ফিফা বিশ্বকাপ ২০২৬: ৰক্তপাতহীন মহাৰণৰ বাবে অপেক্ষাৰত বিশ্বৰ কোটি কোটি ফুটবল অনুৰাগী
ফুটবল জ্বৰত আক্ৰান্ত সমগ্ৰ বিশ্ব । দুভৰিৰ যাদুৰে ৪৮ দেশৰ ফুটবলাৰে মোহাচ্ছন্ন কৰিব অনুৰাগীক । এইবাৰৰ বিশ্বকাপ কিয় পৃথক ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Published : June 9, 2026 at 8:41 PM IST
আজিজুৰ ৰহমান হাজৰিকা
গুৱাহাটী : মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী । ১০ জুন বুধবাৰে আৰম্ভ হ'ব বিশ্বৰ আগশাৰীৰ তথা উত্তেজনাপূৰ্ণ ক্ৰীড়া ৰণ ফিফা বিশ্বকাপৰ কাউণ্টডাউন । এইবাৰৰ ফিফা বিশ্বকাপ আয়োজক তিনিখন দেশৰ তিনিখন বিশেষ চহৰত বিশেষ অনুষ্ঠান আয়োজনেৰে আৰম্ভ হ'ব এই কাউণ্টডাউন । ইয়াৰ পিছত ১১ জুন, বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব এটা ট্ৰফীৰ বাবে ৪৮ খন দেশৰ মাজত নিৰ্ধাৰিত ৯০ মিনিটৰ ৩৯ দিনীয়া দুই ভৰিৰ ছন্দৰ যুঁজ । ইতিমধ্যে সমগ্ৰ বিশ্বৰ কোটি কোটি ফুটবলপ্ৰেমী এই মেগা ইভেণ্টৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে । সমগ্ৰ বিশ্ব এতিয়া ফুটবল জ্বৰত আক্ৰান্ত । ২০২৬ চনৰ ফিফা বিশ্বকাপৰ কেইটামান বিশেষ দিশ সামৰি এক বিশেষ প্ৰতিবেদন ।
ফিফা বিশ্বকাপৰ নতুন ইতিহাস
প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত ফিফা বিশ্বকাপৰ এইবাৰ হৈছে ত্ৰয়োবংশতিতম সংস্কৰণ । ফিফাৰ অন্তৰ্ভুক্ত সদস্য সংস্থাৰ ৰাষ্ট্ৰীয় পুৰুষ দলসমূহে এই বিশ্বকাপত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ১১ জুনৰ পৰা ১৯ জুলাইলৈকে অনুষ্ঠিত হ'বলগা এই মেগা টুৰ্ণামেণ্টখন এইবাৰ তিনিখন দেশৰ ষোল্লখন চহৰে যৌথভাৱে আয়োজন কৰিছে । আয়োজক দেশকেইখন হৈছে আমেৰিকা, কানাডা আৰু মেক্সিকো । ইয়াৰ ভিতৰত আমেৰিকাৰ ১১ খন, কানাডাৰ দুখন আৰু মেক্সিকোৰ তিনিখন চহৰত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । আনহাতে, ফিফা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাত ৪৮টা দলে অংশগ্ৰহণ কৰিছে । ইয়াৰ পূৰ্বৱৰ্তী সংস্কৰণবোৰত ৩২টা দলে অংশগ্ৰহণ কৰিছিল ।

মস্কোত অনুষ্ঠিত ৬৮ সংখ্যক ফিফা কংগ্ৰেছত চূড়ান্ত ভোটদানত প্ৰতিদ্বন্দ্বী মৰক্কোক পৰাস্ত কৰি আমেৰিকাই নিবিদাৰ যুঁজত জয়লাভ কৰিছিল । আনহাতে, ২০০২ চনৰ পিছত একাধিক ৰাষ্ট্ৰৰ সহযোগত আয়োজন কৰা এইখনেই হ'ব প্ৰথম পুৰুষ বিশ্বকাপ ফুটবল । আনহাতে, ১৯৭০ আৰু ১৯৮৬ চনৰ পিছত এই প্ৰতিযোগিতাৰ ইতিহাসত সহযোগী বা নিজাকৈ সৰ্বাধিক তিনিবাৰ বিশ্বকাপ আয়োজন কৰা মেক্সিকো প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ব ।
