ETV Bharat / sports

ফিফা বিশ্বকাপ ২০২৬: বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ’ল প্ৰদানৰ অভিলেখ মেছিৰ, শনিবাৰৰ খেলৰ আপডেট

ফিফা বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ খেল প্ৰায় অন্ত হোৱাৰ দিশে ৷ শনিবাৰে জৰ্ডানৰ বিৰুদ্ধে আৰ্জেণ্টিনাই জয়লাভ কৰাৰ বিপৰীতে পৰ্তুগালৰ বিৰুদ্ধে ড্ৰ’ খেলে কলম্বিয়াই ৷

FIFA World Cup 2026
লিয়নেল মেছি (AP)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 2:49 PM IST

3 Min Read
Choose ETV Bharat

নিউজ ডেস্ক: শনিবাৰে নিশা জৰ্ডানৰ বিৰুদ্ধে ৩-১ গ’লত জয়লাভ কৰা ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই গ্ৰুপ পৰ্যায়ত তিনিখন খেলতে বিজয় সাব্যস্ত কৰিছে ৷ লিয়নেল মেছিৰ বাহিৰেও এই বিশ্বকাপত গ’ল দিয়া প্ৰথমজন আৰ্জেণ্টিনাৰ খেলুৱৈ হিচাপে পৰিগণিত হয় জিওভানি লো চেলছ’ ৷ খেলখনৰ আৰম্ভণিতে লো চেলছ’ই ১৯ মিনিটত ডাইৰেক্ট ফ্ৰী কিকেৰে আৰ্জেণ্টিনাক আগুৱাই লৈ যায় । দ্বিতীয়ার্ধত মেছিয়ে আৰু এটা গ’ল দি বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ’ল দিয়া খেলুৱৈ হিচাপে পৰিগণিত হয় । তেওঁ মুঠ ১৯ টা গ’ল দিছে বিশ্বকাপত ৷

এই ছিজনত ছটা গ’ল দি প্ৰতিযোগিতাখনৰ আগশাৰীৰ স্ক’ৰাৰত পৰিণত হৈছে মেছি । খেলৰ ৬০মিনিটত মেছিয়ে ষ্টেডিয়ামত প্ৰৱেশ কৰিছিল আৰু ৮০ মিনিটত গ’ল দিছিল । প্ৰথমাৰ্ধত লাউটাৰো মাৰ্টিনেজে ৩১ মিনিটত পেনাল্টি কিকত গ’ল দি আৰ্জেণ্টিনাক ২-০ গ’লত আগুৱাই লৈ যায় ।

ইফালে শনিবাৰে পানামাৰ বিৰুদ্ধে ২-০ গ’লত জয়লাভ কৰে ইংলেণ্ডে ৷ খেলখনৰ প্ৰথমাৰ্ধত কোনো গ’ল হোৱা নাছিল যদিও দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে বেলিংহাম আৰু কেনে এটাকৈ গ’ল দিয়ে । ইংলেণ্ডে নিজৰ গ্ৰুপত প্ৰথম স্থান অধিকাৰ কৰাৰ লগতে নক আউটত প্ৰৱেশ কৰিছে ৷

শনিবাৰে নিশা পৰ্তুগালৰ বিৰুদ্ধে ড্ৰ’ খেলি কলম্বিয়াই বিশ্বকাপৰ উদ্বোধনী ৰাউণ্ডত গ্ৰুপ K ৰ বিজয়ী হিচাপে গ্ৰুপ পৰ্যায়ৰ অভিযান সমাপ্ত কৰে । ইতিমধ্যে দুয়োটা দলে এই মেচৰ পূৰ্বে নকআউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে ৷ এতিয়া ক্ৰ’ৱেচিয়াৰ হাতত ২-১ গ’লত পৰাস্ত হোৱা ঘানাৰ বিৰুদ্ধে খেলিব কলম্বিয়াই । আনহাতে ৪৮ টা দলৰ সম্প্ৰসাৰিত প্ৰতিযোগিতাখনত ফেভাৰিট হিচাপে প্ৰৱেশ কৰা পৰ্তুগালে গ্ৰুপ K ৰ ৰানাৰ্ছ আপ হিচাপে ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে খেলিব ।

