ETV Bharat / sports

বিশ্বকাপ জয়ৰ অপূৰ্ণ আশা বুকুত বান্ধি কেৰিয়াৰৰ অন্ত পেলালে ৰোণাল্ডোৱে, স্পেইনৰ হাতত পৰাস্ত পৰ্তুগাল

২০১০ চনত দক্ষিণ আফ্ৰিকাত একমাত্ৰ বিশ্বকাপ খিতাপ জয় কৰাৰ পিছত স্পেইনে প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ।

FIFA WORLD CUP 2026
বিশ্বকাপ জয়ৰ অপূৰ্ণ আশা বুকুত বান্ধি কেৰিয়াৰৰ অন্ত পেলালে ৰোণাল্ডোৱে (AP)
author img

By ANI

Published : July 7, 2026 at 7:37 AM IST

2 Min Read
Choose ETV Bharat

আৰ্লিংটন, টেক্সাছ: বিশ্বকাপ জয়ৰ সপোন বাস্তৱ নহ’ল ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ ৷ সোমবাৰে নিশা অনুষ্ঠিত অন্তিম ১৬ দলৰ এখন খেলত স্পেইনৰ ওচৰত হাৰ মানিলে পৰ্তুগালে ৷ খেলখনৰ দ্বিতীয়াৰ্ধৰ অতিৰিক্ত সময়ৰ প্ৰথম মিনিটতে মাইকেল মেৰিনোৱে একমাত্ৰ গ’লটো দিয়ে আৰু স্পেইনে পৰ্তুগালক ১-০ গ’লত পৰাস্ত কৰি ছুপাৰষ্টাৰ ক্রিষ্টিয়ানো ৰোণাল্ডোৰ বিশ্বকাপ কেৰিয়াৰৰ অন্ত পেলায় ৷

গ’লটোৰ ঠিক আগে আগে মেৰিনোক থেলি পেলাই দিয়া হৈছিল আৰু ফাউলৰ দাবী কৰা হৈছিল । পৰ্তুগালৰ এজন খেলুৱৈয়ে তৰ্ক কৰি থকাৰ সময়তে মেৰিনোৱে বলটো পুনৰ ভিতৰলৈ খেলি গ’ল পোষ্টৰ ফালে দৌৰি যায় আৰু ফেৰাণ টৰেছৰ পৰা পাছ লোৱাৰ পিছত সহজেই গ’ল কৰিবলৈ সক্ষম হয় ৷ পৰ্তুগালৰ গ’লৰক্ষক ডিঅ’গো কোষ্টাই চেষ্টা কৰিও প্ৰতিহত কৰিব নোৱাৰিলে গ’লটো ৷

FIFA World Cup 2026
স্পেইনৰ হাতত পৰাস্ত পৰ্তুগাল (Reuters)

২০১০ চনত দক্ষিণ আফ্ৰিকাত একমাত্ৰ বিশ্বকাপ খিতাপ জয় কৰাৰ পিছত স্পেইনে প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে । শুকুৰবাৰে কেলিফৰ্ণিয়াৰ ইংলউডত লা ৰ’জাই আমেৰিকা বা বেলজিয়ামৰ বিৰুদ্ধে খেলিব ।

প্ৰথমবাৰৰ বাবে একেৰাহে দ্বিতীয়খন প্ৰতিযোগিতাত পৰ্তুগালক কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাবলৈ চেষ্টা কৰিছিল ৰোণাল্ডোৱে । আন্তঃৰাষ্ট্ৰীয় গ’ল (১৪৬) আৰু খেল (২৩৩)ৰ ক্ষেত্ৰত সৰ্বকালৰ শ্ৰেষ্ঠ তাৰকাগৰাকীয়ে ফুটবলৰ আটাইতকৈ ডাঙৰ মঞ্চতেই নিজৰ কেৰিয়াৰৰ অন্ত পেলায় ৷

আঠ বছৰ পূৰ্বে স্পেইনৰ সৈতে ৩-৩ গ’লত ড্র খেলা ৰোনাল্ডোৱে বিশ্বকাপৰ একমাত্ৰ হেট্ৰিক লাভ কৰিছিল, যিখন গ্ৰুপ ষ্টেজৰ অ’পেনাৰত প্রতিযোগিতাখনৰ অন্যতম শ্ৰেষ্ঠ খেল বুলি গণ্য কৰা হয় ৷

এই প্ৰতিযোগিতাত ৪১ বছৰীয়া ছুপাৰষ্টাৰগৰাকীয়ে তিনিটা গ’ল দিছিল যদিও স্পেইনৰ গ’লৰক্ষক উনাই ছিমনৰ বিৰুদ্ধে বিশেষ সুযোগ নাপালে । বিশ্বকাপত একেৰাহে ৬টা শ্বাটআউটৰ ৰেকৰ্ড গঢ়ি তোলা প্ৰথমটো দল হিচাপে পৰিগণিত হয় স্পেইন ।

লগতে পঢ়ক: ফুটবলৰ বিশ্বযুদ্ধত মেছি-এমবাপে-হালাণ্ডৰ ভৰিৰ ছন্দত নতুন ইতিহাস: তাৰকা হৈ উজলিছে আৰ্লিং হালাণ্ড