আনহাতে, ইয়াৰ পূৰ্বে ১৯৯৪ চনত আমেৰিকাই পুৰুষৰ বিশ্বকাপ আয়োজন কৰিছিল । তেনেদৰে প্ৰথমবাৰৰ বাবে পুৰুষৰ বিশ্বকাপ প্ৰতিযোগিতাখনৰ আয়োজক বা সহযোগী আয়োজক হিচাপে কানাডাৰ অন্তৰ্ভুক্তি হ’ব । ইয়াৰ উপৰি ২০২২ চনত কাটাৰত নৱেম্বৰ আৰু ডিচেম্বৰ মাহত এক ব্যতিক্ৰমীভাৱে বিশ্বকাপ অনুষ্ঠিত হোৱাৰ পিছত এই প্ৰতিযোগিতা ইয়াৰ উত্তৰ গোলাৰ্ধৰ পৰম্পৰাগত গ্ৰীষ্মকালীন সূচীলৈ পুনৰ উভতি আহিছে ।
আয়োজক দেশ হিচাপে কানাডা, মেক্সিকো আৰু আমেৰিকাই পোনপটীয়াকৈ ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে । ২০২২ চনত তৃতীয়বাৰৰ বাবে বিশ্বকাপ খিতাপ দখল কৰা আৰ্জেণ্টিনা হৈছে বৰ্তমানৰ ফিফা বিশ্বকাপ চেম্পিয়ন ।
প্ৰতিযোগিতাৰ ফৰ্মেট আৰু ইয়াৰ অংশগ্ৰহণকাৰীৰ সংখ্যাৰ সম্প্ৰসাৰণ
প্ৰতিযোগিতাখনত দলৰ সংখ্যা বৃদ্ধিৰ প্ৰস্তাৱ পোন প্ৰথমে ২০১৩ চনত তদানীন্তন ইউএফএৰ সভাপতি মিচেল প্লেটিনিয়ে আৰু ২০১৬ চনত তদানীন্তন ফিফাৰ সভাপতি জিয়ানি ইনফাণ্টিনোৱেও আগবঢ়াইছিল । অৱশ্যে এই প্ৰস্তাৱৰ বিৰুদ্ধাচৰণ হৈছিল ।
কিন্তু সমৰ্থন-বিৰুদ্ধাচৰণৰ মাজতে এইবাৰৰ ফিফা বিশ্বকাপ সংস্কৰণ ৪৮টা দললৈ সম্প্ৰসাৰিত হৈছে । লগে লগে পূৰ্বৰ সাতবাৰৰ প্ৰতিযোগিতাৰ ইতিহাসৰ তুলনাত ১৬টা দল বৃদ্ধি পাইছে । এই ৪৮টা দলক এটা দলত চাৰিটাকৈ মুঠ বাৰটা গ্ৰুপত ভাগ কৰা হৈছে । ইয়াৰে প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দল আৰু আঠটা শ্ৰেষ্ঠ তৃতীয় স্থানৰ দলৰ পৰা মুঠ ৩২টা দল ৰাউণ্ড অব ৩২লৈ উন্নীত হ'ব । এই নিয়মত ২০২৩ চনৰ ১৪ মাৰ্চত ফিফা কাউন্সিলে অনুমোদন জনায় । ১৯৯৮ চনৰ পিছত এইটো হৈছে প্ৰথম সম্প্ৰসাৰণ আৰু ফৰ্মেটৰ পৰিৱৰ্তন ।
ইয়াৰ লগে লগে প্ৰতিযোগিতাখনৰ মুঠ মেচৰ সংখ্যাও পূৰ্বৰ ৬৪ খনৰ পৰা বৰ্তমান ১০৪ খনলৈ বৃদ্ধি পাব । আনহাতে, চূড়ান্ত চাৰিত প্ৰৱেশ কৰা দলসমূহে খেলিবলগা মেচৰ সংখ্যাও সাতখনৰ পৰা আঠখনলৈ বৃদ্ধি পাব । ইয়াৰ উপৰি ২০১৪ আৰু ২০১৮ চনৰ প্ৰতিযোগিতাৰ দিন ৩২ দিনৰ তুলনাত এইবাৰ এই প্ৰতিযোগিতাখন ৩৯ দিনীয়া হ'ব । প্ৰতিটো দলেই গ্ৰুপ পৰ্যায়ত তিনিখনকৈ মেচ খেলিব ।
বিশ্বকাপ আয়োজকৰ নিৰ্বাচন
২০১৩ আৰু ২০১৭ চনৰ ভিতৰত ফিফা কাউন্সিলে মহাদেশীয় কনফেডাৰেচনসমূহৰ ওপৰত ভিত্তি কৰি আয়োজকৰ ঘূৰ্ণনশীল (ৰোটেচন) পদ্ধতিৰ ওপৰত বহুবাৰ আলোচনা-বিলোচনা কৰে । আৰম্ভণিতে এইটো নিৰ্ধাৰণ কৰা হৈছিল যে পূৰ্বৰ দুখন প্ৰতিযোগিতা আয়োজন কৰা কনফেডাৰেচনৰ অন্তৰ্গত দেশক আয়োজক হোৱাৰ বাবে নিবিদাত অংশগ্ৰহণৰ অনুমতি প্ৰদান কৰা নহ’ব । কিন্তু ইয়াক সাময়িকভাৱে সলনি কৰি কেৱল আগৰবাৰ বিশ্বকাপ আয়োজন কৰা কনফেডাৰেচনৰ অন্তৰ্গত দেশসমূহকহে পৰৱৰ্তী প্ৰতিযোগিতা আয়োজনৰ বাবে নিবিদাত অংশগ্ৰহণৰ অনুমতি প্ৰদানত নিষেধাজ্ঞা আৰোপ কৰা হয় । কিন্তু পিছত এই নিয়মটো পুনৰ পূৰ্বৰ দুখন বিশ্বকাপ আয়োজনৰ যি চৰ্ত নিৰ্ধাৰণ কৰা হৈছিল, তালৈ পৰিৱৰ্তন কৰা হয় ।
