ETV Bharat / sports

ফিফা বিশ্বকাপ ২০২৬ : অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত তুৰস্ক, হেইটিৰ বিৰুদ্ধে ১-০ গ’লত জয়লাভ স্কটলেণ্ডৰ

ভেংকুৱাৰৰ বি চি প্লেচ ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলখনত অষ্ট্ৰেলিয়াই তুৰস্কৰ বিৰুদ্ধে ২-০ গ’লত জয়লাভ কৰে ৷ স্কটলেণ্ডে হেইটিৰ বিৰুদ্ধে ১-০ গ’লত জয়লাভ কৰে ৷

FIFA 2026
বিশ্বকাপ ফুটবল (AP)
author img

By ETV Bharat Assamese Team

Published : June 14, 2026 at 3:18 PM IST

3 Min Read
Choose ETV Bharat

নিউজ ডেস্ক: শনিবাৰে ফিফা বিশ্বকাপৰ গ্ৰুপ ডিৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই তুৰস্কৰ বিৰুদ্ধে ২-০ গ’লত জয়লাভ কৰে । ভেংকুৱাৰৰ বি চি প্লেচ ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত নেষ্টৰী ইৰাংকুণ্ডা আৰু কন’ৰ মেটকাফে অষ্ট্ৰেলিয়াৰ হৈ দুটা গ’ল দিয়ে ৷ ৰুকী গ’লৰক্ষক পেট্ৰিক বিচে কেইবাটাও গুৰুত্বপূৰ্ণ ছেভ কৰি অষ্ট্ৰেলিয়াক জয় নিশ্চিত কৰাত সহায় কৰে ।

প্ৰথমাৰ্ধত আৰম্ভণিৰ গ’লটো কৰাত একন-এংষ্টলাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি তুৰস্কৰ ডিফেণ্ডক বিভাজিত কৰা দীঘলীয়া বল শ্বটেৰে ইৰাণকুণ্ডাক গ’ল কৰিবলৈ সহায় কৰে । ২০০২ চনৰ প্ৰতিযোগিতাখনত তৃতীয় স্থান লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে বিশ্বকাপত খেলিছে তুৰস্কই ৷

কিন্তু ইউৰোপীয় চেম্পিয়নছ লীগত নিয়মিতভাৱে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈৰে গঠিত প্ৰতিভাৱান দলটোৱে সুসংগঠিতভাৱে লাইনআপৰ সৈতে মোকাবিলা কৰিব পৰা নাছিল । তুৰস্কৰ ২৭ মিনিটত গ’ল কৰাৰ বাবে এটা সুযোগ লাভ কৰিছিল যদিও ৰিয়েল মাড্ৰিডৰ আৰ্ডা গুলাৰক শ্বটটো অষ্ট্ৰেলিয়াৰ গ’লৰক্ষকে প্ৰতিহত কৰে ।

সেই সুযোগৰ মাত্ৰ কেইছেকেণ্ডমানৰ পিছতে অৱশ্যে অষ্ট্ৰেলিয়াই অগ্ৰগতি লাভ কৰে । অষ্ট্ৰেলিয়াৰ একন-এংষ্টলাৰে এটা সুযোগ বাচি উলিয়ায় আৰু ২১ বছৰীয়া মিডফিল্ডাৰগৰাকীয়ে ইৰাণকুণ্ডাৰলৈ বলটো আগুৱাই দিয়ে । খেলৰ দ্বিতীয়াৰ্ধত গ’লৰক্ষক বিচে নিজৰ কমাণ্ডিং ফৰ্ম অক্ষুণ্ণ ৰাখি ৫৭ মিনিটত গুলাৰৰ ফ্ৰী কিকটো কৰ্ণাৰত ৱাইড কৰিবলৈ সক্ষম হয় ।

