ETV Bharat / sports

ফুটবলৰ বিশ্বযুদ্ধত মেছি-এমবাপে-হালাণ্ডৰ ভৰিৰ ছন্দত নতুন ইতিহাস: তাৰকা হৈ উজলিছে আৰ্লিং হালাণ্ড

আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিঅ'নেল মেছি, ফ্ৰান্সৰ কিলিয়ান এমবাপে আৰু নৰৱেৰ উদ্ভাসিত তাৰকা আৰ্লিং হালাণ্ডে প্ৰতিযোগিতাখনত এতিয়ালৈকে ৭ টাকৈ গ'ল দিছে ।

FIFA 2026
ফুটবলৰ বিশ্বযুদ্ধত মেছি-এমবাপে-হালাণ্ডৰ ভৰিৰ ছন্দত নতুন ইতিহাস (AP)
author img

By ETV Bharat Assamese Team

Published : July 6, 2026 at 6:59 PM IST

|

Updated : July 6, 2026 at 7:35 PM IST

8 Min Read
Choose ETV Bharat

আজিজুৰ ৰহমান হাজৰিকা

গুৱাহাটী : তাৰকাৰ উত্থান-পতন, অভিলেখ ভঙা-গঢ়া, প্ৰতিষ্ঠিত দলৰ আগতীয়া বিদায় আদি বিভিন্ন ঘটনাক্ৰমৰ মাজেৰে আগবাঢ়িছে চলিত ফিফা বিশ্বকাপ । ঘটনাবহুল ফিফা বিশ্বকাপ ২০২৬ত জাৰ্মানীৰ দৰে বিশ্ব ফুটবলত দপদপাই থকা দেশে লীগ পৰ্যায়ৰ পৰাই বিদায় লোৱাৰ বিপৰীতে ক্ৰিষ্টিয়ানো ৰোনাল্ডো, নেইমাৰৰ দৰে তাৰকা খেলুৱৈৰ নিষ্প্ৰভ প্ৰদৰ্শনে অনুৰাগীসকলক হতাশ কৰিছে । তাৰ মাজতে আকৌ কেপ ভাৰ্ডেৰ দৰে দেশৰ বিশ্বকাপত চমকপ্ৰদ উত্থান আৰু হালাণ্ডৰ দৰে খেলুৱৈ বিশ্ব ফুটবলৰ নতুন তাৰকা ৰূপে উদ্ভাসিত হৈছে ।

বিশ্বকাপৰ অঘটন

চলিত বিশ্বকাপত আটাইতকৈ ডাঙৰ অঘটনটো হৈছে বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পাঁচবাৰৰ চেম্পিয়ন ব্ৰাজিলৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰায়ে প্ৰস্থান । আনহাতে, এই অপ্ৰত্যাশিত ঘটনাত চকুলোৰে বাট নেদেখা হৈ নেইমাৰেও আন্তৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় মাগে ।

এইবাৰৰ বিশ্বকাপত আটাইতকৈ চৰ্চিত তাৰকা ফুটবলাৰ আছিল মেছি, এমবাপে, ৰোনাল্ডো আৰু নেইমাৰ । কিন্তু আঘাতৰ বাবে নেইমাৰে বেছিভাগ মেচত খেলপথাৰৰ বাহিৰত থাকিবলগা হয় । ইফালে স্বাভাৱিক ছন্দত নিজৰ দুভৰিৰ যাদু দেখুৱালৈ সক্ষম হোৱা নাই ৰোনাল্ডোৱে । অৱশ্যে পৰ্তুগালে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পৰিপ্ৰেক্ষিতত নিজৰ ছন্দলৈ ৰোনাল্ডো উভতিব বুলি এতিয়াও আশাবাদী ৰোনাল্ডোৰ অনুৰাগীসকল ।

FIFA 2026
সংক্ষেপে ফিফা বিশ্বকাপ ২০২৬ (AP/ETV Bharat Assam)

ফিফা বিশ্বকাপত নতুন ইতিহাস

এটা কথা ঠিক যে এইবাৰৰ বিশ্বকাপত গ'লৰ জোৱাৰ উঠিছে । প্ৰায়সংখ্যক তাৰকায়ে নিজৰ দুভৰিত গ'লৰ সন্ধান লাভ কৰিছে । যাৰবাবে এইবাৰৰ বিশ্বকাপত ভংগ হৈছে ইটোৰ পিছত সিটোকৈ অভিলেখ । লিঅ'নেল মেছি, কিলিয়ান এমবাপে আৰু আর্লিং হালাণ্ডৰ দুভৰিৰ ছন্দত বিশ্বকাপৰ ইতিহাসত নতুন পৃষ্ঠাৰ সংযোজন ঘটিছে ।