প্ৰথমতে কানাডা, মেক্সিকো আৰু আমেৰিকাই পৃথকে প্ৰতিযোগিতাখন আয়োজনৰ বাবে নিবিদা আগবঢ়োৱাৰ কথা বিবেচনা কৰিছিল যদিও ২০১৭ চনৰ ১০ এপ্ৰিলত তিনিওখন দেশে যৌথভাৱে নিবিদা আগবঢ়োৱাৰ কথা ঘোষণা কৰে ।
২০২৬ চনৰ ফিফা বিশ্বকাপ আয়োজক দেশ নিৰ্বাচনৰ বাবে ২০১৮ চনৰ ১৩ জুনত মস্কোত অনুষ্ঠিত ৬৮ সংখ্যক ফিফা কংগ্ৰেছত ভোটদান অনুষ্ঠিত হয় । এই ভোটদানৰ বাবে যোগ্যতা অৰ্জনকাৰী সদস্য সংখ্যা আছিল ২০৩ । আমেৰিকাৰ নিবিদাই ১৩৪টা বৈধ ভোট লাভ কৰি বিজয়ী হোৱাৰ বিপৰীতে মৰক্কোৰ নিবিদাই মাত্ৰ ৬৫টা ভোট লাভ কৰে । ইৰাণে দুয়োখন নিবিদাৰ কোনোটোতেই ভোটদান নকৰিলে । আনহাতে, কিউবা, শ্লোভেনিয়া আৰু স্পেইনে ভোটদানৰ পৰা বিৰত থাকে । ইফালে দুৰ্নীতিৰ কেলেংকাৰী সন্দৰ্ভত ফিফাই নিলম্বন কৰাৰ বাবে ঘানাই ভোটদানৰ যোগ্যতা অৰ্জন কৰা নাছিল ।
ভোটদানৰ ফলাফল
- কানাডা, মেক্সিকো, আমেৰিকা যুক্তৰাষ্ট্ৰ : ১৩৪
- মৰক্কো : ৬৫
- দুয়োখনতে ভোট নিদিয়া : ১
- ভোটদানৰ পৰা বিৰত : ৩
- মুঠ ভোট : ২০০
- সংখ্যাগৰিষ্ঠৰ বাবে প্ৰয়োজন : ১০১
বিশ্বকাপ অনুষ্ঠিত হ'বলগীয়া স্থানসমূহ
২০২২ চনৰ ১৬ জুনত ফিফাই ষোল্লখন আয়োজক চহৰ (কানাডাত দুখন, মেক্সিকোত তিনিখন, আমেৰিকাত এঘাৰখন) ঘোষণা কৰে । সেইকেইখন হৈছে :
আমেৰিকাৰ ডালাছ চহৰৰ ডালাছ ষ্টেডিয়াম : দৰ্শকৰ ক্ষমতা ৯৪,০০০
- মেক্সিকোৰ মেক্সিকো চিটিৰ মেক্সিকো চিটি ষ্টেডিয়াম : দৰ্শকৰ ক্ষমতা ৯৩,০০০
- আমেৰিকাৰ নিউয়ৰ্ক/নিউজাৰ্চিৰ নিউয়ৰ্ক নিউ জাৰ্চি ষ্টেডিয়াম : দৰ্শকৰ ক্ষমতা ৮২,৫০০
- আমেৰিকাৰ আটলাণ্টাৰ আটলাণ্টা ষ্টেডিয়াম : দৰ্শকৰ ক্ষমতা ৭৫,০০০
- আমেৰিকাৰ কানছাছ চিটিৰ কানছাছ চিটি ষ্টেডিয়াম : দৰ্শকৰ ক্ষমতা ৭৩,০০০
- আমেৰিকাৰ হিউষ্টনৰ হিউষ্টন ষ্টেডিয়াম : দৰ্শকৰ ক্ষমতা ৭২,০০০
- আমেৰিকাৰ ছান ফ্ৰান্সিস্কোৰ ছান ফ্ৰান্সিস্কো বে এৰিয়া ষ্টেডিয়াম : দৰ্শকৰ ক্ষমতা ৭১,০০০
- আমেৰিকাৰ লছ এঞ্জেলছৰ লছ এঞ্জেলছ ষ্টেডিয়াম : দৰ্শকৰ ক্ষমতা ৭০,০০০
- আমেৰিকাৰ ফিলাডেলফিয়াৰ ফিলাডেলফিয়া ষ্টেডিয়াম : দৰ্শকৰ ক্ষমতা ৬৯,০০০
- আমেৰিকাৰ চিয়াটলৰ চিয়াটল ষ্টেডিয়াম : দৰ্শকৰ ক্ষমতা ৬৯,০০০
- আমেৰিকাৰ বোষ্টনৰ বোষ্টন ষ্টেডিয়াম : দৰ্শকৰ ক্ষমতা ৬৫,০০০
- আমেৰিকাৰ মিয়ামিৰ মিয়ামি ষ্টেডিয়াম : দৰ্শকৰ ক্ষমতা ৬৫,০০০
- কানাডাৰ ভেংকুৱাৰৰ বিচি প্লেচ ভেংকুৱাৰ : দৰ্শকৰ ক্ষমতা ৫৪,০০০
