ETV Bharat / sports

ফিফা ২০২৬: বেলজিয়ামৰ হাতত ধৰাশায়ী আমেৰিকা; তৃতীয়খন আয়োজক দেশৰো আগতীয়া প্ৰস্থান

কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে স্পেইনৰ মুখামুখি হ'ব । আনহাতে, সহ-আয়োজক কানাডা আৰু মেক্সিকোৰ পিছত আমেৰিকায়ো কোৱাৰ্টাৰ ফাইনেলৰ পূৰ্বে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয় ।

FIFA 2026
আমেৰিকা-বেলজিয়াম বিশ্বকাপৰ প্ৰিকোৱাৰ্টাৰ মেচত নিজৰ দলৰ চতুৰ্থটো গ’ল দিয়াৰ পিছত বেলজিয়ামৰ ৰোমেলু লুকাকু (৯) (AP)
author img

By ETV Bharat Assamese Team

Published : July 7, 2026 at 2:59 PM IST

6 Min Read
Choose ETV Bharat

ছিয়াটল : শেহতীয়া বিতৰ্ক, উত্তেজনা, বাদানুবাদ, ফিফাৰ ওপৰত অহেতুক হস্তক্ষেপ আদি বিভিন্ন অভিযোগৰ সন্মুখীন হোৱাৰ পিছত অৱশেষত বিশ্বকাপৰ পৰায়ে বিদায় মাগিলে আয়োজক আমেৰিকাই । অৱশ্যে বিদায় বুলি ক'লেও ভুল হ'ব, এয়া যেন এক শোচনীয় পৰাজয় । সোমবাৰে বেলজিয়ামৰ হাতত নিজৰ ঘৰৰ মাটিতে পৰাস্ত হৈ বিশ্বকাপ যাত্ৰাৰ অন্ত পৰে আয়োজক দেশ আমেৰিকাৰ । চাৰ্লছ ডি কেটেলেৰেৰ দুটা গ'লৰ সহায়ত বেলজিয়ামে আমেৰিকাৰ বিৰুদ্ধে ব্ৰেছে ৪-১ গ’লৰ ব্যৱধানত জয়লাভ কৰে । কিন্তু ফ’লাৰিন বালোগুনৰ ওপৰত লগোৱা নিষেধাজ্ঞাক লৈ হোৱা তিক্ত বিবাদক এই জয়লাভৰ উত্তেজনাই ম্লান কৰি দিয়ে ।

এই জয়ৰ অৰ্থ হ’ল কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ বিৰুদ্ধে বেলজিয়াম মুখামুখি হ’ব । আনহাতে, সহ-আয়োজক কানাডা আৰু মেক্সিকোৰ পিছত আমেৰিকায়ো সাধাৰণ প্ৰদৰ্শনৰ পিছত ৰাউণ্ড অব ১৬ৰ পৰায়ে বিদায় ল’বলগীয়া হয় ।

মেচখনৰ পূৰ্বে সকলোৰে ধ্যান আমেৰিকাৰ প্ৰাৰম্ভিক একাদশত বালোগুনৰ অন্তৰ্ভুক্তিৰ ওপৰত আছিল । কিয়নো আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ষ্ট্ৰাইকাৰগৰাকীক ৰঙা কাৰ্ড প্ৰদৰ্শনৰ বাবে এখন মেচৰ বাবে নিলম্বনৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ ফিফাক আহ্বান জনাইছিল । আনহাতে, ফিফাৰ প্ৰশাসনীয় সমিতিয়ে অতি বিতৰ্কিতভাৱে তেওঁৰ এই দাবী মানিও লৈছিল ।

কিন্তু বেলজিয়াম একাদশতো কেইটামান অতি আচৰিত সিদ্ধান্ত দেখিবলৈ পোৱা গৈছিল । কেভিন ডি ব্ৰুইন আৰু জেৰেমি ড'কুৰ দৰে গুৰুত্বপূৰ্ণ খেলুৱৈক ৰিজাৰ্ভ বেঞ্চত বহুৱাই ৰাখিছিল । আৰু প্ৰশিক্ষক ৰুডি গাৰ্চিয়াৰ এই ট্ৰাম্পকাৰ্ড উচিত প্ৰমাণিত হয় । ডি কেটেলেৰেয়ে আৰম্ভণিতে গ'ল দি ছিয়াটলত সৃষ্টি হোৱা উৎসৱমুখৰ পৰিৱেশত চেঁচাপানী ঢালি দিয়ে ।

