বিশ্বকাপ ফুটবল ২০২৬: একমাত্ৰ ভাৰতীয় মহিলা ফটো সাংবাদিক হিচাবে নিৰ্বাচিত গীতিকা তালুকদাৰ
তৃতীয়বাৰৰ বাবে আগন্তুক ফিফা বিশ্বকাপ ফুটবলৰ বাতৰি যুগুত কৰিবলৈ সুবিধা লাভ কৰিছে অসম জীয়ৰী গীতিকা তালুকদাৰে ৷

Published : May 22, 2026 at 2:46 PM IST
হায়দৰাবাদ: অসমবাসীৰ বাবে এক গৌৰৱৰ খবৰ ৷ চলিত বৰ্ষৰ জুন-জুলাই মাহত আমেৰিকা, কানাডা আৰু মেক্সিক'ত অনুষ্ঠিত হ'ব লগা বিশ্বকাপ ফুটবলৰ বাতৰি যুগুত কৰিবলৈ 'ফিফা'ই অসমীয়া ফটো সাংবাদিক গীতিকা তালুকদাৰক আনুষ্ঠানিকভাৱে বাছনি কৰি স্বীকৃতি প্ৰদান কৰিছে ।
বিশ্বকাপ ফুটবলৰ বাতৰি যুগুত কৰিবলৈ 'ফিফা'ই দিয়া এই সুযোগৰ বাবে অতিশয় আনন্দিত হৈ পৰিছে অসম জীয়ৰী গীতিকা ৷ গীতিকা তালুকদাৰ হৈছে বিশ্বকাপ ফুটবল ২০২৬ ৰ একমাত্ৰ ভাৰতীয় মহিলা ফটো সাংবাদিক ৷ "এইবাৰ ভাৰতৰ একমাত্ৰ মহিলা ফটো সাংবাদিক হিচাবে মই ভাৰতীয় সংবাদ মাধ্যমৰ দলটোক প্ৰতিনিধিত্ব কৰিম ৷ স্বাভাৱিকতে এয়া মোৰ ফটো সাংবাদিকতা কেৰিয়াৰটোৰ বাবে এটা উৎসাহজনক খবৰ ৷" ই টিভি ভাৰতক এইদৰে ক'লে গীতিকাই ৷

'ফিফা'ই দিয়া এই সুযোগৰ দ্বাৰা তেওঁৰ ফটো সাংবাদিকতা কেৰিয়াৰৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হ’ব ৷ কিয়নো এয়া তেওঁৰ বাবে তৃতীয়টো ফিফা বিশ্বকাপ এচাইনমেণ্ট ৷
উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সংবাদ মাধ্যমত ক্ৰমবৰ্ধমান উপস্থিতিৰ বাবে পৰিচিত গীতিকা তালুকদাৰে ফুটবলৰ বৃহত্তম মঞ্চত দক্ষিণ এছিয়াৰ ক্ৰীড়া সংবাদ মাধ্যমৰ ভ্ৰাতৃত্ববোধক প্ৰতিনিধিত্ব কৰি আহিছে ।
ইয়াৰ পূৰ্বে তেওঁ ৰাছিয়া বিশ্বকাপ ২০১৮, কাটাৰ ফিফা বিশ্বকাপ ২০২২, ফ্ৰান্স মহিলা ফিফা বিশ্বকাপ ২০১৯, মহিলা ফিফা বিশ্বকাপ ২০২৩ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত কভাৰ কৰিছিল । টকিঅ’ অলিম্পিক গেমছ ২০২০, পেৰিছ অলিম্পিক গেমছ আদিৰো ফটো তেওঁ নিজৰ কেমেৰাত বন্দী কৰিছে ।
ফিফাৰ দ্বাৰা গীতিকাই বাৰম্বাৰ স্বীকৃতি লাভ কৰাটোৱে তেওঁৰ পেছাদাৰী বিশ্বাসযোগ্যতা আৰু বিশ্বব্যাপী ফুটবল কভাৰেজত তেওঁৰ অবিৰত অৱদান দুয়োটাকে উজ্জ্বল কৰি তুলিছে ।

এই স্বীকৃতিক গীতিকা তালুকদাৰে এক গৌৰৱ আৰু আৱেগিক মুহূৰ্ত বুলি অভিহিত কৰে, যিয়ে তেওঁৰ ফুটবল ফটোগ্ৰাফী আৰু ক্ৰীড়া সাংবাদিকতাৰ প্ৰতি থকা আকৰ্ষণ তথা স্পৃহাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
পুৰুষৰ ফিফা বিশ্বকাপৰ বাবে একেৰাহে তিনিবাৰৰ বাবে স্বীকৃতি লাভ কৰা গীতিকা তালুকদাৰে ৰিপ’ৰ্ট আৰু ফটোগ্ৰাফীৰ স্থায়ী আন্তঃৰাষ্ট্ৰীয় ফুটবল অভিজ্ঞতাৰে নিৰ্বাচিত সংবাদ মাধ্যমৰ এটা দলতো যোগদান কৰে ।
আমেৰিকা, কানাডা, মেক্সিক'ত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ ফিফা বিশ্বকাপ প্ৰতিযোগিতাৰ ইতিহাসৰ সৰ্ববৃহৎ সংস্কৰণ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে, য’ত ৪৮টা ৰাষ্ট্ৰীয় দল আৰু বিশ্ব সংবাদ মাধ্যমে অংশগ্ৰহণ কৰিব ৷ অহা জুন মাহত গীতিকা তালুকদাৰ বিশ্বৰ আটাইতকৈ ঐতিহাসিক ফুটবল বিশ্বকাপৰ সাক্ষী হ’বলৈ উৰা মাৰিব ।