- মেক্সিকোৰ মণ্টেৰেইৰ এষ্টেডিঅ’ মণ্টেৰেই : দৰ্শকৰ ক্ষমতা ৫৩,৫০০
- মেক্সিকোৰ গুৱাডালাজাৰাৰ এষ্টেডিঅ’ গুৱাডালাজাৰা : দৰ্শকৰ ক্ষমতা ৫২,০০০
- কানাডাৰ টৰণ্টোৰ টৰণ্টো ষ্টেডিয়াম : দৰ্শকৰ ক্ষমতা ৪৫,০০০
বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জনকাৰী দলসমূহ
- অষ্ট্ৰেলিয়া
- ইৰাণ
- ইৰাক
- জাপান
- জৰ্ডান (অভিষেক)
- কাটাৰ
- চৌদি আৰব
- দক্ষিণ কোৰিয়া
- উজবেকিস্তান (অভিষেক)
- আলজেৰিয়া
- কেপ ভাৰ্ডে (অভিষেক)
- কংগো
- মিচৰ
- ঘানা
- আইভৰি কোষ্ট
- মৰক্কো
- চেনেগাল
- দক্ষিণ আফ্ৰিকা
- টিউনিছিয়া
- কানাডা (সহ-আয়োজক)
- কিউৰাকাও (অভিষেক)
- হাইটি
- মেক্সিকো (সহ-আয়োজক)
- পানামা
- আমেৰিকা (সহ-আয়োজক)
- আৰ্জেণ্টিনা
- ব্ৰাজিল
- কলম্বিয়া
- ইকুৱেডৰ
- পেৰাগুৱে
- উৰুগুৱে
- নিউজীলেণ্ড
- অষ্ট্ৰিয়া
- বেলজিয়াম
- বছনিয়া আৰু হাৰ্জেগোভিনা
- ক্ৰ'ৱেচিয়া
- চেক গণৰাজ্য
- ইংলেণ্ড
- ফ্ৰান্স
- জাৰ্মানী
- নেদাৰলেণ্ড
- নৰৱে
- পৰ্তুগাল
- স্কটলেণ্ড
- স্পেইন
- ছুইডেন
- ছুইজাৰলেণ্ড
- তুৰস্ক
গ্ৰুপ নিৰ্ধাৰণ
কোনটো গ্ৰুপত কোন দল থাকিব সেয়া নিৰ্ধাৰণৰ বাবে ২০২৫ চনৰ ৫ ডিচেম্বৰত ৱাশ্বিংটন ডিচিৰ কেনেডি চেণ্টাৰত ড্ৰ' অনুষ্ঠিত হৈছিল । ড্ৰ' অনুষ্ঠানৰ আৰম্ভণিতে ফিফাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক প্ৰথম ফিফা শান্তি বঁটা প্ৰদান কৰে ।

দলৰ খেলুৱৈ সংখ্যা
প্ৰতিযোগিতাখনৰ বাবে চূড়ান্ত দল দাখিল কৰাৰ পূৰ্বে দলসমূহে প্ৰতিযোগিতাখনৰ এমাহ পূৰ্বে ৩৫ৰ পৰা ৫৫ জন খেলুৱৈৰ এটা অস্থায়ী দলৰ নাম প্ৰদান কৰে । ২ জুনৰ ভিতৰত দলসমূহে নিজৰ চূড়ান্ত দলৰ নাম উল্লেখ কৰাৰ সময় আছিল । অৱশ্যে যদি কোনো খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণৰ পূৰ্বে আঘাতপ্ৰাপ্ত বা গুৰুতৰভাৱে অসুস্থ হৈ পৰে তেন্তে দলৰ প্ৰথমখন মেচৰ ২৪ ঘণ্টা আগলৈকে তেওঁৰ ঠাইত অস্থায়ী দলৰ পৰা আন এজন খেলুৱৈক ল'ব পাৰে । কিন্তু আঘাতপ্ৰাপ্ত বা অসুস্থ গ'লৰক্ষকৰ ঠাইত প্ৰতিযোগিতাখনৰ যিকোনো সময়তে অস্থায়ী দলৰ পৰা আন এজন গ'লৰক্ষক ল'ব পাৰি ।
প্ৰতিযোগিতা পৰিচালক
এই মেগা প্ৰতিযোগিতাখনৰ বাবে ২০২৬ চনৰ ৯ এপ্ৰিলত ফিফাই ৫২ জন ৰেফাৰী, ৮৮ জন সহকাৰী ৰেফাৰী আৰু ৩০ জন ভিডিঅ’ সহকাৰী ৰেফাৰীৰ তালিকা ঘোষণা কৰে ।
উদ্বোধনী অনুষ্ঠান
প্ৰতিযোগিতাখনত আয়োজক তিনিখন দেশৰ প্ৰতিখনৰ বাবে এটাকৈ মুঠ তিনিটাকৈ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব । মেক্সিকোত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠান ১১ জুনত এষ্টাডিঅ’ বান’ৰ্টেত অনুষ্ঠিত হ’ব । ইয়াত মেক্সিকান ৰক বেণ্ড মানা, মেক্সিকান গায়ক আলেজান্দ্ৰ’ ফাৰ্নাণ্ডেজ, বেলিণ্ডা আৰু লিলা ডাউন্স, মেক্সিকান কাম্বিয়া বেণ্ড লছ এঞ্জেলেছ আজুলেছ, দক্ষিণ আফ্ৰিকাৰ গায়ক টাইলা, নাইজেৰিয়ান গায়ক বাৰ্না বয়, কলম্বিয়াৰ গায়ক জে বালভিন আৰু শ্বাকিৰা আৰু ভেনিজুৱেলাৰ গায়ক ডেনি অ’চেন আদিয়ে অংশগ্ৰহণ কৰিব ।