ব্ৰাজিলৰ বিৰুদ্ধে প্ৰিকোৱাৰ্টাৰ মেচত দুটাকৈ গ'ল দি এতিয়া মহানায়কৰ উচ্চতালৈ উঠিছে হালাণ্ড । এই দুটা গ'লৰ সৈতে তেওঁৰ চলিত বিশ্বকাপত ৭ খন মেচত মুঠ গ'ল সংখ্যা হৈছে ৭টা ।

সোণালী বুটৰ দৌৰত তিনি তাৰকা

একেদৰে সমসংখ্যক গ'লেৰে এইবাৰৰ সোণালী বুটৰ দৌৰত আছে আন দুগৰাকী তাৰকা ফুটবলাৰ মেছি আৰু এমবাপে । এমবাপেয়ে ৫ খন মেচত ৭টা গ'ল কৰাৰ বিপৰীতে মেছিৰ নামত চাৰিখন মেচত ৭টা গ'ল ।

বিশ্বকাপ ফুটবলৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে একেলগে তিনিগৰাকী ফুটবলাৰে ৭টা বা ততোধিক গ'ল কৰিছে । যোৱাবাৰৰ কাটাৰ বিশ্বকাপত এই সংখ্যা আছিল মাত্ৰ দুজনৰ । ২০২২ বিশ্বকাপত মেছি আৰু এমবাপেয়ে ৭টা বা ততোধিক গ'ল কৰিছিল । এই পৰ্যন্ত কোনো বিশ্বকাপতে তিনিজনকৈ খেলুৱৈয়ে ৭ বা ততোধিক গ'ল দিবলৈ সক্ষম হোৱা নাছিল ।

ফিফা বিশ্বকাপত সৰ্বাধিক গ'লৰ অভিলেখ

উল্লেখ্য যে বিশ্বকাপ ফুটবলত সৰ্বাধিক গ'লৰ অভিলেখ আছে ফৰাচী ফুটবলাৰ জাঁ ফণ্টেৰ নামত । ১৯৫৮ চনৰ বিশ্বকাপৰ ছখন মেচত তেওঁৰ ভৰিৰ ১৩টাকৈ বলে বিপক্ষৰ গ'লপোষ্টৰ নেটত আশ্ৰয় লৈছিল । আনহাতে, ইয়াৰ পিছত দ্বিতীয় স্থানত আছে হাংগেৰীৰ ছাভাৰ কোছিছ । ১৯৫৪ চনৰ বিশ্বকাপ ফুটবলত তেওঁ ১১টা গ'ল দিছিল । এইবাৰ যিহেতু আৰু তিনিটা পৰ্যায়ৰ খেল বাকী আছে, তেনেক্ষেত্ৰত ফ্ৰান্স, আৰ্জেণ্টিনা বা নৰৱেৰ জয়যাত্ৰা যদি অব্যাহত থাকে তেন্তে এমবাপে, মেছি বা হালাণ্ডৰ নামত হয়তো বিশ্বকাপৰ সৰ্বাধিক গ'লদাতাৰ অভিলেখ ৰচিত হ'ব পাৰে ।

FIFA 2026
বিশ্ব ফুটবলৰ নতুন তাৰকা হালাণ্ড (AP)

আৰ্লিং হালাণ্ড; বিশ্ব ফুটবলৰ নতুন তাৰকা

উচ্চতা ৬ ফুট ৫ ইঞ্চি । এই দীৰ্ঘকায় 'ভাইকিং যোদ্ধা'ৰ হাততে আত্মসমৰ্পণ কৰি বিশ্বকাপৰ স্বপ্ন ভংগ ব্রাজিলৰ । যাৰবাবে এতিয়া ফুটবল বিশ্বত চৰ্চিত এটায়ে নাম, কেৱল হালাণ্ড । কিন্তু তেওঁৰ জাৰ্চিৰ পিছফালে হালাণ্ডৰ সৈতে এআৰু এটা নাম লিখা আছে । কিয় লিখে সেই নাম, কাৰ নাম সেয়া ? নৰৱেৰ নায়কৰ এই নাম ৰহস্যক লৈ এতিয়া ফুটবল অনুৰাগীৰ মনত অজস্ৰ প্ৰশ্ন ।

