ETV Bharat / sports

এছিয়ান সিংহৰ হাতোৰাত বন্দী হৈয়ো ছন্দলৈ উভতিল ছাম্বা

ফিফা বিশ্বকাপৰ ৰাউণ্ড অব ৩২ৰ এখন মেচত ব্ৰাজিলৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যহ্বান আগবঢ়াই পৰাস্ত হ'লেও জাপানে ফুটবল বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

FIFA world cup 2026
ব্ৰাজিলৰ হাতত পৰাস্ত জাপান (Reuters)
author img

By ETV Bharat Assamese Team

Published : June 30, 2026 at 7:35 AM IST

3 Min Read
Choose ETV Bharat

আজিজুৰ ৰহমান হাজৰিকা

মেচ হেৰুৱালেও হৃদয় জিনিলে এছিয়াৰ সিংহই । খেলপথাৰৰ পৰিবেশ, ইতিহাস, পৰিসংখ্যা সকলো আছিল দলটোৰ সপক্ষে । ষ্টেডিয়ামত প্ৰায় ৮০ শতাংশ সমৰ্থক-অনুৰাগীও আছিল ফিফা বিশ্বকাপৰ সম্ৰাটৰ সপক্ষে । কিন্তু এছিয়ান সিংহৰ হাতোৰাত ছন্দ হেৰাইছিল বিশ্ব ফুটবলৰ একছত্ৰী সম্ৰাটৰ ।

হয়, সোমবাৰে অনুষ্ঠিত ফিফা বিশ্বকাপৰ ৰাউণ্ড অব ৩২ৰ ব্ৰাজিল বনাম জাপানৰ মেচখনৰ কথা অৱতাৰণা কৰা হৈছে । এটা গ'লত অগ্ৰগতি লাভ কৰিও প্ৰবল পেছাদাৰী ব্ৰাজিলৰ হাতত অন্তিম মুহূৰ্তত ২-১ গ'লৰ ব্যৱধানত পৰাস্ত হ'বলগা হয় জাপান । এটা সময়ত ব্ৰাজিলৰ বিৰুদ্ধে মেচখনত সমানে যুঁজ দি আছিল জাপানে । এক কথাত ক'বলৈ হ'লে ব্ৰাজিলৰ অহংকাৰক ভেঙুচালি কৰিছিল । কিন্তু অন্তিম মুহূৰ্তত শেষ হাঁহি মাৰে ব্ৰাজিলে । মেচখনৰ আটাইতকৈ উল্লেখযোগ্য দিশ হৈছে জাপানৰ গ'লৰক্ষকৰ প্ৰদৰ্শন আৰু ৰক্ষণ বিভাগৰ পাৰদৰ্শিতা ।

মেচখনত জাপানৰ হেৰুৱাবলগা একো নাছিল । কিন্তু জয়ী হ'লে ইতিহাস সৃষ্টি হ'লহেঁতেন । অৱশ্যে সেয়া নহ'ল । আটাইতকৈ ডাঙৰ কথা, এই মেচখনত ব্ৰাজিলে এক ডাঙৰ 'মাইণ্ড গেম' খেলিলে । যিহেতু সমগ্ৰ ষ্টেডিয়ামত ব্ৰাজিলৰ সমৰ্থকে বেছি, সেয়ে ব্ৰাজিলৰ প্ৰতিগৰাকী খেলুৱৈৰ ব্যৰ্থতাৰ পিছত ব্ৰাজিলৰ খেলুৱৈসকলে ষ্টেডিয়ামৰ দৰ্শকৰ ফালে হাত দাঙি তেওঁলোকক সমৰ্থন কৰিবলৈ আহ্বান জনাইছিল আৰু সমগ্ৰ ষ্টেডিয়াম ব্ৰাজিলৰ পক্ষত গুঞ্জৰিত হৈ উঠিছিল । ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে জাপানৰ খেলুৱৈসকলৰ ওপৰত পৰিছিল । কাৰণ সমগ্ৰ ষ্টেডিয়ামত জাপান মৰম আকলুৱাৰ দৰে আছিল । কিয়নো মেচৰ সমগ্ৰ সময়ছোৱা ষ্টেডিয়ামত কেৱল ব্ৰাজিলৰ সমৰ্থনত আকাশ-বতাহ মুখৰিত হৈ আছিল । তেনে পৰিস্থিতিত জাপান এক বৃহৎ ব্যৱধানত পৰাস্ত হ'লেও ক'বলগীয়া একো নাছিল ।

তাৰ উদাহৰণ আছিল মেচৰ আৰম্ভণি অনুষ্ঠান । নকআউট পৰ্যায়ৰ পৰা প্ৰতিখন মেচত আৰম্ভণিতে যি ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয় সেয়া মিউজিকেল অৰ্থাৎ সংগীত বাজিব আৰু দৰ্শক তথা খেলুৱৈ আৰু সহযোগীসকলে নিজৰ নিজৰ ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰিব । ব্ৰাজিল বনাম জাপানৰ মেচখনত ব্ৰাজিলৰ ৰাষ্ট্ৰীয় সংগীতৰ সময়ত সমগ্র ষ্টেডিয়াম ৰজনজনাই আছিল। কিন্তু জাপানৰ ক্ষেত্ৰত সেয়া স্তিমিত হৈ আছিল ।

যি কি নহওক, বিশ্বকাপৰ নকআউট পৰ্যায়ৰ প্ৰথম ৰাউণ্ডৰ (ৰাউণ্ড অব ৩২) পৰা বিদায় ল'লেও জাপানে প্ৰকৃত ফুটবলপ্ৰেমীৰ হৃদয়ত সাঁচ বহুৱাই থৈ বিশ্বকাপৰ পৰা বিদায় মাগিলে ।

মেচৰ ফলাফল

ব্ৰাজিল : ২

জাপান : ১

গ'ল :

জাপানৰ হৈ : কে ছানো (২৯ মিনিট)

ব্ৰাজিলৰ হৈ :

১) কেছমিৰো (৫৬ মিনিট)

২) জি মাৰ্টিনেলী (অতিৰিক্ত সময়)

লগতে পঢ়ক: বিশ্বকাপৰ পৰা বিদায় দক্ষিণ আফ্ৰিকাৰ; প্ৰথম নকআউট মেচত কানাডাৰ জয়