আনহাতে, কানাডাত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠান ১২ জুনত টৰণ্টোৰ বিএমঅ’ ফিল্ডত অনুষ্ঠিত হ’ব । এই অনুষ্ঠানত কানাডাৰ গায়ক এলানিছ মৰিছেট, এলেছিয়া কাৰা, জেছি ৰেয়েজ, মাইকেল বুবলে, নোৰা ফাটেহি আৰু উইলিয়াম প্ৰিন্স, পেলেষ্টাইনী গায়িকা ইলিয়ানা, বাংলাদেশী-আমেৰিকান ডিজে ছানজয় আৰু ফৰাচী গায়ক ভেগেড্ৰিময়ে অংশগ্ৰহণ কৰিব ।
১২ জুনৰ দিনাই আমেৰিকাৰ লছ এঞ্জেলছৰ ছ’ফি ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া উদ্বোধনী অনুষ্ঠানত আমেৰিকান গায়িকা কেটি পেৰী, আমেৰিকান ৰেপাৰ ফিউচাৰ, থাই ৰেপাৰ আৰু ব্লেকপিংকৰ সদস্য লিজা, ব্ৰাজিলৰ গায়িকা অনিটা, নাইজেৰিয়াৰ গায়িকা ৰেমা আৰু দক্ষিণ আফ্ৰিকাৰ গায়িকা টাইলাৰে অনুষ্ঠান পৰিবেশন কৰিব ।
আনহাতে, উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'বলগীয়া একেখন চহৰতে ১০ জুনত কাউণ্টডাউন কনচাৰ্ট অনুষ্ঠিত হ’ব । ফ’ৰ্ট ইয়ৰ্ক আৰু দ্য বেণ্টৱেত টৰণ্টো কনচাৰ্টত কানাডাৰ কণ্ঠশিল্পী ব্ৰাইয়ান এডামছ আৰু নোৰা ফাটেহী, বাংলাদেশী-আমেৰিকান ডিজে ছানজয়, ফৰাচী কণ্ঠশিল্পী ভেগেড্ৰিম আৰু কানাডাৰ কণ্ঠশিল্পী এএইচআই আৰু হাইটিৰ ৰেপাৰ ৱাইক্লিফ জিনৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত হ’ব ।
অডিটৰিয়া নেচনেলত মেক্সিকো চিটিৰ কনচাৰ্টত মেক্সিকান কাম্বিয়া বেণ্ড লছ এঞ্জেলেছ এজুলেছ, মেক্সিকান কণ্ঠশিল্পী বেলিণ্ডা, ভেনিজুৱেলাৰ-আমেৰিকান কণ্ঠশিল্পী এলেনা ৰোজে অংশগ্ৰহণ কৰিব ।
ক্ৰিপ্টো ডট কম এৰিনাত লছ এঞ্জেলছৰ কনচাৰ্টত আমেৰিকাৰ ইলেক্ট্ৰ'নিক মিউজিক গ্ৰুপ মেজৰ লেজাৰ, নাইজেৰিয়ান-আমেৰিকান কণ্ঠশিল্পী ডেভিডো আৰু বিশেষ অতিথিয়ে অংশগ্ৰহণ কৰিব ।
ইয়াৰ উপৰি ৪ জুলাইত ফিলাডেলফিয়াৰ লিংকন ফাইনেন্সিয়েল ফিল্ড আৰু হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত আমেৰিকাৰ ছেমিকুইচেণ্টেনিয়েলক সন্মান জনাই দুটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হ’ব ।
গ্ৰুপ পৰ্যায়
১১ জুনৰ পৰা ২৭ জুনলৈ গ্ৰুপ পৰ্যায়ৰ মেচসমূহ অনুষ্ঠিত হ'ব । প্ৰতিযোগী দেশসমূহক চাৰিটা দলৰ বাৰটা গ্ৰুপত ভাগ কৰা হৈছে । প্ৰতিটো গ্ৰুপৰ দলসমূহে ইটোৱে সিটোৰ বিৰুদ্ধে ৰাউণ্ড-ৰবীন পদ্ধতিত অংশগ্ৰহণ কৰিব । গ্ৰুপ ৰেংকিঙত জয়ৰ ক্ষেত্ৰত তিনি পইণ্ট, ড্ৰ’ৰ ক্ষেত্ৰত এক পইণ্ট লাভ কৰিব । গ্ৰুপ পৰ্যায়ৰ মেচৰ সামৰণিত প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দল আৰু প্ৰতিটো গ্ৰুপৰে তৃতীয় স্থানৰ আঠটা শ্ৰেষ্ঠ দলে নকআউট পৰ্যায়লৈ উন্নীত হ'ব ।
