দীৰ্ঘদিনীয়া কেৰিয়াৰ সামৰিলে ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছে
নিউজীলেণ্ডৰ বিৰুদ্ধে চলি থকা তৃতীয়খন টেষ্টৰ সময়ত ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ।

Published : June 28, 2026 at 11:25 PM IST
হায়দৰাবাদ: ক্ৰিকেট অনুৰাগীসকলৰ বাবে এটা বেয়া খবৰ ৷ ইংলেণ্ড আৰু নিউজীলেণ্ডৰ মাজত চলি থকা টেষ্ট মেচৰ শৃংখলাৰ সময়তে ইংলেণ্ডে এক ক্ষতিৰ সন্মুখীন হৈছে ৷ দলটোৰ অধিনায়ক বেন ষ্ট’কছে আকস্মিকভাৱে সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে ৷ চতুৰ্থ দিনৰ খেলৰ মাজভাগতে ইংলেণ্ডৰ দলটোৱে এই তথ্য ৰাজহুৱা কৰে ।
এই সিদ্ধান্ত গ্ৰহণৰ ফলত ষ্টকছৰ ১৫ বছৰীয়া ক্ৰিকেট কেৰিয়াৰৰ অন্ত পৰিব ৷ ক্ৰিকেটাৰগৰাকী ২০১৯ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত ইংলেণ্ডৰ জয়ৰ নায়ক আছিল । আনহাতে, ২০২২ চনৰ টি-২০ বিশ্বকাপত জয়ী হোৱা ইংলেণ্ডৰ দলটোৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য আছিল আৰু একেটা বছৰতে টেষ্ট দলৰ অধিনায়ক হৈছিল ।
One of England's all-time greatest captains, Ben Stokes, has decided to retire from international cricket at the end of this Test match.
— England Cricket (@englandcricket) June 28, 2026
Ben, you have been the most inspirational captain, leader and legend this team could have ever hoped for.
We love you so much and wish you… pic.twitter.com/U5grq0F0kj
প্ৰথম টেষ্টৰ পিছত নাইট ক্লাবত সংঘটিত হোৱা এক অনাকাংক্ষিত ঘটনাৰ পিছত অনুশাসনমূলক কাৰণত নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয়খন টেষ্টৰ পৰা বাহিৰ হৈছিল ৩৫ বছৰীয়া অলৰাউণ্ডাৰগৰাকী ।
ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ প্ৰতিক্ৰিয়া
এক বিবৃতিৰ জৰিয়তে ইংলেণ্ড ক্ৰিকেটে এনেদৰে কয়, ‘‘ইংলেণ্ডৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ অধিনায়ক হিচাপে পৰিচিত বেন ষ্ট'কছে এইখন টেষ্ট মেচৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে । বেন, আপুনি এই দলটোৰ বাবে সৰ্বাধিক প্ৰেৰণাদায়ক অধিনায়ক, নেতা আৰু এগৰাকী কিংবদন্তী ক্ৰিকেটাৰ ৷ আমি আপোনাক বহুত ভালপাওঁ আৰু আপোনাৰ অৱসৰৰ বাবে শুভকামনা জনাইছো ।’’
ষ্ট’কছে নিজৰ সিদ্ধান্ত সম্পৰ্কে কি কয় ?
ষ্ট’কছে এক আবেগিক ভিডিঅ’ৰ জৰিয়তে নিজৰ সিদ্ধান্ত সম্পৰ্কে এনেকৈ কয়, ‘‘এই সিদ্ধান্তৰ কাৰণসমূহ পিছতো আলোচনা কৰিব পৰা যাব ৷ মই এই দলটোৰ বাবে, আপোনালোকৰ বাবে আৰু মোৰ আগৰ খেলুৱৈসকলৰ বাবেও বহুবাৰ মোৰ সৰ্বস্ব উজাৰি দিছো ৷ পুনৰ এবাৰ মই এয়া কৰিব বিচাৰো । মই মাত্ৰ সেইটোৱেই বিচাৰো । আমি অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ মই মাত্ৰ বিচাৰো ফলাফল যিয়েই নহওক কিয়, সেই খেলপথাৰৰ পৰা মই আঁতৰি থাকিবলগাৰ কথাটো শুনি এই দলটোৱে শেষৰ দুটা দিনত নিজৰ সকলোখিনি দিছে । মই মাত্ৰ বিচাৰো যে সকলোৱে নিজৰ সকলোখিনি দিব । মই আবেগিক হ’বলৈ এৰি মাথোঁ কামত মনোযোগ দিছো ৷ অনুগ্ৰহ কৰি বাকী সকলোৱে মোৰ সৈতে থিয় হওঁক ৷’’
বেন ষ্ট’কছৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ
ষ্ট’কছে ১২২ খন টেষ্ট মেচ খেলিছে ৷ ইয়াৰে ৪৪খন টেষ্ট মেচত অধিনায়কত্ব কৰিছে । ইংলেণ্ডৰ অন্যতম গুৰুত্বপূৰ্ণ অধিনায়ক হিচাপে তেওঁ দলটোক ২৪ বাৰ জয়ৰ সোৱাদ দিছে । ষ্ট’কছৰ অধিনায়কত্বৰে ইংলেণ্ডে ১৭ খন মেচত প্ৰতিপক্ষৰ বিৰুদ্ধে পৰাজিত হৈছিল ৷ দুখন মেচ অমীমাংসিতভাৱে সামৰণি পৰিছিল ৷ ষ্ট’কছৰ জয়ৰ শতাংশ ৫৮.৫৩% ।
২০২২ চনৰ বিশ্বকাপৰ ফাইনেলত ক্ৰিকেটাৰগৰাকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁ ১১৪ খন এদিনীয়া আৰু ৪৩ খন টি-২০ খেল খেলিছে । ৰেডবল ক্ৰিকেটত ৩৫ বছৰীয়া খেলুৱৈগৰাকীয়ে ৭,২৪৩ ৰাণ সংগ্ৰহ কৰাৰ লগতে ২৫১ টা উইকেট দখল কৰাৰ অভিলেখ গঢ়িছে । এদিনীয়া ক্ৰিকেটত ষ্ট’কছে ৩,৪৬৩ ৰাণ সংগ্ৰহ আৰু ৭৪ টা উইকেট দখল কৰিছে ৷ টি-২০ ক্ৰিকেটতো ৫৮৫ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ২৬ টা উইকেট দখল কৰিছে ।
লগতে পঢ়ক: বিশ্বকাপৰ ইৰাণ-ইজিপ্তৰ মেচত উৰিল ৰামধেনু পতাকা; কিয় উৰিল এই পতাকা ?

