ফিফা বিশ্বকাপৰ ক'লা দিন: আৰ্জেণ্টিনাৰ বিৰুদ্ধে বিতৰ্কিত পৰাজয়ৰ পিছত ফিফাত অভিযোগ ইজিপ্তৰ
ৰেফাৰীৰ বিতৰ্কিত সিদ্ধান্তৰ পিছত আৰ্জেণ্টিনাৰ হাতত পৰাস্ত হৈ ইজিপ্তৰ ফুটবল ফেডাৰেচনে ফিফাৰ ওচৰত অভিযোগ দাখিল কৰে ।

Published : July 8, 2026 at 5:13 PM IST
হায়দৰাবাদ : চলিত ফিফা বিশ্বকাপৰ ৰাউণ্ড অব ১৬ৰ আৰ্জেণ্টিনা-ইজিপ্তৰ মেচক লৈ সৃষ্টি হোৱা বিতৰ্কৰ চৰ্চা এতিয়া তুংগত উঠিছে । আৰ্জেণ্টিনা বনাম ইজিপ্তৰ উত্তেজনাপূৰ্ণ মেচখনত ফুটবল বিশ্বই এক অনাকাংক্ষিত পৰিস্থিতি প্ৰত্যক্ষ কৰিবলগা হয় । যাৰ বাবে এতিয়া বিশ্বকাপ ফুটবলৰ এই দিনটোক এক ক'লা দিন হিচাপেও বহুতে আখ্যায়িত কৰিছে ।
ফিফা বিশ্বকাপ ২০২৬ৰ আৰ্জেণ্টিনা আৰু ইজিপ্তৰ মাজত অনুষ্ঠিত মেচখনত আৰ্জেণ্টিনাই ৩-২ গ’লৰ ব্যৱধানত জয়লাভ কৰাৰ পিছত ৰেফাৰীয়ে লোৱা বিতৰ্কিত সিদ্ধান্তক লৈ বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনহাতে, মেচখনত পৰাস্ত হোৱাৰ পিছত ইজিপ্তৰ ফুটবল সংস্থাই ফিফাৰ ওচৰত অভিযোগ দাখিল কৰাৰ লগতে মেচখনৰ ৰেফাৰী দলটোকো প্ৰতিযোগিতাখনৰ পৰা বাহিৰ কৰিবলৈ আহ্বান জনাইছে ।
ফেডাৰেচনৰ এক বিবৃতিৰ উদ্ধৃতিৰে সংবাদ সংস্থা এএফপিৰ প্ৰতিবেদনত কোৱা হৈছে, "ইজিপ্ত ফুটবল ফেডাৰেচনৰ সভাপতি হেনি আবুৰিডাই ফিফাৰ ওচৰত অভিযোগ দাখিল কৰাৰ লগতে ফ্ৰান্সৰ ৰেফাৰী ফাঁচোৱা লেটেক্সিয়াৰৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে । ৰেফাৰীৰ দলটোৱে খেল পৰিচালনাত গুৰুতৰ ভুল কৰিছে আৰু দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে । যাৰ ফলত ইজিপ্তৰ দলটোৱে মেচখনত পৰাস্ত হোৱাৰ লগতে বিশ্বকাপৰ পৰা বাহিৰ হয় ।"
উল্লেখ্য যে মঙলবাৰে সন্ধিয়া (স্থানীয় সময় মতে) অনুষ্ঠিত মেচখনত ৰেফাৰী ফাঁচোৱা লেটেক্সিয়াৰে মোস্তাফা জিকোৰ গ’লটো নাকচ কৰিছিল । কাৰণ গ'লটোৰ পূৰ্বে ভিএআৰৰ জৰিয়তে লিছাণ্ড্ৰ’ মাৰ্টিনেজৰ ওপৰত এটা ফাউল ধৰা পৰে ।
এটা সময়ত মেচখনত ইজিপ্ত ২-০ গ’লত আগবাঢ়ি আছিল যদিও ক্রিষ্টিয়ান ৰোমেৰো আৰু লিঅ'নেল মেছিৰ গ’লৰ সহায়ত আৰ্জেণ্টিনাই মেচখনত প্ৰত্যাৱৰ্তন কৰে । কিন্তু তাৰ কেইমিনিটমানৰ পিছতে আন এক বিতৰ্কৰ সৃষ্টি হয় ।
ইফালে ইজিপ্তৰ মতে, আৰ্জেণ্টিনাৰ হৈ এনজো ফাৰ্নাণ্ডেজে বিজয়সূচক গ’লটো দিয়াৰ পূৰ্বে এলেক্সিছ মেক এলিষ্টাৰে ইজিপ্তৰ হামদি ফাথীক তেওঁৰ শ্বাৰ্টটোত ধৰি টানি ৰাখিছিল ।
বিবৃতিটোত লগতে কোৱা হৈছে, “আবুৰিডাই ভিডিঅ’ প্ৰযুক্তিৰ ৰেফাৰীকে ধৰি সমগ্ৰ ৰেফাৰীৰ দলটোৰ ওচৰত তদন্তৰ দাবী জনাইছিল । এইটো এই কাৰণেই কৰা হৈছিল কাৰণ তেওঁলোকে স্পষ্টভাৱে ভুল কৰিছিল । লগতে এনে কিছুমান ফুটেজ পুনৰীক্ষণ কৰিবলৈ অস্বীকাৰ কৰিছিল, য'ত আমি ভাবোঁ যে সেইবোৰ ইজিপ্তৰ ৰাষ্ট্ৰীয় দলটোৰ সপক্ষে আছিল । আমি উক্ত ফুটেজসমূহত ইজিপ্তৰ দলটোৰ শুদ্ধ গ'ল আৰু পেনাল্টিৰ অধিকাৰ দেখা পাইছোঁ ।”
সভাপতিগৰাকীয়ে এই ভুলসমূহৰ তদন্ত কৰি ইজিপ্তৰ ৰাষ্ট্ৰীয় দলৰ বিৰুদ্ধে বৈষম্যমূলক অপৰাধ প্ৰমাণ কৰাৰ লগতে ৰেফাৰী আৰু সমগ্ৰ দলটোক বিশ্বকাপৰ পৰা বাদ দিয়াৰ দাবী জনায় ।
আনহাতে, মেচখনৰ অন্তত ইজিপ্তৰ প্ৰশিক্ষক হোছাম হাছানেও দাবী কৰে যে তেওঁলোকক প্ৰতাৰণা কৰা হৈছে ।
তেওঁ কয়, "আমি সন্মান বা খেলুৱৈ সুলভ মানসিকতা দেখা নাই । তাত সন্মান বা শুদ্ধ খেল হোৱা নাই । এটা পেনাল্টি নাকচ কৰা হৈছিল, আনকি ভিএআৰ পৰীক্ষাও কৰা হোৱা নাছিল । দ্বিতীয়টো গ'লো লক্ষণীয়ভাৱে অস্বীকাৰ কৰা হৈছিল । আনকি ভিএআৰ পৰীক্ষাও হোৱা নাই । কিন্তু আমি সকলোৱে স্পষ্টভাৱে দেখিছোঁ যে তেওঁক টানি (শ্বাৰ্টত ধৰি) টানি ধৰি ৰখা হৈছে ।"