গ্ৰুপ এ
- মেক্সিকো (আয়োজক)
- দক্ষিণ আফ্ৰিকা
- দক্ষিণ কোৰিয়া
- চেক গণৰাজ্য
গ্ৰুপ বি
- কানাডা (আয়োজক)
- বছনিয়া আৰু হাৰ্জেগোভিনা
- কাটাৰ
- ছুইজাৰলেণ্ড
গ্ৰুপ চি
- ব্ৰাজিল
- মৰক্কো
- হাইটি
- স্কটলেণ্ড
গ্ৰুপ ডি
- আমেৰিকা (আয়োজক)
- পেৰাগুৱে
- অষ্ট্ৰেলিয়া
- তুৰস্ক
গ্ৰুপ ই
- জাৰ্মানী
- কিউৰাচাও
- আইভৰি কোষ্ট
- ইকুৱেডৰ
গ্ৰুপ এফ
- নেদাৰলেণ্ড
- জাপান
- ছুইডেন
- টিউনিছিয়া
গ্ৰুপ জি
- বেলজিয়াম
- মিচৰ
- ইৰাণ
- নিউজীলেণ্ড
গ্ৰুপ এইচ
- স্পেইন
- কেপ ভাৰ্ডে
- চৌদি আৰব
- উৰুগুৱে
গ্ৰুপ আই
- ফ্ৰান্স
- চেনেগাল
- ইৰাক
- নৰৱে
গ্ৰুপ জে
- আৰ্জেণ্টিনা
- আলজেৰিয়া
- অষ্ট্ৰিয়া
- জৰ্ডান
গ্ৰুপ কে
- পৰ্তুগাল
- কংগো
- উজবেকিস্তান
- কলম্বিয়া
গ্ৰুপ এল
- ইংলেণ্ড
- ক্ৰ'ৱেচিয়া
- ঘানা
- পানামা
নকআউট পৰ্যায়
২৮ জুনত ৰাউণ্ড অব ৩২ৰ পৰা আৰম্ভ কৰি ১৯ জুলাইত ফাইনেললৈক এলিমিনেচন ফৰ্মেটত নকআউট পৰ্যায়ৰ খেল অনুষ্ঠিত হ’ব । ইয়াৰ আগদিনা ছেমি ফাইনেলৰ পৰাজয় হোৱা দুটা দলৰ মাজত তৃতীয় স্থানৰ বাবে মেচ অনুষ্ঠিত হ'ব আৰু তাৰ পৰা ব্ৰঞ্জৰ পদক বিজয়ী নিৰ্ণয় কৰা হ’ব । নকআউট পৰ্যায়ত যদি নিৰ্ধাৰিত সময়ৰ শেষত স্ক’ৰ সমান হয়, তেন্তে ৩০ মিনিটৰ অতিৰিক্ত সময় খেলা হ’ব । অতিৰিক্ত সময়ৰ শেষতো যদি ফলাফল নোলায়, তেন্তে পেনাল্টি শ্বুটআউটৰ সহায়ত বিজয়ী নিৰ্ণয় কৰা হ’ব ।
বিপণন
ব্ৰেণ্ডিং
২০২৩ চনৰ ১৭ মে’ত কেলিফ'ৰ্ণিয়াৰ লছ এঞ্জেলছৰ গ্ৰীফিথ অবজাৰভেটৰীত প্ৰতিযোগিতাখনৰ প্ৰতীক আৰু ব্ৰেণ্ড উন্মোচন কৰা হয় । ইয়াৰ মূল ৰূপটোত এটাৰ ওপৰত আন এটা ৰাখি '২৬' সংখ্যাটো আছে আৰু ইয়াৰ সন্মুখত ফিফা বিশ্বকাপ ট্ৰফীৰ ছবি আছে । কিন্তু ইয়াক বিভিন্ন পটভূমিৰ সৈতে খাপ খুৱাব পৰাকৈ ডিজাইন কৰা হৈছে । ইয়াৰ পিছদিনা ফিফাই প্ৰতিখন আয়োজক চহৰৰ বাবে পৃথক প্ৰতীক উন্মোচন কৰে । ইয়াত ব্যৱহাৰ কৰা ৰঙৰ ভিন্নতা আৰু ডিজাইনৰ বৈশিষ্ট্যই স্থানীয় প্ৰাকৃতিক দৃশ্য বা সংস্কৃতিক প্ৰতিফলিত কৰে ।
অফিচিয়েল পোষ্টাৰ
২০২৫ চনৰ মাৰ্চ আৰু এপ্ৰিল মাহত ফিফাই ২০২৬ চনৰ বিশ্বকাপ আয়োজক চহৰসমূহৰ প্ৰতিখন চহৰক প্ৰতিনিধিত্ব কৰা ১৬ খন পোষ্টাৰৰ এটা ছেট উন্মোচন কৰে । স্থানীয় শিল্পীসকলে ডিজাইন কৰা এই পোষ্টাৰসমূহৰ উদ্দেশ্য হৈছে প্ৰতিখন আয়োজক চহৰৰ "একক পৰিচয় আৰু ঐতিহ্য" প্ৰতিফলিত কৰা । আনহাতে, ২০২৬ চনৰ ৩ মাৰ্চত আনুষ্ঠানিক পোষ্টাৰখন উন্মোচন কৰা হয় । প্ৰথমবাৰৰ বাবে তিনিজন শিল্পী ক্ৰমে কাৰ্ছন টিং (কানাডা), মিনাৰ্ভা জিএম (মেক্সিকো), আৰু হেংক উইলিছ থমাছে (আমেৰিকা) নিজৰ দক্ষতা আৰু কলাত্মক শৈলীৰ সংমিশ্ৰণেৰে অফিচিয়েল পোষ্টাৰখন তৈয়াৰ কৰে ।
