শ্বাকিৰাৰ দাই দাইৰে মেক্সিকোত শুভাৰম্ভ ফিফা বিশ্বকাপ ২০২৬, সমুখ সমৰত মেক্সিকো-দক্ষিণ আফ্ৰিকা
প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত আয়োজক দেশ মেক্সিকোৱে গ্ৰুপ এ-ৰ এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মুখামুখি হ’ব ৷

Published : June 12, 2026 at 1:08 AM IST
গুৱাহাটী: বহু প্ৰতীক্ষাৰ অন্তত আৰম্ভ হ’ল ফিফা বিশ্বকাপ ২০২৬ ৷ ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে মাজনিশা ১২ বজাৰ পৰা চলিত বৰ্ষৰ ফিফা বিশ্বকাপ আনুষ্ঠানিকভাৱে আৰম্ভ হয় ৷ প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বে মেক্সিকো চিটি ষ্টেডিয়ামত উদ্বোধনী অনুষ্ঠানটো অনুষ্ঠিত হয় ৷ এই প্ৰতিযোগিতাখনৰ পৰিসৰ, টিকটৰ দাম আৰু সুবিধাৰ ক্ষেত্ৰত এতিয়ালৈকে অনুষ্ঠিত হোৱা বিশ্বকাপৰ ভিতৰত সৰ্ববৃহৎ হিচাপে বিবেচিত হৈছে ।
এই মেগা ইভেণ্টৰ মুকলি অনুষ্ঠানটো কলম্বিয়াৰ বিখ্যাত গায়িকা ছাকিৰা আৰু নাইজেৰিয়ান গায়ক বাৰ্ণা বয়ে স্মৰণীয় কৰি তুলিছিল । ইয়াৰোপৰি বিশ্বৰ বহু বিখ্যাত শিল্পীয়েও ইয়াত অংশ লৈছিল । ১১ জুনৰ পৰা ১৯ জুলাইলৈ আমেৰিকা, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হ’বলগীয়া ফুটবলৰ সৰ্ববৃহৎ প্ৰতিযোগিতা ‘ফিফা বিশ্বকাপ’ ৰ ৩৯ টা দিনত ৪৮ টা দলে খেলত অংশগ্ৰহণ কৰিব ৷ সমগ্ৰ প্ৰতিযোগিতাখনত মুঠ ১০৪ খন খেল অনুষ্ঠিত হ’ব ।
🚨🎥 WATCH: Shakira performs her iconic World Cup anthem at the Opening Ceremony in Mexico! 🔥https://t.co/xHoaR1TucI
— Winna F.C. | Football Time (@WinnaFC) June 11, 2026
এই বিশ্বকাপৰ প্ৰথমখন খেলৰ পূৰ্বে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত পপ তাৰকা শ্বাকিৰাই ষ্টেডিয়ামত উপস্থিত ফুটবল অনুৰাগী আৰু দৰ্শকক নিজৰ সুৰ আৰু অভিনয়ৰ যাদুৰে মোহাচ্ছন্ন কৰে ৷ বিশ্বকাপৰ অফিচিয়েল সংগীত ‘দাই দাই’ য়ে শ্বাকিৰাৰ কণ্ঠত প্ৰাণ পাই উঠে ৷ শ্বাকিৰাৰ সমান্তৰালকৈ বাৰ্ণা বয়ৰ দৰে লেটিন আমেৰিকাৰ সংগীত তাৰকায়ো অনুষ্ঠানত অংশগ্ৰহণ কৰে । অনুষ্ঠানটো নিশা ১১.৩০ বজাত আৰম্ভ হোৱাৰ কথা আছিল যদিও খেলৰ সূচীৰ প্ৰতি লক্ষ্য ৰাখি কিছু আগতীয়াকৈ অনুষ্ঠানটো অনুষ্ঠিত হৈছিল ৷
সংগীত, পোহৰ আৰু আতচবাজীৰ চমকনিয়ে ষ্টেডিয়ামত ঠাহ খাই থকা হাজাৰ হাজাৰ দৰ্শকক উত্তেজিত কৰি তোলা দেখা গৈছিল । বিশ্বৰ বহুকেইগৰাকী আগশাৰীৰ শিল্পীৰ প্ৰদৰ্শনে এই বিশেষ ক্ষণক উৎসৱমুখৰ কৰি তোলে ৷
⚽World Cup 2026 Opening Ceremony-----En Vivo Ahora⚽⚽
— FIFA World Cup 【FANCLUB】 (@nook_rocks25) June 11, 2026
⚽FIFA World Cup 2026 Opening Ceremony Live Now
🔗Live Link🎥1▶️ https://t.co/vk5t0CPuEv
🔗Live Link🎥2▶️https://t.co/vk5t0CPuEv#FIFAWorldCup2026 #OpeningCeremony #WatchNow #Live #Football ⚽🌍🔥🏆 pic.twitter.com/AMmNxxhGXu
মানা আৰু বেলিণ্ডাই অনুষ্ঠানৰ আৰম্ভণি কৰে
জনপ্ৰিয় বেণ্ড মানাৰ অনুষ্ঠানেৰে ফিফা বিশ্বকাপ ২০২৬ ৰ উদ্বোধনী অনুষ্ঠানটো আৰম্ভ হয় । তেওঁলোকৰ অনুষ্ঠান পৰিৱেশনৰ সময়ত আতচবাজীৰে আকাশ পোহৰাই তোলা হৈছিল । ইয়াৰ পিছত লেটিন পপ তাৰকা বেলিণ্ডাই মঞ্চত উঠি নিজৰ দুৰ্দান্ত অভিনয়েৰে দৰ্শকক মোহিত কৰে ।
জে বালভিনে বিয়পালে ৰং
ইয়াৰ পিছত কলম্বিয়াৰ তাৰকা জে বালভিনে তেওঁৰ জনপ্ৰিয় গীত "কুই কেলৰ" পৰিবেশন কৰে । অনুষ্ঠান পৰিৱেশনৰ সময়ত মঞ্চখনত ৰং, পোহৰ আৰু বিশেষ ভিজুৱেল ইফেক্টৰে চকু চাট মাৰি ধৰা পৰিৱেশৰ সৃষ্টি কৰে ৷
🚨⚽🏆 Colourful Mexican performance !! Opening Ceremony of the FIFA World Cup 2026 !! #México #SomosMéxico #FIFAWorldCup pic.twitter.com/rC0p3XdvJN
— SportsHub__Redhawks07 (@SportsHub_Red07) June 11, 2026
মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ খেল
ফিফা বিশ্বকাপ ২০২৬ ৰ উদ্বোধনী খেলখন নিশা ১২.৩০ বজাৰ পৰা মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আৰম্ভ হৈছে ৷ বাতৰি লিখাৰ পৰলৈকে প্ৰতিপক্ষৰ বিৰুদ্ধে মেক্সিকোই এটা গ’ল দিছে ৷
লগতে পঢ়ক: ফিফা বিশ্বকাপ ২০২৬: দুভৰিৰ যাদু আৰম্ভ হোৱাৰ পূৰ্বে জানিবলগীয়া পাঁচটা বিশেষ কথা

