অসম ফুটবলৰ এটা যুগৰ অৱসান : প্ৰসিদ্ধ ফুটবলাৰ গিলবার্টছন চাংমা আৰু নাই
'মেন অব গ'ল্ডেন বুট' হিচাপে জনাজাত গিলবার্টছন চাংমাই ফুটবলৰ যোগেদি অসম আৰক্ষীক এক উচ্চ পৰ্যায়লৈ লৈ গৈছিল ।

Published : April 4, 2026 at 12:48 PM IST
গুৱাহাটী : অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ভৰিৰ যাদুৰে জগত জিনা অসমৰ স্বনামধন্য ফুটবলাৰ গিলবার্টছন চাংমাই । দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাৰ বাবে শয্যাগত হৈ থকা প্ৰবীণ ফুটবলাৰগৰাকীয়ে শনিবাৰে পুৱা প্ৰায় ৭.৩০ বজাত গুৱাহাটীৰ কাহিলিপাৰাস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে । বহুদিনৰে পৰা অসুস্থ হৈ আছিল প্ৰাক্তন ফুটবলাৰগৰাকী । মৃত্যুৰ সময়ত দুভৰিৰ যাদুকৰগৰাকীৰ বয়স আছিল প্ৰায় ৭১ বছৰ । ২০২২ চনৰ পৰা ডিমেনচিয়া ৰোগত আক্ৰান্ত হৈ আছিল ফুটবলাগৰাকী ।
'মেন অব গ'ল্ডেন বুট' হিচাপে জনাজাত গিলবার্টছন চাংমাই ফুটবলৰ যোগেদি অসম আৰক্ষীক এক উচ্চ পৰ্যায়লৈ লৈ গৈছিল । অসম আৰক্ষীত কৰ্মৰত হৈ তেওঁ খেলৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল । অসম আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়া হিচাপে অৱসৰ লোৱাৰ পাছত তেওঁ কাহিলিপাৰাৰ দশম অসম আৰক্ষী বাহিনীৰ সমীপতে নিজা বাসভৱনত বসবাস কৰিছিল । দীৰ্ঘদিনীয়া অসুস্থতাৰ পাছত শনিবাৰে পুৱা নিজগৃহতে ফুটবলাৰগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ।

১৯৫৫ চনৰ ১২ এপ্ৰিলত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা গিলবার্টছন চাংমাই দশম শ্ৰেণীতে শিক্ষা সামৰি ১৯৭১ চনত পুলিচ কনিষ্টবল হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল । এই সময়ছোৱাতে তেওঁ অসম পুলিচ ফুটবল দলত যোগদান কৰি জনপ্ৰিয় হৈ পৰিছিল । ১৯৭২ চনৰ পৰা ১৯৮২ চনলৈ তেওঁ অসম পুলিচ দলৰ অধিনায়কৰ দায়িত্ব পালন কৰিছিল ।
১৯৭৩ চনত তেওঁ কেৰালাৰ কোচিত অনুষ্ঠিত ফুটবল টুৰ্ণামেণ্টত ৰাজ্যিক দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল । পৰৱৰ্তীকালত গিলবাৰ্টছন চাংমাই ১৯৭৩ চনৰ পৰা ১৯৮২ চনলৈ মুঠ সাতবাৰ সন্তোষ ট্ৰফী ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছিল । আনহাতে, ১৯৭৬ চনৰ পৰা ১৯৭৮ চনলৈ ৰাজ্যিক দলৰ অধিনায়কৰ দায়িত্ব লৈছিল ।
গিলবাৰ্টছন চাংমাই অসম পুলিচৰ হৈ বৰদলৈ ট্ৰফী, এটিপিএ শ্বিল্ড, কেপ্টেইন এনএম গুপ্তা ট্ৰফী লাভ কৰিছিল । ১৯৮১ চনৰ তেওঁ সন্তোষ ট্ৰফীৰ চেম্পিয়ন হয় । ভাৰতৰ হৈ তেওঁ বিদেশতো ভৰিৰ যাদু প্ৰদৰ্শন কৰিছিল । ১৯৭৫ চনত গিলবাৰ্টছন চাংমাই ইণ্ডোনেছিয়া আৰু মালয়েছিয়াত প্ৰদৰ্শনীমূলক খেলত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল । ১৯৮৫ চনত গিলবাৰ্টছন চাংমাই যোৰহাটত নাগালেণ্ড পুলিচৰ বিপক্ষে জীৱনৰ অন্তিমখন খেলত ভাগ লৈছিল । অসম আৰক্ষীৰ দ্বিতীয় অধিনায়ক হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল ।
২০২২ চনত তেওঁক অসম চৰকাৰে অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটাৰে সন্মানিত কৰিছিল । মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুই কন্যাৰ লগতে ভালেসংখ্যক আত্মীয়-স্বজন এৰি থৈ গৈছে । দেওবাৰে গুৱাহাটীৰ আদিংগিৰি পাহাৰত খ্ৰীষ্টান ধৰ্মীয় ৰীতিৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । প্ৰবীণ ফুটবলাৰগৰাকীৰ মৃত্যুত ৰাজ্যৰ ক্ৰীড়াৰ জগতখনত শোকৰ ছাঁ পৰিছে ।