সম্প্ৰচাৰ স্বত্ব
ফিফাই ২০২৬ চনৰ বিশ্বকাপ সম্প্ৰচাৰ কৰিবলৈ ফক্স (আমেৰিকান ইংৰাজী), এনবিচিইউনিভাৰ্চেল (আমেৰিকান স্পেনিছ) আৰু বেল মিডিয়াৰ (কানাডা) বাবে ২০১৫ চনৰ ১২ ফেব্ৰুৱাৰীত আমেৰিকা আৰু কানাডাৰ সম্প্ৰচাৰ স্বত্বৰ চুক্তি নবীকৰণ কৰে ।
২০২৬ চনৰ ৮ জানুৱাৰীত টিকটকক বিশ্বকাপৰ ভিডিঅ' কণ্টেণ্টৰ বাবে 'পছন্দৰ মঞ্চ' হিচাপে গঢ়ি তুলিবলৈ ফিফাই চুক্তিবদ্ধ হয় । চুক্তিৰ অংশ হিচাপে সম্প্ৰচাৰকসকলে টিকটক এপত এটা নিৰ্দিষ্ট হাবত মেচৰ কিছু অংশ সম্প্ৰচাৰ কৰিব পাৰিব । তাৰ পিছত ফিফাই ১৭ মাৰ্চত ইউটিউবৰ সৈতে একেধৰণৰ চুক্তি কৰে । যাৰ ফলত সম্প্ৰচাৰকসকলে নিজৰ নিজৰ ইউটিউব চেনেলত নিৰ্বাচিত মেচসমূহ সম্পূৰ্ণৰূপে সম্প্ৰচাৰ কৰিব পাৰিব । ইয়াৰ লগতে প্ৰতিখন মেচৰ প্ৰথম ১০ মিনিট নিজৰ প্লেটফৰ্মত সম্প্ৰচাৰ কৰিব পাৰিব ।
২০২৬ চনৰ ৮ মে'ত ফক্স স্প'ৰ্টছে কস্মৰ সৈতে অংশীদাৰিত্ব ঘোষণা কৰি মেক্সিকো বনাম দক্ষিণ আফ্ৰিকাৰ আৰম্ভণিৰ মেচ, আমেৰিকাৰ সকলো মেচ আৰু ফাইনেলকে ধৰি ৪০ খন মেচ প্ৰদৰ্শনৰ অনুমতি প্ৰদান কৰে ।
পৃষ্ঠপোষক (Sponsorships)
ফিফাৰ অংশীদাৰ
এডিডাছ
আৰামকো
কোকা-কোলা
হুণ্ডাই–কিয়া
লেন'ভো
কাটাৰ এয়াৰৱেজ
ভিছা
ফিফা বিশ্বকাপৰ পৃষ্ঠপোষক
- এবি ইনবেভ
- আমেৰিকান এয়াৰলাইন্স
- বেংক অব আমেৰিকা
- ফ্ৰিটো-লে (লেৰ)
- হিচেন্স
- মেকড'নাল্ডছ
- মেংগনিউ ডেইৰী
- ইউনিলিভাৰ
- ভেৰিজন
ফিফা বিশ্বকাপৰ সমৰ্থক
- এডিআই প্ৰেডিক্টষ্ট্ৰীট
- ড'ৰডেচ
- ইণ্টাৰ ৰেপিডিচিমো
- মেৰিয়েট বনভয়
- ৰক-ইট কাৰ্গো
- ভালভোলাইন
বিজ্ঞাপন
২০২৬ চনৰ ৭ মে'ত এডিডাছে ৫ মিনিটৰ চুটি ছবি 'Backyard Legends: the Greatest Football Story Ever Told' মুকলি কৰে । ২০২৬ চনৰ ৪ জুনত নাইকেয়ে মুক্তি দিয়ে ৬ মিনিটৰ আন এখন চুটি ছবি 'Rip The Script' ।
শুভংকৰ
২০২৫ চনৰ ২৫ ছেপ্টেম্বৰত মুকলি কৰা প্ৰতিযোগিতাখনৰ অফিচিয়েল শুভংকৰসমূহ হৈছে মেপেল (Maple), জায়ু (Zayu) আৰু ক্লাটচ (Clutch) । এই তিনিটা শুভংকৰে ক্ৰমে কানাডা, মেক্সিকো আৰু আমেৰিকাক প্ৰতিনিধিত্ব কৰে । দেশকেইখনৰ নিজ নিজ সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰিবলৈ এই শুভংকৰকেইটা ডিজাইন কৰা হৈছে ।

মেচ বল
এডিডাছ ট্ৰাইঅণ্ডা