২৮ বছৰ পিছত বিশ্বকাপত নৰৱে

এইবাৰ বিশ্বকাপ আছিল নৰৱেৰ নায়ক হালাণ্ডৰ বাবে অতি বিশেষ । কিন্তু ২৮ বছৰ পিছত নৰৱেয়ে পুনৰ বিশ্বকাপৰ বাবে যোগ্যতা অর্জন কৰে । আনহাতে, প্ৰথমবাৰৰ বাবে নকআউট পৰ্যায়লৈ উন্নীত হোৱাই নহয়, কোৱাৰ্টাৰ ফাইনেলতো প্ৰৱেশ কৰিছে । বিশ্বকাপৰ যোগ্যতা অর্জন পৰ্যায়ত ৮ খন মেচত মুঠ ১৬টা গ'ল কৰা হালাণ্ডে বৰ্তমানো নিজৰ ফর্ম অব্যাত ৰাখিছে ।

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে হালাণ্ডে এক আত্মপ্ৰত্যয়জনক কথা কৈছিল । এইবাৰৰ প্রতিযোগিতাখন তেওঁলোকৰ বাবে কিমান গুৰুত্বপূর্ণ সেই কথা উল্লেখ কৰি তেওঁ কৈছিল, “প্রতিবাৰেই অপেক্ষা কৰিছোঁ । বছৰ বছৰ ধৰি অপেক্ষা কৰিছোঁ । কিন্তু অপেক্ষাৰ ফল পোৱা নাছিলোঁ । এইবাৰ যি সুযোগ পাইছোঁ তাৰ সদ্ব্যব্যৱহাৰ কৰিব লাগিব ।” আৰু যেন তাৰেই বহিঃপ্ৰকাশ ঘটিছে ।

মানচেষ্টাৰ চিটিৰ অন্যতম ভৰসা হালাণ্ড

এইবাৰৰ বিশ্বকাপত দলৰ হৈ অংশগ্ৰহণৰ পূৰ্বে ক্লাব ফুটবলতো তাৰকা হৈ উদ্ভাসিত হৈছিল হালাণ্ড । মানচেষ্টাৰ চিটিৰ অন্যতম ভৰসা হৈছে হালাণ্ড । তেওঁৰ দুভৰিৰ ছন্দতে যেন গতি লাভ কৰে ক্লাবটোৱে । ২০২৩ চনত কেৱল প্রিমিয়াৰ লীগতে ৩৬ টাকৈ গ'ল দি এটা ছিজনত সর্বাধিক গ'লৰ অভিলেখ গঢ়িছে তেওঁ । লগতে জয় কৰিছে প্রিমিয়াৰ লীগ, এফএ কাপ, চেম্পিয়নছ লীগ । এইগৰাকী হালাণ্ডেই এইবাৰ বিশ্বকাপত এক ট্ৰাম্প কাৰ্ড হিচাপে ফুটবলৰ পথাৰত অৱতীৰ্ণ হৈছিল ।

FIFA 2026
বিশ্বকাপৰ কেইটামান স্নেপশ্বট (AP/ETV Bharat Assam)

জাৰ্চিৰ বিশেষত্ব

কেৱল দুভৰিতেই নহয়, এইবাৰ বিশ্বকাপত হালাণ্ডৰ জাৰ্চিতো দেখা গৈছে চমক । তেওঁৰ জাৰ্চিত কেৱল হালাণ্ড নহয়, লিখা আছে ‘ব্রাউট হালাণ্ড’ । কিন্তু এই ব্ৰাউটৰ বিশেষত্ব কি ? ব্রাউট হৈছে তেওঁৰ মাতৃৰ নাম । সম্পূৰ্ণ নাম গ্রি মাৰিটা ব্রাউট । এই নামটোৰ পৰায়ে ব্ৰাউট নামটো লোৱা হৈছে । আনহাতে, পিতৃ আল্‌ফ-ইংগে হালাণ্ডৰ পৰা লোৱা হৈছে হালাণ্ড । অর্থাৎ মাতৃ আৰু পিতৃৰ উপাধি লৈ খেলপথাৰত নামিছে তেওঁ । অৱশ্যে নৰৱেৰ সংস্কৃতিত এইটো তেনেই এক সুলভ দৃশ্য । দেশখনৰ বহু ফুটবলাৰেই নিজৰ জাৰ্চিত পিতৃ-মাতৃৰ নাম লিখে ।

