ফিফা বিশ্বকাপ ২০২৬: কোন কোন দলে মুখামুখি হ’ব ছেমিফাইনেলত, ভাৰতত বিনামূলীয়াকৈ কিদৰে উপভোগ কৰিব খেল ?
বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰেংকিঙৰ শীৰ্ষ চাৰিটা দলে ছেমিফাইনেলত প্ৰৱেশ কৰিছে । ছেমিফাইনেলত প্ৰৱেশ কৰা চাৰিওটা দলেই অন্ততঃ এবাৰকৈ বিশ্বকাপ জয় কৰিছে ।

Published : July 13, 2026 at 12:08 PM IST
গুৱাহাটী: অন্তিম পৰ্যায়ত উপনীত হৈছে ফিফা বিশ্বকাপ ২০২৬ ৷ প্ৰায় এমাহজুৰি চলা দুভৰিৰ যুঁজৰ অন্তত এতিয়া ছেমিফাইনেল পৰ্যায় আহি পৰিছে ৷ মুঠ ৪৮ টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত তীব্ৰ যুঁজৰ অন্তত চাৰিটা দলে ছেমিফাইনেলত প্ৰৱেশ কৰিছে ।
কোৱাৰ্টাৰ ফাইনেলত ৰোমাঞ্চকৰ প্ৰদৰ্শন আগবঢ়াই বিশ্বকাপৰ খিতাপ দখলৰ যুঁজত এখোজ আগুৱাইছে এই চাৰিটা দলে । কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সে মৰক্কোক ২-০ গ’লত পৰাস্ত কৰে আৰু স্পেইনে বেলজিয়ামক ২-১ গ’লত পৰাস্ত কৰে । ইংলেণ্ডে নৰৱেক ২-১ গ’লত পৰাস্ত কৰাৰ বিপৰীতে আৰ্জেণ্টিনাই ছুইজাৰলেণ্ডক ৩-১ গ’লত পৰাস্ত কৰে ।
The Semi-finals are set 👀#FIFAWorldCup
— FIFA World Cup (@FIFAWorldCup) July 12, 2026
ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই পূৰ্বৰ সংস্কৰণৰ প্ৰদৰ্শনৰ দৰেই এইবাৰো খিতাপ দখলৰ লক্ষ্য ৰাখিব । এইবাৰৰ বিশ্বকাপৰ পাছতেই দলটোৰ অধিনায়ক লিঅ’নেল মেছিয়ে অৱসৰ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ উল্লেখযোগ্য যে বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰেংকিঙৰ শীৰ্ষ চাৰিটা দলে ছেমিফাইনেলত প্ৰৱেশ কৰিছে ।
লিঅ’নেল মেছি, হেৰী কেন, লেমিন ইয়ামাল, কিলিয়ান এমবাপেৰ দৰে তাৰকা ষ্ট্ৰাইকাৰ এই লাইনআপত আছে । ছেমিফাইনেলত প্ৰৱেশ কৰা চাৰিওটা দলেই অন্ততঃ এবাৰকৈ বিশ্বকাপ জয় কৰিছে । বিশ্বকাপৰ ইতিহাসত আৰ্জেণ্টিনাই তিনিটাকৈ খিতাপ দখল কৰাৰ বিপৰীতে ফ্ৰান্সে দুবাৰ ৰাণাৰ্ছআপ হৈছে ।
ফিফা বিশ্বকাপ ২০২৬ ৰ ছেমিফাইনেলৰ সূচী
- ফ্ৰান্স বনাম স্পেইন, ১৫ জুলাই, নিশা ১২:৩০ বজাত
- স্থান: ডালাছ ষ্টেডিয়াম, আৰ্লিংটন
- ইংলেণ্ড বনাম আৰ্জেণ্টিনা, ১৬ জুলাই, নিশা ১২:৩০ বজাত
- স্থান: আটলান্টা ষ্টেডিয়াম, আটলান্টা
ফিফা বিশ্বকাপ ২০২৬ লাইভ ষ্ট্ৰীমিংৰ সবিশেষ
ভাৰতীয় দৰ্শকে বিশ্বকাপৰ বাকী থকা খেলসমূহ বিনামূলীয়াকৈ চোৱাৰ সুযোগ পাব । ডি ডি স্প’ৰ্টছে সকলো মেচ দৰ্শকক দেখুৱাব ৷ ইয়াৰ ফলত দৰ্শকে কোনো ধৰণৰ চাবস্ক্ৰিপচন মাচুল নিদিয়াকৈ ফিফা বিশ্বকাপৰ ছেমিফাইনেল চাব পাৰিব । লগতে, ZEE5 এ মাহিলী 799 টকাৰ প্লেন আগবঢ়াইছে ৷ য’ত ফুটবল বিশ্বকাপৰ সম্পূৰ্ণ কভাৰেজ অন্তৰ্ভুক্ত কৰা হৈছে ।
ফিফা বিশ্বকাপৰ সোণালী বুটৰ দৌৰ
ফিফা বিশ্বকাপত গ’ল দিয়াৰ ক্ষেত্ৰত কিলিয়ান এমবাপে আৰু লিয়নেল মেছিয়ে ৮ টাকৈ গ’ল দি সমতাত আছে আৰু দুয়োজনেই এতিয়া সোণালী বুট জয়ৰ দৌৰত আছে ।
- কিলিয়ান এমবাপে - ৮টা গ'ল, ৩টা সহযোগিতা
- লিয়নেল মেছি - ৮ গ'ল, ২টা সহযোগিতা
- হেৰী কেন - ৬ গ'ল, ১টা সহযোগিতা
- জুড বেলিংহাম - ৬টা গ'ল, ১টা সহযোগিতা
উল্লেখ্য যে ফিফা বিশ্বকাপৰ ফাইলেন খেলখন অনুষ্ঠিত হ’ব অহা ১৯ জুলাইত ।
লগতে পঢ়ক: ফিফা বিশ্বকাপৰ মাজতে দুঃখবৰ, হঠাৎ দক্ষিণ আফ্ৰিকাৰ ফুটবলাৰৰ মৃত্যু