২০২৫ চনৰ ২ মে’ত মেচ বলৰ নাম এডিডাছ ট্ৰাইঅণ্ডা (Adidas Trionda) ঘোষণা কৰা হয় । ডিজাইনত ৰঙা, সেউজীয়া আৰু নীলা (এই তিনিটা ৰঙে ক্ৰমে কানাডা, মেক্সিকো আৰু আমেৰিকাক প্ৰতিনিধিত্ব কৰে আৰু আয়োজক দেশসমূহৰ পতাকাতো দেখা যায়), লগতে প্ৰতিটো ৰং সংযোগ কৰা বগা ঢৌও আছে । সেয়েহে তিনিটা (ত্ৰি) আৰু ঢৌ (অণ্ডা)ৰ স্পেনিছ শব্দ ব্যৱহাৰ কৰি বলটোৰ নাম দিয়া হৈছে । লগতে ডিজাইনটোত তিনিখন আয়োজক দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক (কানাডাৰ বাবে এটা মেপেল পাত, মেক্সিকোৰ বাবে এটা সোণালী ঈগল আৰু আমেৰিকাৰ বাবে পাঁচটা তৰা)ৰ লগতে বিশ্বকাপ ট্ৰফীক প্ৰতিনিধিত্ব কৰিবলৈ সোণৰ সজ্জাও আছে ।

শীৰ্ষ সংগীত
২০২৩ চনৰ ১৭ মে'ত প্ৰতিযোগিতাখনৰ অফিচিয়েল থিম ছং অৰ্থাৎ আনুষ্ঠানিক শীৰ্ষ সংগীত মুকলি কৰা হয় । এই বাদ্যযন্ত্ৰৰ ট্ৰেকটোৰ নাম অতি সৰলভাৱে "ফিফা বিশ্বকাপ '২৬ শীৰ্ষ সংগীত" (FIFA World Cup 26 Theme Song) হিচাপে নামকৰণ কৰা হৈছে ।
পুৰস্কাৰৰ ধন
২০২৬ চনৰ এপ্ৰিল মাহত ফিফাই অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহে কিমান পুৰস্কাৰ লাভ কৰিব সেইটো নিৰ্ধাৰণ কৰে । এইবাৰৰ বিশ্বকাপৰ বাবে মুঠ ৮৭১ মিলিয়ন ডলাৰ পুৰস্কাৰৰ ধন নিৰ্ধাৰণ কৰা হৈছে । এই পৰিমাণ পূৰ্বৰ প্ৰতিযোগিতাখনতকৈ ৪৩১ মিলিয়ন ডলাৰ বেছি । প্ৰদৰ্শনৰ ভিত্তিত পুৰস্কাৰৰ ধন লাভ কৰাৰ উপৰি প্ৰতিটো যোগ্য দলে প্ৰতিযোগিতাৰ পূৰ্বে ১০ মিলিয়ন ডলাৰৰ অৰ্হতাৰ ধন আৰু ২৫ লাখ ডলাৰৰ প্ৰস্তুতিৰ ধনো লাভ কৰিব ।
চূড়ান্ত স্থানৰ ওপৰত ভিত্তি কৰি কোন দলে কিমান পুৰস্কাৰৰ ধন লাভ কৰিব
চেম্পিয়ন দল : ৫০ মিলিয়ন ডলাৰ
ৰাণাৰ্ছ আপ : ৩৩ মিলিয়ন ডলাৰ
তৃতীয় স্থান : ২৯ মিলিয়ন ডলাৰ
চতুৰ্থ স্থান : ২৭ মিলিয়ন ডলাৰ
পঞ্চম–অষ্টম স্থান (কোৱাৰ্টাৰ ফাইনেল ৪টা দল) : ৭৬ মিলিয়ন ডলাৰ
নৱম–ষষ্ঠদশ স্থান (ৰাউণ্ড অব ১৬ৰ ৮টা দল) : ১২০ মিলিয়ন ডলাৰ
১৭–৩২ নং স্থান (ৰাউণ্ড অব ৩২ৰ ১৬টা দল) : ১৭৬ মিলিয়ন ডলাৰ
৩৩–৪৮ নং স্থান (গ্ৰুপ পৰ্যায় ১৬টা দল) : ১৪৪ মিলিয়ন ডলাৰ
মুঠ পুৰস্কাৰৰ পৰিমাণ ৪৮টা দলৰ বাবে : ৬৫৫ মিলিয়ন ডলাৰ
ব্যক্তিগত আৰু দলীয় বঁটা
সোণালী বুট : প্ৰতিযোগিতাখনৰ সৰ্বোচ্চ গ’লদাতাক প্ৰদান কৰা হয় ।
সোণালী গ্ল'ভ : প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ গ’লৰক্ষকক প্ৰদান কৰা হয় ।
সোণালী বল : প্ৰতিযোগিতাখনৰ সামগ্ৰিকভাৱে শ্ৰেষ্ঠ খেলুৱৈক প্ৰদান কৰা হয় ।
ফিফা যুৱ খেলুৱৈ বঁটা : প্ৰতিযোগিতাখনৰ ২১ বছৰৰ তলৰ সামগ্ৰিকভাৱে শ্ৰেষ্ঠ খেলুৱৈক প্ৰদান কৰা হয় ।
ফিফা ফেয়াৰ প্লে ট্ৰফী : নকআউট পৰ্যায়ত উপনীত হোৱা শ্ৰেষ্ঠ অনুশাসনমূলক অভিলেখ থকা দলটোক প্ৰদান কৰা হয় ।