৭৫ মিনিটত অষ্ট্ৰেলিয়াৰ মেটকাফে মিডফিল্ডত বলটো লৈ গ’লপোষ্টৰ দিশে আগবাঢ়ে আৰু ২৫ গজৰ পৰা শ্বট লৈ দ্বিতীয়টো গ’ল কৰে । এই জয়ৰ ফলত অষ্ট্ৰেলিয়াই গ্ৰুপ ডিত আমেৰিকাৰ সৈতে তিনি পইণ্টৰ সমতা স্থাপন কৰিছে আৰু শুকুৰবাৰে ছিয়াটলত দুয়োটা দল মুখামুখি হ’ব ।

হেইটিৰ বিৰুদ্ধে স্কটলেণ্ডৰ জয়লাভ

২৮ বছৰৰ পাছত স্কটলেণ্ডে বিশ্বকাপলৈ উভতি আহি শনিবাৰে জন মেকগিনৰ চমৎকাৰ ফিনিছিঙৰ সহায়ত হেইটিৰ বিৰুদ্ধে ১-০ গ’লত জয়লাভ কৰে । জিলেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এই খেলখন ৷ ১৯৯৮ চনৰ পিছত স্কটলেণ্ডৰ প্ৰথমখন বিশ্বকাপ অভিযান উপভোগ কৰিবলৈ বৃহৎ সংখ্যক লোক আমেৰিকালৈ গৈছিল ৷

গ্ৰুপ চিৰ শীৰ্ষস্থান দখল কৰি প্ৰতিযোগিতাখনত এক অনন্য বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় স্কটলেণ্ড । ১৯৯০ চনত ইটালীত ছুইডেনক ২-১ গ’লত পৰাস্ত কৰাৰ পিছত স্কটলেণ্ডৰ এইটোৱেই আছিল প্ৰথম জয় ৷ ইউৰো ৯৬ৰ পিছত ৩০ বছৰৰ মূৰত যিকোনো ডাঙৰ প্ৰতিযোগিতাত দলটোৰ এয়া প্ৰথম জয় ।

ষ্টিভ ক্লাৰ্কৰ দলটোৱে নকআউট পৰ্যায়ত উপনীত হৈ ইতিহাস ৰচনা কৰিবলৈ চেষ্টা কৰিছে, যিটো কাম স্কটলেণ্ডে বিশ্বকাপত আগতে কেতিয়াও কৰা নাছিল । শেষত সংকীৰ্ণ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় যদিও এই জয়ে তেওঁলোকক শেষৰ ৩২ ত প্ৰৱেশৰ পথত ৰাখিছে, বিশেষকৈ গ্ৰুপ পৰ্যায়ৰ তৃতীয় স্থানৰ আঠটা শ্ৰেষ্ঠ দলেই আগবাঢ়ি যাব ।

হেইটি প্ৰতিযোগিতাখনৰ অন্যতম নিম্ন ৰেংকিঙৰ দল, বিশ্বৰ ভিতৰতে ৮৪ নম্বৰ স্থানত আছে আৰু স্কটলেণ্ডে জানিছিল যে কেৰিবিয়ান ৰাষ্ট্ৰখনক পৰাস্ত কৰাটো অতি গুৰুত্বপূৰ্ণ, কিয়নো সন্মুখত আৰু প্ৰত্যাহ্বান আহি আছে ।

শুকুৰবাৰে একেখন ষ্টেডিয়ামতে পৰৱৰ্তী খেলত মৰক্কোৰ বিৰুদ্ধে খেলিব স্কটলেণ্ডে ৷ তাৰ পাছত ব্ৰাজিলৰ বিৰুদ্ধে খেলিবলৈ মিয়ামিলৈ যাত্ৰা কৰিব । শনিবাৰে নিউ জাৰ্চিত মৰক্কো আৰু ব্ৰাজিলৰ মাজত অনুষ্ঠিত গ্ৰুপ চিৰ আন এখন খেল ১-১ গ’লত ড্ৰ’ হয় ।

লগতে পঢ়ক: ভিনিচিয়াছৰ গ’লে ডাঙৰ অঘটনৰ পৰা বচালে ব্ৰাজিলক; বিশ্বকাপৰ প্ৰথমখন মেচত মৰক্কোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