ফিফা বিশ্বকাপ ২০২৬: দুভৰিৰ যাদু আৰম্ভ হোৱাৰ পূৰ্বে জানিবলগীয়া পাঁচটা বিশেষ কথা
পূৰ্বৰ তুলনাত কিছু সুকীয়া হ’ব এইবেলি ফিফা বিশ্বকাপৰ কাহিনী ৷ আৰম্ভণিৰ পূৰ্বেই ফিফা বিশ্বকাপ ২০২৬ য়ে ৰচনা কৰিছে ইতিহাস ।

By ANI
Published : June 11, 2026 at 5:51 PM IST
নতুন দিল্লী: অপেক্ষাৰ অন্ত পৰিব, মাজত মাথোঁ কেইটামান ক্ষণ ৷ কিছু সময়ৰ পিছতে ফুটবলপ্ৰেমীসকলে উপভোগ কৰিবলৈ পাব পচন্দৰ তাৰকাৰ দুভৰিৰ যাদু ৷ ভাৰতৰ স্থানীয় সময় অনুসৰি, শুকুৰবাৰে মাজনিশা (১২ জুন)ৰ পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপ ২০২৬ ৷ আৰম্ভণিৰ পূৰ্বেই ফিফা বিশ্বকাপ ২০২৬ এ ইতিমধ্যে ইতিহাস ৰচনা কৰিছে ।
পূৰ্বৰ তুলনাত কিছু সুকীয়া হ’ব এইবেলি ফিফা বিশ্বকাপৰ কাহিনী ৷ কিহৰ বাবে এই মেগা ফুটবল প্ৰতিযোগিতাখন আনবাৰতকৈ পৃথক হ’ব, তাৰে পাঁচটা কাৰণ তলত উল্লেখ কৰা হ’ল -
1) তিনিখন দেশ আৰু এটা বিশ্বকাপ ট্ৰফী - যিটো পূৰ্বে ফুটবলৰ ক্ষেত্ৰত কেতিয়াও হোৱা নাছিল ৷ ফিফা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে তিনিখন ৰাষ্ট্ৰই যুটীয়াভাৱে এই প্ৰতিযোগিতাৰ আয়োজকৰ দায়িত্ব লাভ কৰিছে । আমেৰিকা, মেক্সিকো আৰু কানাডাই ১৬ খন আয়োজক চহৰত বিশ্বক আদৰণি জনাব ৷ যাৰ বাবে এইবাৰৰ বিশ্বকাপ এতিয়ালৈকে অনুষ্ঠিত সৰ্বাধিক বৃহৎ আৰু অভিলাষী বিশ্বকাপ হিচাপে পৰিচিত হৈছে । ফুটবল জগতখনে পূৰ্বে কেতিয়াও ইমান বৃহৎ পৰিসৰক সামৰি কোনো প্ৰতিযোগিতা অনুষ্ঠিত কৰা নাছিল ৷
2) ফুটবলৰ ইতিহাসত এইবাৰৰ বিশ্বকাপ হ’ব সৰ্ববৃহৎ বিশ্বকাপ ৷ এইবাৰৰ বিশ্বকাপ যিকোনো উল্লেখযোগ্য ঘটনাৰ সাক্ষী হোৱাৰ সম্ভাৱনা আছে ৷ আপোনালোকে পাহৰি যাওক ৩২টা দলৰ কথা ৷ এই বছৰ ৪৮ খন ৰাষ্ট্ৰই ফুটবল ট্ৰফীটো নিজৰ নামত কৰাৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । ইয়াৰ অৰ্থ হৈছে অধিকসংখ্যক খেল, অধিক প্ৰতিদ্বন্দ্বিতা, অধিক যুঁজ আৰু বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা অনেক কাহিনীৰ জন্ম । প্ৰতিযোগিতাখনৰ প্ৰথমটো দিনৰ পৰাই বহু কাহিনীৰ উত্থান-পতন দেখিবলৈ পোৱা যাব ৷
3) মেক্সিকোৱে বিশ্বকাপত যি অভিলেখ গঢ়িছে, সেয়া হয়তো কেতিয়াও ভংগ নহ’ব ৷ তৃতীয়বাৰৰ বাবে ফিফা বিশ্বকাপ আয়োজন কৰা ইতিহাসৰ প্ৰথমখন দেশত পৰিণত হৈছে মেক্সিকো ৷ পূৰ্বে ১৯৭০ আৰু ১৯৮৬ চনত দেশখনে এই প্ৰতিযোগিতাখনৰ আয়োজন কৰিছিল । এয়া এক বৃহৎ কৃতিত্ব, যিয়ে ফুটবল জগতত দেশখনৰ স্থানক অমলিন কৰি ৰাখিছে ৷
4) শুকুৰবাৰে মাজনিশাৰ উদ্বোধনী খেলখনে ফুটবল জগতৰ এক স্মৃতি পুনৰ সজীৱ কৰি তুলিব ৷ ষোল্ল বছৰৰ পূৰ্বে ২০১০ চনৰ ১১ জুনত মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাই জোহান্সবাৰ্গত ফিফা বিশ্বকাপ আৰম্ভ কৰিছিল । আজি নিশা ঠিক একেটা তাৰিখতে এই দুয়োখন ৰাষ্ট্ৰই পুনৰ এবাৰ মুখামুখি হ’ব আৰু আন এক বিশ্বকাপত যুঁজ আৰম্ভ কৰিব ।
5) মেছি আৰু ৰ’নাল্ডোৰ বাবে এয়া হ’ব হয়তো কেৰিয়াৰৰ শেষৰখন বিশ্বকাপ ৷ বছৰ বছৰ ধৰি ফুটবল অনুৰাগীসকলে ভাবি আহিছে যে ফুটবলত কেতিয়ানো লিঅ’নেল মেছি আৰু ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ যুগৰ অন্ত পৰিব ? কিন্তু ফুটবলপ্ৰেমীসকলে কোনো ধৰণৰ উত্তৰ এতিয়ালৈকে লাভ কৰা নাই ৷ লুকা মড্ৰিচ আৰু গুইলাৰমো অচ’য়াৰ দৰে কিংবদন্তীৰ সমান্তৰালভাৱে এই প্ৰজন্মৰ তাৰকাসকলক পুনৰ এবাৰ বিশ্বকাপৰ দৰে সুবৃহৎ মঞ্চত দেখা যাব । যদি এইবাৰেই তেওঁলোকৰ কেৰিয়াৰৰ শেষৰটো বিশ্বকাপ, তেন্তে নিশ্চয় কোনো এগৰাকী অনুৰাগীয়ে ইয়াক মিছ কৰিবলৈ নিবিচাৰিব ৷
লগতে পঢ়ক: ফিফা বিশ্বকাপ ২০২৬: ৰক্তপাতহীন মহাৰণৰ বাবে অপেক্ষাৰত বিশ্বৰ কোটি কোটি ফুটবল অনুৰাগী

