১৫ জনীয়া সম্ভাব্য দল ঘোষণা ইংলেণ্ডৰ: অধিনায়ক হেৰী ব্ৰুক
টি-২০ বিশ্বকাপ ২০২৬ ৰ বাবে সম্ভাব্য দল ঘোষণা কৰাৰ লগতে প্ৰথমবাৰৰ বাবে খেলুৱৈ জছ টংগেক ইংলেণ্ডৰ দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

Published : December 30, 2025 at 6:47 PM IST
হায়দৰাবাদ: ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ ভাৰত আৰু শ্ৰীলংকাই আয়োজন কৰা ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে ইংলেণ্ডে ঘোষণা কৰিছে ১৫ জনীয়া সম্ভাব্য দল ৷ হেৰী ব্ৰুকক দিয়া হৈছে দলৰ অধিনায়কৰ দায়িত্ব ৷
অৱশ্যে আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো জোফ্ৰা আৰ্চাৰ দলৰ পৰা বাহিৰ হোৱা নাই ৷ একেটা দলেই ৩০ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈকে শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখন মেচৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাত অংশগ্ৰহণ কৰিব ৷ অৱশ্যে শৃংখলাটোত দেখা নাযাব আৰ্চাৰক ৷
দলটোত অন্তৰ্ভুক্ত কৰা হৈছে সোঁহতীয়া ফাষ্টবলাৰ জোছ টংগেক, যিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বগা বলৰ মেচত অভিষেক ঘটাবলৈ এতিয়াও বাকী ৷ বৰ্তমানৰ এছেছ শৃংখলাত তেওঁৰ প্ৰদৰ্শন উৎকৃষ্ট হোৱাৰ লগতে চাৰিটাকৈ ইনিংছত ১২টা উইকেট দখল কৰিছে ক্ৰিকেটাৰগৰাকীয়ে । টংগেই ২১ খন টি-২০ মেচ খেলি ১৯.০৩ গড়ে ২৯ টা উইকেট লাভ কৰিছে ৷ ক্ৰিকেটাৰগৰাকীৰ ইকনমি ৰেট হৈছে ৯.০৭ ৷
Bring it on! 🔥
— England Cricket (@englandcricket) December 30, 2025
Our provisional 15-strong squad for the Men's T20 World Cup in India and Sri Lanka 💪 pic.twitter.com/KFKGwOZC20
শ্ৰীলংকাৰ বিৰুদ্ধে ঘোষণা কৰা ইংলেণ্ডৰ টি-২০ দলটো
হেৰী ব্ৰুক(অধিনায়ক), ৰেহান আহমেদ, ব্ৰাইডন কাৰ্ছ, টম বেণ্টন, জেকব বেথেল, জছ বাটলাৰ, ব্ৰাইডন কাৰ্ছ, ছেম কৰণ, লিয়াম ড’ছন, বেন ডাকেট, উইল জেকছ, জেমি অভাৰটন, আদিল ৰশ্বিদ, ফিল ছল্ট, জছ টংগে আৰু লুক উড
ইংলেণ্ডৰ টি-২০ বিশ্বকাপৰ দলটো
হেৰী ব্ৰুক (অধিনায়ক), ৰেহান আহমেদ, জোফ্ৰা আৰ্চাৰ, টম বেণ্টন, জেকব বেথেল, জছ বাটলাৰ, ব্ৰাইডন কাৰ্ছ, ছেম কৰণ, লিয়াম ড’ছন, বেন ডাকেট, উইল জেকছ, জেমি অভাৰটন, আদিল ৰশ্বিদ, ফিল ছল্ট, জছ টংগে আৰু লুক উড
Sri Lanka here we come! 💥
— England Cricket (@englandcricket) December 30, 2025
Our squads for our ODI and IT20 series 😎 pic.twitter.com/ahLd2h7NWO
শ্ৰীলংকাৰ বিৰুদ্ধে ঘোষণা কৰা হৈছে ইংলেণ্ডৰ এদিনীয়া দল
ইংলেণ্ডে শ্ৰীলংকা ভ্ৰমণৰ কাৰ্যসূচী হিচাপে অংশগ্ৰহণ কৰিব তিনিখন এদিনীয়া মেচত ৷ এই শৃংখলাৰ বাবে ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে ঘোষণা কৰিছে ১৫ জনীয়া দলটো ৷ ২০২৩ চনৰ ডিচেম্বৰ মাহৰ পৰা দীৰ্ঘদিনে ক্ৰিকেটৰ পৰা আঁতৰি থকা জেক ক্ৰ’লিয়ে প্ৰত্যাৱৰ্তন ঘটাইছে ৫০ অভাৰৰ ক্ৰিকেট ফৰ্মেটলৈ । উইল জেকছ আৰু ব্ৰাইডন কাৰ্ছকো এই শৃংখলাৰ বাবে দলত স্থান দিয়া হৈছে ৷
১৮ জানুৱাৰীত এদিনীয়া আৰু টি-২০ দুয়োটা দলৰ সদস্যই শ্ৰীলংকালৈ ৰাওনা হ’ব আৰু ২২ জানুৱাৰীত শৃংখলাৰ প্ৰথমখন এদিনীয়া খেল অনুষ্ঠিত হ’ব ৷
শ্ৰীলংকাৰ বিৰুদ্ধে ঘোষণা কৰা ইংলেণ্ডৰ এদিনীয়া দলটো
হেৰী ব্ৰুক (অধিনায়ক), ৰেহান আহমেদ, ব্ৰাইডন কাৰ্ছ, টম বেণ্টন, জেকব বেথেল, জছ বাটলাৰ, ব্ৰাইডন কাৰ্ছ, জেক ক্ৰ’লি, ছেম কৰণ, লিয়াম ড’ছন, বেন ডাকেট, উইল জেকছ, জেমি অভাৰটন, আদিল ৰশ্বিদ, জ’ ৰুট আৰু লুক উড
লগতে পঢ়ক: বিজয় হাজাৰে ট্ৰফীত হিটমেনৰ শূন্য়, বিৰাট কোহলীৰ ৭৭ ৰাণ সংগ্ৰহ

