ETV Bharat / sports

ফিফা বিশ্বকাপ কোৱাৰ্টাৰ ফাইনেল: আপোনাৰ প্ৰিয় দলটোৰ খেল কোনদিনা কেতিয়া উপভোগ কৰিব পাৰিব ?

আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰাৰ পিছতে ফিফা বিশ্বকাপ ২০২৬ৰ কোৱাৰ্টাৰ ফাইনেলৰ সূচী সম্পূৰ্ণ হৈছে ।

FIFA 2026 Quarterfinal Schedule
ফিফা বিশ্বকাপ ২০২৬ কোৱাৰ্টাৰ ফাইনেল সূচী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 8, 2026 at 3:22 PM IST

|

Updated : July 8, 2026 at 4:30 PM IST

5 Min Read
Choose ETV Bharat

হায়দৰাবাদ : গ্ৰুপ আৰু নকআউট পৰ্যায়ৰ দুটা ৰাউণ্ডৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত চলিত ফিফা বিশ্বকাপ ৰোমাঞ্চকৰ পৰ্যায়ত উপনীত হৈছে । ইতিমধ্যে ফিফা বিশ্বকাপ ২০২৬ৰ কোৱাৰ্টাৰ ফাইনেলৰ সূচী চূড়ান্ত হৈছে । আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে কোৱাৰ্টাৰ ফাইনেলৰ অন্তিম দুটা স্থান দখল কৰিছে । ৰাউণ্ড অব ১৬ত ইজিপ্তৰ বিৰুদ্ধে বিতৰ্কিত জয়েৰে আৰ্জেণ্টিনাই কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰাৰ বিপৰীতে ৰোমাঞ্চকৰ মেচত পেনাল্টিৰ জৰিয়তে কলম্বিয়াক ৪-৩ গ’লত পৰাস্ত কৰা ছুইজাৰলেণ্ডৰ মুখামুখি হ'ব ।

কোৱাৰ্টাৰ ফাইনেলত ফুটবল জগতত দপদপাই থকা স্পেইন, ফ্ৰান্সৰ দৰে বিখ্যাত দল আছে । লগতে মৰক্কো, বেলজিয়াম, নৰৱে আৰু ছুইজাৰলেণ্ডেও নিজকে খিতাপৰ প্ৰবল দাবীদাৰ হিচাপে উপস্থাপন কৰিছে । কোৱাৰ্টাৰ ফাইনেলৰ সূচী অতি ৰোমাঞ্চকৰ আৰু তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক হোৱাৰ আশা কৰা হৈছে । কোৱাৰ্টাৰ ফাইনেলৰ সূচীৰ সবিশেষ (ভাৰতীয় সময় মতে) উল্লেখ কৰা হ’ল ।

FIFA 2026 Quarterfinal Schedule
ফিফা বিশ্বকাপ ২০২৬ কোৱাৰ্টাৰ ফাইনেল সূচী (FIFA World Cup 2026)

ফ্ৰান্স বনাম মৰক্কো (১০ জুলাই নিশা ১.৩০ বজাত)

ইউৰোপৰ অদ্বিতীয় ফ্ৰান্সে ফিফা বিশ্বকাপ ২০২৬ৰ প্ৰথম কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । ফ্ৰান্সে প্ৰতিযোগিতাখনৰ অন্যতম শক্তিশালী দল হিচাপে আত্মপ্ৰকাশ কৰিলেও মৰক্কোৱেও উজ্জ্বীৱিত খেল প্ৰদৰ্শন কৰি অন্যতম চমক পেকেজ হিচাপে আত্মপ্ৰকাশ কৰিছে ।

প্ৰতিযোগিতাখনৰ ইতিহাসত এতিয়ালৈকে ১৯টা গ’ল দিয়া এমবাপেয়ে লিঅ'নেল মেছিৰ (২১) সৈতে সমতা স্থাপন কৰিবলৈ মাত্ৰ দুটা গ’ল বাকী আছে । ২০২২ চনৰ বিশ্বকাপত ছেমিফাইনেললৈকে উন্নীত মৰক্কোৰ অধিনায়ক আশ্ৰফ হাকিমিয়ে দলটোৰ খিতাপৰ দৌৰ অধিক উন্নত কৰাৰ লক্ষ্য ৰাখিব ।

স্পেইন বনাম বেলজিয়াম (১১ জুলাই নিশা ১২.৩০ বজাত)

দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে স্পেইন অৱতীৰ্ণ হ'ব । দুয়োটা দলৰে লক্ষ্য হ'ব অন্তিম চাৰিটা দলত স্থান নিশ্চিত কৰা । ২০১০ চনত স্পেইনে বিশ্বকাপ জয় কৰিছিল যদিও তাৰ পিছত দলটোৱে খেলৰ একে ধাৰা প্ৰদৰ্শন কৰিব পৰা নাই । অৱশ্যে লেমিন ইয়ামাল, পেড্ৰি, গাভি, ৰড্ৰি, নিকো উইলিয়ামছৰ দৰে নতুন প্ৰজন্মৰ তাৰকাই দেখুৱাইছে যে তেওঁলোকৰ হাতত স্পেইনৰ দলটোক পুনৰবাৰ খিতাপ প্ৰদানৰ ক্ষমতা আছে ।

