ETV Bharat / sports

ৰাষ্ট্ৰীয় স্কাই মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতা : ৮ টা সোণ, ১৭ টা ৰূপসহ ৬১ টা পদক অসমৰ

শেহতীয়াকৈ ভাৰতীয় ক্ৰীড়া মন্ত্ৰালয়ে এই খেলবিধক স্বীকৃতি প্ৰদান কৰাৰ পিছত অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে স্কাই মাৰ্চিয়েল আৰ্টছে ।

26th National Sqay Martial Art Competition
ৰাষ্ট্ৰীয় স্কুৱাই মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতাত পদক অৰ্জন কৰা অসমৰ দলটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 19, 2026 at 4:00 PM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট : হায়দৰাবাদত অনুষ্ঠিত ২৬ সংখ্যক ৰাষ্ট্ৰীয় স্কাই মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতাত অসমৰ দলটোৱে অৰ্জন কৰিছে সাফল্য় । অসমৰ পৰা যোৱা দলটোৱে বিভিন্ন শাখাত ৬১ টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । এই খেলুৱৈসকলক উৎসাহিত কৰিবলৈ গোলাঘাট সন্মিলিত মটৰ পৰিবহণ সন্থাৰ সভাগৃহত এখন সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

অসম স্কাই মাৰ্চিয়েল আৰ্টছ সন্থাৰ সভাপতি পূৰ্ণ ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৮ টা সোণ, ১৭ টা ৰূপ আৰু ৩৬ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

ৰাষ্ট্ৰীয় স্কাই মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতাত পদক অৰ্জন কৰা খেলুৱৈক সম্বৰ্ধনা (ETV Bharat Assam)

শেহতীয়াকৈ ভাৰতবৰ্ষত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা ক্ৰীড়া হৈছে স্কাই মাৰ্চিয়েল আৰ্টছ । অসমতো ইয়াৰ জনপ্ৰিয়তা কোনোগুণে কম নহয় । বিশেষকৈ গোলাঘাট জিলাত নৱপ্ৰজন্মই এই ক্ৰীড়াবিধত জড়িত হৈ পৰিছে । শেহতীয়াকৈ ভাৰতীয় ক্ৰীড়া মন্ত্ৰালয়ে খেলবিধক স্বীকৃতি প্ৰদান কৰাৰ পিছত অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ।

26th National Sqay Martial Art Competition
ৰাষ্ট্ৰীয় স্কাই মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতাত পদক অৰ্জন কৰা অসমৰ খেলুৱৈ (ETV Bharat Assam)
26th National Sqay Martial Art Competition
ৰাষ্ট্ৰীয় স্কাই মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতাত পদক অৰ্জন কৰা অসমৰ দলটো (ETV Bharat Assam)

এই সন্দৰ্ভত গোলাঘাট জিলা সমিতিৰ সভাপতি বিতুল নেওগে কয়, "আজি তেলেংগানাত অনুষ্ঠিত সদ্যসমাপ্ত ৰাষ্ট্ৰীয় স্কাই মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি ল'ৰা আৰু ছোৱালীৰ তিনিটা শাখাত অসমৰ খেলুৱৈসকলে ৬১ টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ৮টা সোণ, ১৭ টা ৰূপ আৰু ৩৬ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰি ভাৰতবৰ্ষৰ ভিতৰত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে । সেই খেলুৱৈসকলক উৎসাহিত কৰিবলৈ বিপুল সম্বৰ্ধনা জনোৱা হয় । এই খেলৰ জৰিয়তে আগন্তুক অনুষ্ঠিত হ'বলগীয়া এছিয়ান স্কাই মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত অনুষ্ঠিত হ'ব তাৰ বাবে বাছনি কৰা হৈছে আৰু আগন্তুক মেঘালয়ত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে বাছনি কৰা হৈছে । ইয়াৰ উপৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাৰ বাবেও আমাৰ খেলুৱৈসকল নিৰ্বাচিত হৈছে ।"

26th National Sqay Martial Art Competition
ৰাষ্ট্ৰীয় স্কাই মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতাত পদক অৰ্জন কৰা অসমৰ দলটো (ETV Bharat Assam)

এই সম্পৰ্কে খেলুৱৈ পৰিণিতা চুতীয়াই কয়, "হায়দৰাবাত অনুষ্ঠিত হোৱা ২৬ তম ৰাষ্ট্ৰীয় স্কাই মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মই পদক অৰ্জন কৰিবলৈ সক্ষম হৈছো । উক্ত প্ৰতিযোগিতাত অসমৰ পৰা ৬০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল । তাত মই এটা সোণ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছো । আমাক এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আমাৰ সভাপতি আৰু সন্থাৰ সকলোৱে যি কষ্ট কৰিছে তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো । মই গৌৰৱ কৰো, কাৰণ মই ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰি ৰূপৰ পদক লাভ কৰাৰ পাছত চৰকাৰে মোক এটা চৰকাৰী চাকৰি প্ৰদান কৰিছে ।"

লগতে পঢ়ক:ডিমৰীয়াত হাফ মাৰাথনত ভাগ ল'লে কেনিয়াৰ খেলুৱৈয়েও

অলিম্পিক-কেন্দ্ৰিক উচ্চমানৰ ক্ৰীড়া কেন্দ্ৰলৈ অগ্ৰসৰ গুৱাহাটী; ৰাজ্যৰ ক্ৰীড়া বিভাগ-আই আই এছৰ যুটীয়া প্ৰচেষ্টা