ETV Bharat / sports

ফিফা বিশ্বকাপ ২০২৬ৰ প্ৰথম দিনটোত উদ্বোধনী মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২-০ গ’লত মেক্সিকোৰ জয়, দঃ কোৰিয়াৰ হাতত পৰাস্ত চেক গণৰাজ্য

বিশ্ব ফুটবলৰ মহাৰণ ‘ফিফা বিশ্বকাপ ২০২৬’ আৰম্ভ ৷ এষ্টাডিঅ’ এজটেকাত ফিফা বিশ্বকাপ ২০২৬ ৰ আৰম্ভণি মেচখনত মেক্সিকোৱে ২-০ গ’লত জয়লাভ কৰিছে ।

FIFA WORLD CUP 2026
ফিফা বিশ্বকাপ ২০২৬ (X handle @FIFAWorldCup)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 7:55 AM IST

|

Updated : June 12, 2026 at 12:17 PM IST

4 Min Read
Choose ETV Bharat

নিউজ ডেস্ক: দুটা গ’ল আৰু তিনিটা ৰেড কাৰ্ড । এয়া কাহিনী ২০২৬ চনৰ ফিফা বিশ্বকাপৰ উদ্বোধনী খেলখনৰ ৷ মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত মেক্সিকোৰ এষ্টাডিঅ’ এজটেকা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এই উদ্বোধনী মেচ । বিভিন্ন তাৰকাৰ সমাৱেশ ঘটে উদ্বোধনী অনুষ্ঠানত ৷ গীত-নৃত্যৰ এক মনোমোহা অনুষ্ঠানৰ পাছত আৰম্ভ হয় বিশ্ব ফুটবলৰ মহাৰণ ‘ফিফা বিশ্বকাপ ২০২৬’ ৷ উদ্বোধনী মেচখনত ঘৰুৱা দল মেক্সিকোৱে দক্ষিণ আফ্ৰিকাক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে ৷

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলখনত মেক্সিকোৱে অধিক জনপ্ৰিয়তা তথা সমৰ্থন লাভ কৰিবলৈ সক্ষম হয় । কাৰণ তেওঁলোকৰ পিছফালে এষ্টাডিঅ’ এজটেকা ষ্টেডিয়ামৰ গেলাৰীত আছিল ৮০,৮২৪ জন ঘৰুৱা সমৰ্থক । মেক্সিকোৰ সুবিধা থকা আন এটা কাৰণ হ’ল ষ্টেডিয়ামখন তেওঁলোকৰ ঘৰুৱা ৷ মেক্সিকোত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ খেলসমূহ সুউচ্চ খেলপথাৰত খেলোৱা হ’ব ৷ মেক্সিকো চহৰৰ এষ্টাডিঅ’এজটেকা ষ্টেডিয়ামখন প্ৰায় ৭,৩০০ ফুট উচ্চতাত নিৰ্মাণ কৰা হৈছে ।

ঘৰুৱা দলটোৰ হৈ জুলিয়ান কুইননেছে (৯ মিনিট) আৰু ৰাউল জিমেনেজ (৬৭′) গ’ল দিয়ে ৷ খেলৰ ৯২ মিনিটত তেওঁৰ সতীৰ্থ চেজাৰ মণ্টেছক ৰেফাৰীৰে ৰেড কাৰ্ড দেখুৱাই বাহিৰ কৰি দিয়ে । ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ স্ফেফেলো চিথোল আৰু থেম্বা ঝৱানেক ৰেড কাৰ্ড দেখুৱাই বাহিৰ কৰি দিয়া হৈছিল ।

২০১০ চনৰ বিশ্বকাপ আয়োজন কৰাৰ পিছত প্ৰথমবাৰৰ বাবে পুনৰ বিশ্বকাপত অংশগ্ৰহণ কৰিছে দক্ষিণ আফ্ৰিকাই । ইফালে মেক্সিকোৱে কাটাৰত অনুষ্ঠিত হোৱা পূৰ্বৰ বিশ্বকাপৰ পৰাজয়ৰ গ্লানি কঢ়িয়াই লৈ ফুৰিছে ৷ ১৯৭৮ চনৰ পিছত প্ৰথমবাৰৰ বাবে কাটাৰ বিশ্বকাপত গ্ৰুপ পৰ্যায় অতিক্ৰম কৰিব পৰা নাছিল দলটোৱে ।

এষ্টাডিঅ’ এজটেকাত ফিফা বিশ্বকাপ ২০২৬ ৰ আৰম্ভণি মেচখনত মেক্সিকোৱে ২-০ গ’লত জয়লাভ কৰিছে । গোটেই মেচখনত দপদপনি আছিল মেক্সিকান খেলুৱৈৰ । খেলৰ নৱম মিনিটত জুলিয়ান কুইননেছে প্ৰথমটো গ’ল কৰি মেক্সিকোক অগ্ৰগতি প্ৰদান কৰে । খেলৰ প্ৰথমাৰ্ধতে তেওঁ আৰু এটা গ’ল দিয়াৰ সুযোগ লাভ কৰিছিল যদিও তেওঁৰ সেই শ্বটটোৱে গ’ল পোষ্টত খুন্দা মাৰে । তাৰ পাছত দ্বিতীয়াৰ্ধত ষ্ট্ৰাইকাৰ ৰাউল জিমেনেজে ৬৭ মিনিটত ক্ৰছত হেড কৰি আন এটা গ’ল দিয়ে আৰু ২-০ গ’লত অগ্ৰগতি লাভ কৰে মেক্সিকোৱে ।