পূৰ্বৰ ৰাউণ্ডত ব'ছনিয়া আৰু হাৰ্জেগোভিনাৰ বিৰুদ্ধে মেচত খেলপথাৰৰ পৰা বাহিৰ কৰি দিয়াৰ পিছত ফিফাই বালোগুনৰ ওপৰত লগোৱা নিষেধাজ্ঞা স্থগিত ৰখাৰ পদক্ষেপক বিশ্বৰ ফুটবল অনুৰাগী, ক্ৰীড়া বিশেষজ্ঞ আৰু খেলুৱৈসকলে তীব্ৰ সমালোচনা কৰে যদিও ছিয়াটলৰ দৰ্শকৰ মাজত তাৰ কোনো প্ৰতিফলন ঘটা নাছিল ।

সম্পূৰ্ণ বিশ্বকাপত এইটো প্ৰথম ঘটনা যে আমেৰিকান দলে আৰম্ভণিতে গ'ল খাবলগা হয় । ফলত পৰিৱেশ নিৰাশাজনক হৈ পৰাৰ লগতে দলটোৱে প্ৰত্যাক্ৰমণৰো কোনো সম্ভাৱনা খেলপথাৰত দেখা যোৱা নাছিল । মিডফিল্ড দুৰ্বল হৈ পৰিছিল আৰু প্ৰতিৰক্ষা বিভাগকো ভয় খোৱা যেন লাগিছিল ।

কিন্তু খেলৰ আধা ঘণ্টা পিছত বালোগুনে পেনাল্টি বক্সত এটা ফাউল লাভ কৰে আৰু লগে লগে দৰ্শক পুনৰুজ্জীৱিত হৈ উঠে । ইয়াৰ পিছত মালিক টিলমেনে বলটো বিপক্ষৰ নেটত ভৰাই দিয়ে আৰু সমগ্ৰ ষ্টেডিয়ামটো কঁপি উঠে ।

সপোনৰ সমাপ্তি

কিন্তু এই আনন্দ ক্ষণস্থায়ী আছিল । ৩৩ মিনিটত ডি কেটেলেৰে লিয়াণ্ড্ৰ’ ট্ৰ’ছাৰ্ডৰ পাছ হেড কৰিবলৈ জাঁপ মাৰে আৰু নিজৰ দ্বিতীয়টো গ'ল দিয়ে ।

প্ৰথমাৰ্ধৰ খেল শেষ হোৱাৰ সময়লৈকে আমেৰিকাই পুনৰ ছন্দলৈ উভতি আহে । আমেৰিকাৰ ফালৰ পৰা কেইবাটাও আক্ৰমণ কৰা হয় যদিও অৱশ্যে সেয়া গ'ললৈ পৰিৱৰ্তন কৰাত ব্যৰ্থ হয় ।

FIFA 2026
ৰোমালু লুকাকু বেলজিয়াম ফুটবল পোষ্ট (Screen Grab from Instagram handle)

অৰ্ধ বিৰতিৰ সময়ত আমেৰিকাৰ প্ৰশিক্ষক মৰিচিঅ’ প’চেটিনোৱে ফৰ্মেচন সলনি কৰি জিঅ’ ৰেইনাক ১০ নম্বৰৰ ভূমিকালৈ পঠিয়াই ৱেষ্টন মেকেনীক সোঁফাললৈ লৈ যায় । আমেৰিকাৰ খেলুৱৈসকলে অধিক গতিৰে খেল পুনৰ আৰম্ভ কৰে আৰু চেণ্টাৰৰ পৰা আগত আক্ৰমণ চলাবলৈ ধৰে ।

কিন্তু ৫৭ মিনিটত এক আত্মঘাতী দুৰ্যোগৰ সৃষ্টি হয় । ফ্ৰিজে বেলজিয়ামৰ এটা দীঘলীয়া শ্বট সংগ্ৰহ কৰিবলৈ ওলাই আহে । কিন্তু তীব্ৰ গতিৰে আগবাঢ়ি অহা ডি কেটেলেৰেক পৰাস্ত কৰিবলৈ ঘূৰাৰ সময়তে বলৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায় আৰু ডি কেটেলেৰে বলটো হান্স ভানাকেনলৈ ঠেলি দিয়ে আৰু দীৰ্ঘ দূৰত্বৰ পৰা খালী গ’লপোষ্টলৈ বলটো মাৰি পঠিওৱাত তেওঁ কোনো ভুল নকৰিলে ।

ইয়াৰ কিছু মিনিটৰ পাছতে আঘাতৰ বাবে পুলিচিচে খোৰাই খোৰাই খেলপথাৰৰ পৰা বাহিৰ ওলাই যায় আৰু তেওঁৰ সৈতেই ২০০২ চনৰ পিছত প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ আমেৰিকাৰ সপোনো ভংগ হয় ।

এক ৰহস্যজনক ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে আমেৰিকা, ফিফা আৰু ট্ৰাম্পক লক্ষ্য কৰি লয় বেলজিয়ামে

