালী খেলুৱৈসকলৰ উৎসাহ, আত্মবিশ্বাস আৰু খেলৰ প্ৰতি একাগ্ৰতা বহুজনৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ প্ৰশিক্ষকসকলৰ মতে, সুযোগ আৰু উপযুক্ত পৰিবেশ লাভ কৰিলে এইসকল শিশুৱে ভৱিষ্যতে ৰাজ্য তথা দেশৰ নাম উজ্জ্বল কৰিব পাৰিব ৷
বিশেষকৈ চলিত মাহৰ পৰা আৰম্ভ হ’বলগীয়া ‘ফিফা বিশ্বকাপক’ লৈ শিশুসকলৰ মাজত অধিক উৎসাহ বৃদ্ধি পাইছে ৷ বহু কণমানিয়ে এতিয়া নিজৰ প্ৰিয় ফুটবলাৰক আদৰ্শ হিচাপে লৈ খেলপথাৰত নামিছে ৷ কোনোবাই মেচি, কোনোবাই ৰোনাল্ডো বা এমবাপেৰ দৰে খেলুৱৈ হোৱাৰ সপোন দেখি দিনৰ পিছত দিন অনুশীলনত ব্যস্ত হৈ আছে ৷ কিন্তু এই উৎসাহৰ মাজতো এক ক্ষোভ স্পষ্টভাৱে প্ৰকাশ কৰিছে একাডেমীৰ প্ৰশিক্ষকসকলে ৷

তেওঁলোকৰ অভিযোগ, তেজপুৰত আজিও উন্নত মানৰ ফুটবল ফিল্ড আৰু প্ৰয়োজনীয় আধুনিক সুবিধাৰ যথেষ্ট অভাৱ আছে ৷ বৰষুণৰ সময়ত খেলপথাৰৰ বেয়া অৱস্থাৰ বাবে নিয়মীয়া অনুশীলনতো অসুবিধাৰ সৃষ্টি হয় ৷ উন্নত ফিল্ড, সঠিক ড্ৰেইনেজ ব্যৱস্থা আৰু আধুনিক প্ৰশিক্ষণ সা-সুবিধা নথকাৰ ফলত বহু প্ৰতিভাৱান খেলুৱৈ পিছ পৰি থাকিবলগীয়া হয় বুলি তেওঁলোকে মত প্ৰকাশ কৰে ৷
তেজপুৰ ফুটবল একাডেমীৰ সম্পাদক অশ্বিনী বৰাই কয়, "উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যক বাদ দি ফুটবল হ’বই নোৱাৰে আৰু সেইবাবেই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যক দ্বিতীয় ব্ৰাজিল বুলিও কোৱা হয় ৷ ফুটবল খেলপথাৰ আছে কিন্তু সেয়া পৰ্যাপ্ত আৰু উন্নত নহয় ৷ চৰকাৰে বা অন্য প্ৰতিষ্ঠানসমূহে ক্ৰিকেটৰ ক্ষেত্ৰত যি ধৰণে সহায় আগবঢ়ায় সেইদৰে ফুটবলত নকৰে ৷"
অভিভাৱকসকলেও সন্তানসকলক খেলৰ জৰিয়তে শৃংখলা, সহযোগিতা আৰু আত্মবিশ্বাসৰ শিক্ষা লাভ কৰিব পাৰিব বুলি অশ্বিনী বৰাই আশা প্ৰকাশ কৰিছে ৷ সম্পাদক অশ্বিনী বৰাই পুনৰ কয় যে ভালদৰে প্ৰশিক্ষণ প্ৰদান কৰিলে ভৱিষ্যতত অসমৰ পৰা ভাল ফুটবল খেলুৱৈৰ সৃষ্টি হ’ব ৷
প্ৰশিক্ষক স্বপন স্বৰ্গীয়াৰীৰ কয়, "শিশুসকলৰ মাজত আগ্ৰহ দেখি ভাল লাগিছে ৷ একাগ্ৰতা আছে কিন্তু এখন লীগ খেল চলাবলৈ সমৰ্থ নাথাকে ৷ সামগ্ৰিকভাৱে, ফুটবলে এতিয়া কেৱল খেলৰ সীমা অতিক্ৰম কৰি সমাজিক সম্প্ৰীতি আৰু নতুন প্ৰজন্মৰ সপোন গঢ়াৰ এক শক্তিশালী মাধ্যম হিচাপে আত্মপ্ৰকাশ কৰিছে ৷ উপযুক্ত আন্তঃগাঁথনি আৰু চৰকাৰী সহায় লাভ কৰিলে তেজপুৰৰ এই কণমানি খেলুৱৈসকলেই ভৱিষ্যতে অসমৰ ফুটবল জগতলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিব ৷"
লগতে পঢ়ক : বিশ্বকাপ ফুটবলক লৈ উৎকণ্ঠা বৃদ্ধি: সীমিত সুবিধাৰ মাজতো অসমৰ যুৱপ্ৰজন্মই দেখিছে সপোন