পৰিয়াল পৰিচয়

নৰৱেৰ প্ৰাক্তন ফুটবলাৰ আলফি হালেণ্ড আৰু প্ৰাক্তন হেপ্টাথলন এথলীট গ্ৰি মাৰিটা ব্ৰাউটৰ পুত্ৰ হৈছে আৰ্লিং হালাণ্ড ।

২০০০ চনৰ ২১ জুলাইত ইংলেণ্ডৰ পশ্চিম য়ৰ্কশ্বাৰৰ লিডছত জন্মগ্ৰহণ কৰা আৰ্লিং ব্ৰাউট হালেণ্ডৰ পিতৃ আলফি হালেণ্ড আছিল লীডছ ইউনাইটেডৰ খেলুৱৈ । সেয়ে সৰুৰে পৰাই তেওঁ লীডছৰ সমৰ্থক আছিল । ২০০৪ চনত তেওঁৰ বয়স যেতিয়া তিনি বছৰ আছিল তেতিয়া তেওঁ নৰৱেৰ পিতৃ-মাতৃৰ গৃহ চহৰ ব্ৰাইনলৈ প্ৰত্যাৱৰ্তন কৰে । তেওঁৰ মাতৃ গ্ৰি মাৰিটা ব্ৰাউট ১৯৯০ চনত নৰৱে ৰাষ্ট্ৰীয় হেপ্টাথলনৰ চেম্পিয়ন আছিল ।

লাভ কৰা বঁটা আৰু অভিলেখ

কেইবাটাও ব্যক্তিগত বঁটাৰে বিভূষিত হৈছে হালাণ্ড । লগতে তেওঁৰ নামত আছে বহুতো অভিলেখ । এটা ছিজনত প্ৰিমিয়াৰ লীগৰ যুৱ খেলুৱৈ আৰু বছৰটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰা তেওঁ হৈছে একমাত্ৰ খেলুৱৈ । ২০২০ চনত তেওঁ লাভ কৰিছিল গ'ল্ডেন বয়ৰ সন্মান । আনহাতে, ২০২১ চনত তেওঁ বুণ্ডেছলিগাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাৰ উপৰি ২০২১, ২০২২, ২০২৩ আৰু ২০২৪ চনৰ বাবে ফিফ্প্ৰ’ৰ বিশ্ব একাদশত অন্তৰ্ভুক্ত হয় ।

হালেণ্ডে নৰৱে যুৱ দলক প্ৰতিনিধিত্ব কৰি ২০১৯ চনৰ ফিফা ২০ বছৰ অনূৰ্ধ্ব বিশ্বকাপত সোণালী বুট লাভ কৰিছিল । এই একেখন প্ৰতিযোগিতাতে তেওঁ অভিলেখ সৃষ্টি কৰি ৯টা গ’ল দিছিল । ২০১৯ চনত নৰৱেৰ জ্যেষ্ঠ দলত আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটোৱাৰ পিছত ৫৪ খন মেচত ৬২টা গ’ল দি তেওঁ নৰৱেৰ সৰ্বকালৰ সৰ্বোচ্চ গ’লদাতা হিচাপে পৰিগণিত হয় । আনহাতে, ৫০ খনতকৈ কম মেচত অংশগ্ৰহণ কৰি ৫০টা আন্তঃৰাষ্ট্ৰীয় গ’ল দিয়া ষষ্ঠজন খেলুৱৈ হৈছে হালাণ্ড । তেওঁ মাত্ৰ ৪৬ খন মেচত ৫০টা গ’ল দি এই অভিলেখৰ গৰাকী হৈছে ।

লগতে পঢ়ক :পেৰাগুৱেক পৰাস্ত কৰি চতুৰ্থবাৰলৈ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ফ্ৰান্সৰ
লগতে পঢ়ক :স্তব্ধ হ'ল ছাম্বাৰ লহৰ; ক'লা মুকুতাৰ দেশত অস্তমিত বিশ্বকাপৰ সোণোৱালী ইতিহাস
Last Updated : July 6, 2026 at 7:35 PM IST