দুয়োটা দলে কালিৰ খেলখনত তীব্ৰ প্ৰচেষ্টা চলাইছিল জয়ৰ বাবে । প্ৰথমাৰ্ধত ব্ৰুনো ফাৰ্নাণ্ডেজে পৰ্তুগালক অগ্ৰগতি প্ৰদানৰ কাষ চাপিছিল যদিও কেমিলো ভাৰ্গাছে তেওঁক প্ৰতিহত কৰে । পৰ্তুগালৰ ডিঅ’গো কষ্টোৱে ছটা ছেভ কৰিছিল । ডেভিনছন ছানচেজে ভাবিছিল যে বৰ্ধিত সময়ৰ মাত্ৰ একমিনিটৰ ভিতৰতে বেক পোষ্ট হেডাৰেৰে কলম্বিয়াই অগ্ৰগতি লাভ কৰিছে, কিন্তু তেওঁক অফছাইড বুলি গণ্য কৰা হয় আৰু গ’লটো অস্বীকাৰ কৰা হয় । প্ৰথমটো বিশ্বকাপৰ খিতাপৰ সন্ধানত থকা ক্রিষ্টিয়ানো ৰোনাল্ডোৰ পর্তুগাল দলটোৱে গ্ৰুপ পৰ্যায়ৰ পৰা নকআউট পৰ্যায়লৈ ৰাওনা হৈছে৷

প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নকআউট পৰ্যায়লৈ আগবাঢ়ি যোৱা কংগোৱে শনিবাৰে নিশা উজবেকিস্তানৰ বিৰুদ্ধে ৩-১ গ’লত জয়লাভ কৰে ৷ দুটা গ’লেৰে ষ্ট্ৰাইকাৰ যোয়ানে উইছা দলটোৰ বিজয়ৰ নায়ক হৈ পৰে । দ্বিতীয়াৰ্ধত ফিষ্টন মেয়েলে নাটকীয় কামবেকেৰে লক্ষ্যত উপনীত হয় ৷ কংগোৱে ৩২ ৰাউণ্ডৰ বাবে আন এক আচৰিত কোৱালিফায়াৰ হিচাপে আত্মপ্ৰকাশ কৰিছে ।

শনিবাৰে নিশা অষ্ট্ৰিয়া আৰু আলজেৰিয়াই গ্ৰুপ পৰ্যায়ৰ চূড়ান্ত খেলখনত ৩-৩ গ’লত ৰোমাঞ্চকৰ ড্ৰ’ খেলি বিশ্বকাপৰ নকআউট ৰাউণ্ডলৈ আগবাঢ়ি যোৱাৰ লগতে ইৰাণক প্ৰতিযোগিতাখনৰ পৰা বাহিৰ কৰি দিয়ে । খেলখনৰ প্ৰায় একমিনিট বাকী থকা অৱস্থাত আলজেৰিয়াৰ ৰিয়াদ মাহৰেজে দ্বিতীয়টো গ’ল দিয়ে, সেইটোৱে অষ্ট্ৰিয়াক বাহিৰ হোৱাৰ পথত আগুৱাই লৈ যায় ৷ কিন্তু ছাছা কালাজজিচে কিছু মুহূৰ্তৰ পিছত সমতা স্থাপনৰ গ’লটো হেড কৰি দাছ টিমটোক উদ্ধাৰ কৰে । গ্ৰুপ জেত আৰ্জেণ্টিনাৰ পিছতে দ্বিতীয় স্থান দখল কৰি ১৯৮২ চনৰ পিছত প্ৰথমবাৰৰ বাবে আগবাঢ়ি অহা অষ্ট্ৰিয়াৰ হৈ মাৰ্কো আৰ্নাট’ভিচ আৰু মাৰ্চেল ছাবিটজাৰে গ’ল এটাকৈ গ’ল দিয়ে ।

লগতে পঢ়ক: ফ্ৰান্সৰ ফৰৱাৰ্ড ওছমান ডেম্বেলেৰ বিশ্বকাপত হেট্ৰিকৰ অনন্য অভিলেখ