হায়দৰাবাদ : আমেৰিকাৰ বিৰুদ্ধে ৪-১ গ’লত বেলজিয়ামৰ জয়ে আমেৰিকাৰ বিশ্বকাপ জয়ৰ সপোনক নিৰ্বাপিত কৰাই নহয়, ছ’চিয়েল মিডিয়াৰ যুদ্ধতো ইন্ধন যোগায় । ফেডাৰেচনে এটা পোষ্ট আপলোড কৰে, য’ত ফ’লাৰিন বালোগুনৰ ৰঙা কাৰ্ড খাই নিলম্বনৰ সৈতে জড়িত বিতৰ্কৰ কথা উল্লেখ কৰা হয় । আমেৰিকাৰ পতনৰ কেইমুহূৰ্তমান পিছতে তেওঁলোকে যেন ফিফা আৰু আমেৰিকান প্ৰশাসনৰ ওপৰত প্ৰতিশোধ লয় ।

মেচখন সমাপ্ত হোৱাৰ পিছত দলটোৱে তেওঁলোকৰ প্ৰবীণ ষ্ট্ৰাইকাৰ ৰোমেলু লুকাকুৰ এখন ফটো শ্বেয়াৰ কৰি কেপচনত লিখে ‘overturn this‘ । সেই ফটোখন আছিল লুকাকুৱে গ’ল দিয়াৰ পিছত আমেৰিকাৰ দৰ্শকক নিস্তব্ধ কৰি পেলোৱাৰ মুহূৰ্তৰ ।

FIFA 2026
বেলজিয়াম দলটো (AP)

ফোলাৰিন বালোগুনৰ ৰঙা কাৰ্ডৰ বিতৰ্কটো কি আছিল ?

বটছনিয়া আৰু হাৰ্জেগোভিনাৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত আমেৰিকাৰ ষ্ট্ৰাইকাৰ ফ’লাৰিন বালোগুনক ৰেফাৰীয়ে ৰঙা কাৰ্ড প্ৰদৰ্শন কৰিছিল । এই সিদ্ধান্তৰ ফলত সাধাৰণতে কোনো এজন খেলুৱৈক এখন মেচৰ বাবে নিলম্বন কৰা হয় । কিন্তু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৱাশ্বিংটনৰ পৰা তীব্ৰ ৰাজনৈতিক লবীৰ অন্তত ফিফাৰ স্বতন্ত্ৰ অনুশাসন সমিতিয়ে মেচৰ প্ৰাকক্ষণত এবছৰৰ বাবে এই নিষেধাজ্ঞা স্থগিত ৰাখে । যাৰ ফলত বালোগুনে মেচখনত খেলাৰ সুবিধা লাভ কৰে ।

বিতৰ্কৰ সৈতে ড’নাল্ড ট্ৰাম্প কেনেকৈ জড়িত হ’ল ?

ইফালে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ফিফাৰ সভাপতি জিয়ানি ইনফাণ্টিনোৰ সৈতে তিনিটা পৃথক বাৰ্তালাপত মিলিত হৈ ৰেফাৰীৰ অভিযোগ উত্থাপন কৰাৰ লগে লগে এই বিতৰ্কৰ সৃষ্টি হয় । তেওঁ লগতে অ’ভেল অফিচৰ পৰা নিজৰ এই কাৰ্যৰ পক্ষ লৈ কয়, “মই মাত্ৰ এটা ৰিভিউ বিচাৰিছিলোঁ, কাৰণ মই ইয়াক ফাউল বুলি ভবা নাছিলোঁ । মই তেওঁক কি কৰিব লাগে সেয়া কোৱা নাছিলোঁ । মই তেওঁক কি কৰিব লাগে সেই কথা ক’ব নোৱাৰোঁ ।”

আনহাতে, বালোগুনক খেলিবলৈ সুবিধা দিয়াৰ সিদ্ধান্ত লোৱাৰ পিছত তেওঁ ফিফাক প্ৰশংসা কৰি কয়: "ফিফাক ধন্যবাদ যে তেওঁলোকে যিটো সঠিক সৈই কামটো কৰিলে আৰু এক ডাঙৰ অন্যায়ৰ পৰা ৰক্ষা পৰিল !”

লগতে পঢ়ক :বিশ্বকাপ জয়ৰ অপূৰ্ণ আশা বুকুত বান্ধি কেৰিয়াৰৰ অন্ত পেলালে ৰোণাল্ডোৱে, স্পেইনৰ হাতত পৰাস্ত পৰ্তুগাল
লগতে পঢ়ক :ফুটবলৰ বিশ্বযুদ্ধত মেছি-এমবাপে-হালাণ্ডৰ ভৰিৰ ছন্দত নতুন ইতিহাস: তাৰকা হৈ উজলিছে আৰ্লিং হালাণ্ড