ETV Bharat / sports

ভিনিচিয়াছৰ গ’লে ডাঙৰ অঘটনৰ পৰা বচালে ব্ৰাজিলক; বিশ্বকাপৰ প্ৰথমখন মেচত মৰক্কোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ

মৰক্কোৰ বিৰুদ্ধে প্ৰথমখন মেচত ড্ৰ’ কৰি ব্ৰাজিলে বিশ্বকাপৰ উদ্বোধনী মেচত পৰাস্ত নোহোৱাৰ ৮৮ বছৰীয়া অভিলেখ বজাই ৰাখিলে ।

FIFA 2026
ভিনিচিয়াছৰ গ’লে ডাঙৰ অঘটনৰ পৰা বচালে ব্ৰাজিলক (AFP)
author img

By ETV Bharat Assamese Team

Published : June 14, 2026 at 8:08 AM IST

|

Updated : June 14, 2026 at 8:53 AM IST

2 Min Read
Choose ETV Bharat

নিউ জাৰ্ছী : শনিবাৰে বিশ্বকাপৰ গ্ৰুপত অনুষ্ঠিত হোৱা এক ৰোমাঞ্চকৰ আৰু হাই প্ৰফাইল মেচত ৩২ মিনিটত ভিনিচিয়াছ জুনিয়ৰে সমতা স্থাপন কৰে আৰু ৫ বাৰৰ চেম্পিয়ন ব্ৰাজিলে মৰক্কোৰ বিৰুদ্ধে ১-১ গ’লত ড্র’ত সমাপ্ত হয় ৷ ইয়াৰ লগতে ব্ৰাজিলে ফিফা বিশ্বকাপৰ প্ৰথমখন মেচ কেতিয়াও পৰাস্ত নোহোৱাৰ ৯২ বছৰীয়া অভিলেখ বজাই ৰাখিছে । দুয়োটা দলে এক-এককৈ পইণ্ট লাভ কৰে ।

প্ৰথমাৰ্ধত মৰক্কোৱে সুযোগৰ পিছত সুযোগৰ সৃষ্টি কৰিছিল আৰু আৰু ২১ মিনিটত ইছমাইল ছাবাৰীয়ে আফ্ৰিকান চেম্পিয়ন দলটোক অগ্ৰগতি প্ৰদান কৰি ১৯৩৪ চনৰ পৰা উদ্বোধনী মেচখনত ব্ৰাজিলৰ গৌৰৱময় জয়ৰ ধাৰাটোক বিপদত পেলাইছিল ৷ কিন্তু মাত্ৰ ১১ মিনিটৰ পিছতে ভিনিচিয়াছ জুনিয়ৰে সমতা স্থাপন কৰে ৷

দ্বিতীয়াৰ্ধৰ পিছত মৰক্কো আৰু ব্ৰাজিল দুয়োটা দলে দ্বিতীয়টো গ’ল দি অগ্ৰগতি লাভ কৰিবলৈ চেষ্টা কৰিছিল । ব্ৰাজিলে বলটো ৰাখি বিজয়ী গ’লটো দিয়াৰ সুযোগ বিচাৰিছিল যদিও মৰক্কো পিছ পৰি নাথাকিল । শক্তিশালী প্ৰতিৰক্ষা আৰু দ্ৰুত প্ৰত্যাক্ৰমণৰ জৰিয়তে তেওঁলোকে হেঁচা বজাই ৰাখিছিল ।

মেচখনৰ অন্তিম মুহূৰ্তত ব্ৰাজিলৰ প্ৰশিক্ষক কাৰ্লো এঞ্চেল’টিয়ে জয় নিশ্চিত কৰাৰ বাবে দলটোত কেইটামান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰে । তেওঁ নতুন খেলুৱৈক আনি গ’ল দিয়াৰ চেষ্টা চলাই যদিও মৰক্কোৰ শক্তিশালী ডিফেন্সৰ বিৰুদ্ধে তেওঁলোক সকলো প্ৰচেষ্টা ব্যৰ্থ হয় ।

নিৰ্ধাৰিত খেলৰ ৯০ মিনিট শেষ হোৱাৰ পিছত ৰেফাৰীয়ে ১০ মিনিটৰ অতিৰিক্ত সময় দিয়ে ৷ এই সময়ছোৱাত ব্ৰাজিলে কেইবাজনো খেলুৱৈক আগলৈ পঠাই গ’ল কৰাৰ চেষ্টা কৰিছিল যদিও মৰক্কোৰ খেলুৱৈসকলে প্ৰতিটো আক্ৰমণ বিফল কৰিছিল । অৱশেষত অতিৰিক্ত সময়ৰ শেষত মেচখন ১-১ গ’লত সমাপ্ত হয় আৰু দুয়োটা দলে ১-১ পইণ্ট লাভ কৰে ।

ব্ৰাজিলৰ পৰৱৰ্তী মেচ ২০ জুনত হাইটি আৰু ২৫ জুনত স্কটলেণ্ডৰ বিৰুদ্ধে হ’ব, আনহাতে মৰক্কোৰ পৰৱৰ্তী মেচ ২০ জুনত স্কটলেণ্ড আৰু ২৫ জুনত হাইটিৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব ।

লগতে পঢ়ক : ফিফা বিশ্বকাপ ২০২৬: মৰক্কোৰ বিৰুদ্ধে ব্ৰাজিলৰ উদ্বোধনী মেচত অংশ নলয় নেইমাৰে

ফিফা ২০২৬: বছনিয়া-হাৰ্জেগোভিনাৰ সৈতে ড্ৰ’ কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ পইণ্ট লাভ কৰিলে কানাডাই

বিশ্বকাপ ফুটবলত অপ্ৰতিৰোধ্য় ব্ৰাজিল

Last Updated : June 14, 2026 at 8:53 AM IST