ইফালে খেলৰ দ্বিতীয়াৰ্ধত ব্যাপক বিশৃংখলতা দেখা যায় ৷ ৰেফাৰীয়ে ৰেড কাৰ্ডৰ সহায় লৈ তিনিগৰাকী খেলুৱৈক বাহিৰ কৰি দিবলৈ বাদ্য হয় । দক্ষিণ আফ্ৰিকাৰ স্ফেফেলো চিথোল আৰু থেম্বা ঝৱানেক বাহিৰ কৰি দিয়া হয় ৷ বৰ্ধিত সময়ত ৯২ মিনিটত মেক্সিকোৰ চেজাৰ মণ্টেছকো বাহিৰ কৰি দিয়া হয় । মেচ শেষ হোৱালৈকে দক্ষিণ আফ্ৰিকাই কোনো গ’ল দিব নোৱাৰাত ২-০ ৰ ব্যৱধানত মেক্সিকোৱে জয়লাভ কৰে ৷

২০১০ চনৰ বিশ্বকাপৰ উদ্বোধনী খেলখনৰ যেন পুনৰাবৃত্তি আছিল ২০২৬ চনৰ ফিফা বিশ্বকাপৰ উদ্বোধনী খেলখন । সেইখন খেলত আয়োজক দক্ষিণ আফ্ৰিকাই জোহান্সবাৰ্গত নাটকীয় খেলখনত মেক্সিকোৰ বিৰুদ্ধে খেলিছিল ১-১ গ’লত ড্ৰ’ খেলিছিল ।

ফিফা বিশ্বকাপৰ এই সংস্কৰণটো ঐতিহাসিক হ’ব বুলি ধাৰণা কৰা হৈছে ৷ আমেৰিকা, কানাডা আৰু মেক্সিকোৰ সহযোগত আয়োজন কৰা হৈছে ফিফা বিশ্বকাপ ২০২৬ আৰু প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাখন ৩২ টা দলৰ পৰা ৪৮টালৈ সম্প্ৰসাৰণ কৰা হৈছে ।

চেক গণৰাজ্যৰ বিৰুদ্ধে ২-১ গ’লত জয়লাভ দক্ষিণ কোৰিয়াৰ

ফিফা বিশ্বকাপ ২০২৬ ত গ্ৰুপ ‘এ’ৰ প্ৰথমখন মেচত চেক গণৰাজ্যক পৰাস্ত কৰে দক্ষিণ কোৰিয়াই ৷ মেক্সিকোৰ গুয়াডালাজাৰাত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপ ২০২৬ৰ প্ৰথমখন খেলত আৰম্ভণিতে এটা গ’লত পিছ পৰি থকাৰ পাছত দক্ষিণ কোৰিয়াই চেক গণৰাজ্যক ২-১ গ’লত পৰাস্ত কৰে । প্ৰথম ৪৫ মিনিটত দুয়োটা দলে কোনো গ’ল দিয়া দেখা নগ’ল ৷ কিন্তু খেলখনৰ দ্বিতীয়াৰ্ধত দুয়োটা দলে কিছু উজ্জ্বল প্ৰদৰ্শনেৰে দৰ্শকক আপ্লুত কৰে ।

চেক গণৰাজ্যৰ তুলনাত দক্ষিণ কোৰিয়াই ১৫টা গ’লৰ সুযোগ লাভ কৰিছিল ৷ খেলৰ ৫৯ মিনিটত চেক গণৰাজ্যৰ লাডিস্লাভ ক্ৰেজিচিয়ে হেডাৰৰ দ্বাৰা প্ৰথমটো গ’ল দিয়ে । অৱশ্যে ৬৭ মিনিটত ইন-বিউমে গ’ল দিয়াৰ লগে লগে দক্ষিণ কোৰিয়াই সমতা স্থাপন কৰে । ইয়াৰ পাছতে দলটোৱে ৮০ মিনিটত ইন-বিউমে অহ হ্যয়ন-গ্যুক এছিষ্ট দি দলটোক জয়ৰ দিশত আগুৱাই লৈ যায় । এই জয়ৰ লগে লগে দক্ষিণ কোৰিয়া এতিয়া গ্ৰুপ এৰ দ্বিতীয় স্থান দখল কৰে ৷

লগতে পঢ়ক:

শ্বাকিৰাৰ দাই দাইৰে মেক্সিকোত শুভাৰম্ভ ফিফা বিশ্বকাপ ২০২৬, সমুখ সমৰত মেক্সিকো-দক্ষিণ আফ্ৰিকা

Last Updated : June 12, 2026 at 12:17 PM IST