আনহাতে, প্ৰতিযোগিতাখনত এতিয়ালৈকে বেলজিয়ামেও এক প্ৰভাৱশালী দল হিচাপে পৰিগণিত হৈছে । কেভিন ডি ব্ৰুইন আৰু ৰোমেলু লুকাকুৰ দৰে অভিজ্ঞ খেলুৱৈৰ অভিজ্ঞতাৰ ওপৰত দলটোৰ প্ৰদৰ্শন নিৰ্ভৰ কৰিব । দলটোৰ গ’লৰক্ষক উনাই ছিমনে দলটোৰ হৈ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে । প্ৰতিযোগিতাখনত এতিয়ালৈকে তেওঁ পাঁচটা গ'ল পৰাভূত কৰিছে । ইফালে স্পেইনেও বেলজিয়ামৰ বিৰুদ্ধে খেলপথাৰত নমাৰ সময়ত ছেমিফাইনেলত স্থান লাভৰ লক্ষ্য ৰাখিব ।

নৰৱে বনাম ইংলেণ্ড (১২ জুলাই পুৱতি নিশা ২.৩০ বজাত)

ফিফা বিশ্বকাপ ২০২৬ৰ তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত দুগৰাকী ষ্ট্ৰাইকাৰ আৰ্লিং হালাণ্ড আৰু হেৰী কেনৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব । ব্ৰাজিলক পৰাস্ত কৰি নৰৱেৰ দলটোৱে অন্তিম আঠলৈ উত্তীৰ্ণ হৈছে, যাৰবাবে তেওঁলোকৰ আত্মবিশ্বাস তুংগত আছে । ইয়াৰ উপৰি নৰৱেৰ মিডফিল্ডে হালাণ্ডক গ’ল দিয়াৰ সুযোগ প্ৰদান কৰাত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে ।

ইংলেণ্ডৰ অধিনায়ক হেৰী কেনে প্ৰতিযোগিতাখনত ছটা গ’ল দিছে আৰু চাৰিটা গ’ল দিয়া মিডফিল্ডাৰ জুড বেলিংহামৰ সৈতে আক্ৰমণৰ গুৰি ধৰিব । এই প্ৰতিদ্বন্দ্বিতাই দুটা আক্ৰমণাত্মক দলৰ মাজত হোৱা দুভৰিৰ যুঁজক প্ৰদৰ্শিত কৰিব ।

আৰ্জেণ্টিনা বনাম ছুইজাৰলেণ্ড (১২ জুলাইৰ পুৱা ৬.৩০ বজাত)

ফিফা বিশ্বকাপ ২০২৬ৰ অন্তিমখন কোৱাৰ্টাৰ ফাইনেল মেচত ছুইজাৰলেণ্ডৰ বিৰুদ্ধে আৰ্জেণ্টিনা অৱতীৰ্ণ হ'ব । ইজিপ্তৰ বিৰুদ্ধে বিতৰ্কিত জয়ৰ পিছত আৰ্জেণ্টিনাই প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দুটা গ’লত পিছপৰি থকাৰ পৰা উভতি আহি আৰ্জেণ্টিনাৰ দলটোৱে অন্তিম মুহূৰ্তত বিস্ফোৰকৰ ৰূপ ধৰি মেচখনত জয়লাভ কৰে ।

ইতিমধ্যে জাৰ্মানী আৰু নেদাৰলেণ্ডৰ দৰে দল বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ লগে লগে প্ৰতিযোগিতাখনত ছন্দপতন ঘটিছে । তদুপৰি আৰ্জেণ্টিনায়ো এতিয়ালৈকে কঠিন পীক্ষাৰ সন্মুখীন হৈছে । কেপ ভাৰ্ডেৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিবলৈ কপালৰ ঘাম মাটিত পেলাবলগীয়া হৈছিল । ইফালে ইজিপ্তেও দলটোক জয়ৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰাইছিল ।

ফিফা বিশ্বকাপৰ সোণালী বুটৰ দৌৰ

মেছি, এমবাপে আৰু হালেণ্ডৰ মাজত সোণালী বুটৰ দৌৰ তীব্ৰতৰ হৈ পৰিছে । হেৰী কেনেও এই দৌৰত অংশগ্ৰহণ কৰিছে । উল্লেখযোগ্য যে গ’লৰ সংখ্যা সমান হয় তেন্তে এমবাপেৰ সোণালী বুট অৰ্জনৰ সুবিধা আছে । কাৰণ তেওঁ শীৰ্ষত থকা সৰ্বাধিক গ'লদাতাসকলতকৈ চাৰিটাতকৈ বেছি অৱদান আছে ।

FIFA 2026
সোণালী বুট (ETV Bharat)

ফিফা বিশ্বকাপৰ সোণালী বুটৰ দৌৰ

  • লিঅ'নেল মেছি (আৰ্জেণ্টিনা)

৮টা গ’ল, ১টা অৱদান

  • কিলিয়ান এমবাপে (ফ্ৰান্স)

৭টা গ’ল, ২টা অৱদান

  • আৰ্লিং হালাণ্ড (নৰৱে)

৭টা গ’ল

  • হেৰী কেন (ইংলেণ্ড)

৬টা গ’ল, ১টা অৱদান

লগতে পঢ়ক :শ্বাসৰুদ্ধকৰ যুঁজ ! অন্তিম ১৩ মিনিটত ইজিপ্তৰ আত্মবিশ্বাস ভাঙি কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনা
লগতে পঢ়ক :বিশ্বকাপ ফাইনেলৰ বাবে সলনি কৰা হ'ল পৰীক্ষাৰ সূচী, এখন বিদ্যালয়ৰ অভিনৱ পদক্ষেপ
Last Updated : July 8, 2026 at 4:30 PM IST