ফিফা বিশ্বকাপ ২০২৬: চাৰিবাৰৰ চেম্পিয়ন জাৰ্মানীৰ বিদায়, চমক দিলে মৰক্কোৱে
পাৰাগুৱেৰ বিৰুদ্ধে জাৰ্মানীৰ পৰাজয়, মৰক্কোৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ।

Published : June 30, 2026 at 12:22 PM IST
জাৰ্মানী বনাম পাৰাগুৱেঃ ফিফা বিশ্বকাপ ২০২৬ প্ৰতিযোগিতাত পুনৰ বৃহৎ অঘটন । ২৪ বছৰৰ পাছত পেৰাগুৱেই চাৰিবাৰৰ চেম্পিয়ন জাৰ্মানীৰ বিৰুদ্ধে পৰাজয়ৰ প্ৰতিশোধ লবলৈ সক্ষম হয় । ফলত দ্বিতীয় ৰাউণ্ডৰ পৰাই বিদায় ল'লে বিশ্বৰ দশম ৰেংকিঙত থকা শক্তিশালী দলটোৱে ।
বষ্টন ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত পাৰাগুৱেই ৩২ ৰাউণ্ডত জাৰ্মানীক পেনাল্টিত পৰাস্ত কৰিবলৈ সক্ষম হয় । উল্লেখ্য় যে জাৰ্মানীয়ে ফিফা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পেনাল্টি শ্বুটআউটত পৰাস্ত হৈ দ্বিতীয় ৰাউণ্ডৰ পৰাই বিদায় ল'বলৈ বাধ্য় হয় । নিৰ্ধাৰিত সময়ত দুয়োটা দলে ১-১ গ’ল দিয়াত মেচখন ড্ৰ’ হয় । প্ৰথমাৰ্ধৰ শেষৰ ফালে জুলিও এনচিছ’ই দৰ্শনীয় হেডাৰেৰে পেৰাগুৱেক অগ্ৰগতি দিয়ে যদিও ৫২ মিনিটত জাৰ্মানীৰ হৈ কাই হাভাৰ্টজে সমতা স্থাপন কৰিবলৈ সক্ষম হয় ।
ইয়াৰ পিছতে অতিৰিক্ত সময়ত জোনাথন টাহমে গ’ল দিয়ে যদিও এই গ'লটো ৰেখাৰীয়ে বাতিল কৰে । ১০২ মিনিটত নাথানিয়েল ব্ৰাউনৰ কৰ্ণাৰ কিকত তেওঁ হেড কৰে যদিও ভিডিঅ’ ৰিভিউৰ পিছত এইটো নিশ্চিত হয় যে ৱাল্ডেমাৰ এণ্টনে শ্বটৰ পূৰ্বে গিলক ঠেলি দিছিল ।
পাৰাগুৱেই ৰোমাঞ্চকৰ পেনাল্টি শ্বুটআউটত (৪-৩) জয়লাভ কৰি ১৬ ৰাউণ্ডত নিজৰ স্থান নিশ্চিত কৰে । পাৰাগুৱেও বিশ্বকাপৰ পেনাল্টি শ্বুটআউটত জাৰ্মানীক পৰাস্ত কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয় । জাৰ্মান দলে ৬টা পেনাল্টিৰ ভিতৰত তিনিটা সুযোগ হেৰুৱায় ।
ইয়াৰ পূৰ্বে এই দুয়োটা দলৰ মাজত অনুষ্ঠিত একমাত্ৰ বিশ্বকাপৰ খেলখনত জাৰ্মানীয়ে ২০০২ চনৰ ১৬ ৰাউণ্ডত পাৰাগুৱেক ১-০ গ’লত পৰাস্ত কৰিছিল । এই মেচৰ পূৰ্বে পেৰাগুৱে ফিফা ৰেংকিঙত ৪১ নম্বৰ স্থানত আছিল । জাৰ্মানীয়ে ২০১৪ চনত শেষবাৰৰ বাবে ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছিল । ফ্ৰান্স আৰু ছুইডেনৰ মাজত মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া খেলখনৰ বিজয়ী দলৰ বিৰুদ্ধে ফিলাডেলফিয়াত ১৬ ৰাউণ্ডত পেৰাগুৱেই মুখামুখি হ’ব ।
মৰক্কোৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ :
ইপিনে, ৩২ ৰাউণ্ডত মৰক্কোৱে পেনাল্টি শ্বুটআউটত নেদাৰলেণ্ডক পৰাজিত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় । এই মেচখনত দুয়োটা দলেই সুন্দৰ খেল প্ৰদৰ্শন কৰি একোটাকৈ গ'ল দিবলৈ সক্ষম হোৱাত অতিৰিক্ত সময় খেলোৱা হয় । মেচখনৰ ৭২ মিনিটত নেদাৰলেণ্ডৰ হৈ ক’ডি গাকপোৱে এটা গ’ল দিয়ে । ইয়াৰ পিচত মৰক্কোৰ ইছা ডিঅ’পে ৯১ মিনিটত সমতা স্থাপন কৰে । অতিৰিক্ত সময়তো কোনো দলে গ'ল দিব নোৱাৰাত পেনাল্টি শ্বুটআউটতৰে খেলৰ ফলাফল নিৰ্ণয় কৰা হয় ।
পেনাল্টি শ্বুটআউটত মৰক্কোৱে ৩-২ গ’লত জয়লাভ কৰে । উল্লেখ্য় যে নেদাৰলেণ্ডে প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনৰ ১৬ ৰাউণ্ডত প্ৰৱেশ কৰাত ব্য়ৰ্থ হয় । নেদাৰলেণ্ডৰ হৈ থিউন কুপমাইনাৰ্ছ আৰু ৱাউট ৱেগহৰ্ষ্টে পেনাল্টি গ’ল দিয়াৰ বিপৰীতে মৰক্কোৰ হৈ ছৌফিয়ান ৰহিমি, চেমছেডিন টালবি আৰু ইছমাইল ছাবাৰীয়ে গ’ল দিয়ে । চাৰি বছৰ পূৰ্বে কাটাৰত কোৱাৰ্টাৰ ফাইনেলত অংশগ্ৰহণ কৰাকে ধৰি পূৰ্বৰ ১১টা বিশ্বকাপত অন্ততঃ ১৬ ৰাউণ্ডত প্ৰৱেশ কৰিছিল নেদাৰলেণ্ডে । প্ৰি-কোৱাৰ্টাৰ ফাইনেলত অহা ৪ জুলাইত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব মৰক্কোৱে ।
লগতে পঢ়ক:এছিয়ান সিংহৰ হাতোৰাত বন্দী হৈয়ো ছন্দলৈ উভতিল ছাম্বা
বিশ্বকাপৰ পৰা বিদায় দক্ষিণ আফ্ৰিকাৰ; প্ৰথম নকআউট মেচত কানাডাৰ জয়

