ETV Bharat / sports

টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ত ইংলেণ্ডৰ আকৰ্ষণীয় জয়, ৫১ ৰাণত পৰাস্ত শ্ৰীলংকা

ইংলেণ্ডে ১৪৭ ৰাণ সংগ্ৰহ কৰাৰ পাছত শ্ৰীলংকাক মাত্ৰ ৯৫ ৰাণত অল আউট কৰে ।

T20 WORLD CUP 2026
টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ত ইংলেণ্ডৰ আকৰ্ষণীয় জয় (IANS)
author img

By ETV Bharat Assamese Team

Published : February 23, 2026 at 1:29 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : পালেকেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে ৫১ ৰাণৰ বৃহৎ জয়লাভ কৰি ইংলেণ্ডে ছুপাৰ ৮ অভিযানৰ শক্তিশালী আৰম্ভণি কৰে । ফিলিপ ছল্টে বেটেৰে যাদু দেখুৱাই কঠিন খেলপথাৰত অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে উইল জেকছে বলৰ সৈতে উজ্জ্বল প্ৰদৰ্শন কৰি তিনিটা উইকেট দখল কৰে । তাৎপৰ্যপূৰ্ণভাৱে ইংলেণ্ডে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ত একেৰাহে ১২ সংখ্যক জয়লাভ কৰে ।

ইংলেণ্ড বনাম শ্ৰীলংকা :

ইংলেণ্ড ১৪৭ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ঘৰুৱা খেলপথাৰত নমা শ্ৰীলংকাৰ বাবে এই লক্ষ্য কঠিন যেন অনুভৱ হোৱা নাছিল যদিও দলটো ৯৫ ৰাণত অল আউট হয় । ইয়াৰ পূৰ্বেও গ্ৰুপ পৰ্যায়ত একেধৰণৰ খেলপথাৰত শ্ৰীলংকাই অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল । অৱশ্যে ইংলেণ্ডৰ বলাৰসকলে শ্ৰীলংকাৰ বেটছমেনসকলৰ ওপৰত আৰম্ভণিৰে পৰা হেঁচা প্ৰয়োগ কৰি মুক্তভাৱে ৰাণ কৰিবলৈ বাধা দিছিল ।

আয়োজক দলৰ হৈ কেৱল অধিনায়ক দছুন শনাকাইহে ২৪টা বলত দুটা ছয়ৰে ৩০ ৰাণ সংগ্ৰহ কৰি কিছু পৰিমাণে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় । কামিন্দু মেণ্ডিছ (১৩) আৰু দুনিথ ৱেলাগেভে (১০) ৰাণ সংগ্ৰহ কৰি কিছু পৰিমাণে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালৈ চেষ্টা কৰিছিল যদিও তেওঁলোকেও উইকেট হেৰুৱাইছিল ।

ইংলেণ্ডৰ হৈ উইল জেকছে স্পিনৰ ভাল পৰিস্থিতিৰ সুযোগ লৈ তিনিটা উইকেট দখল কৰে । জোফ্ৰা আৰ্চাৰ, লিয়াম ড’ছন, আদিল ৰছিদেও দুটাকৈ উইকেট দখল কৰে । ইংলেণ্ডৰ বলাৰসকলৰ প্ৰচণ্ড প্ৰচেষ্টাৰ বাবেই শ্ৰীলংকাই ৯৫ ৰাণত অল আউট হয় ।

৯ উইকেট হেৰুৱাই ১৪৬ ৰাণ সংগ্ৰহ ইংলেণ্ডৰ

লেহেমীয়া আৰু কম বাউন্স পিটচত বেটিং কৰাটো অত্যন্ত কঠিন আছিল । প্ৰথমে বেটিং কৰাৰ পিছত ইংলেণ্ডৰ বেটছমেনসকলে লংকাৰ বলিং ইউনিটৰ বিৰুদ্ধে সংগ্ৰাম কৰি এটাৰ পাছত আনটো উইকেট হেৰুৱাইছিল । অৱশ্যে ফিলিপ ছল্টে ৬টা চাৰি আৰু দুটা ছয়েৰে ৪০টা বলত ৬২ ৰাণ সংগ্ৰহ কৰি ইংনিছ ধৰি ৰখাৰ চেষ্টা চলায় । উইল জেকছেও ১৪টা বলত ২১ ৰাণ সংগ্ৰহ কৰে । আন সাতজন বেটছমেনে একক সংখ্যাত ৰাণ কৰিবলৈ সক্ষম হয় । ছল্টৰ অৰ্ধশতকৰ বাবেই ইংলেণ্ডে ৯ উইকেট হেৰুৱাই ১৪৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

শ্ৰীলংকাৰ হৈ দুনিথ ৱেলালাগে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে দিলশ্বন মদুশংকা আৰু মহীশ থিখনাই দুটাকৈ উইকেট দখল কৰে । দুষ্মন্ত চমীৰণেও এটা উইকেট দখল কৰে । ইংৰাজী দলটোৰ মুঠ ৰাণ কম যেন লাগিছিল যদিও তেওঁলোকে প্ৰমাণ কৰিলে যে বেটছমেনসকলৰ বাবে দুঃস্বপ্নস্বৰূপ খেলপথাৰত ই এক অতি প্ৰতিযোগিতামূলক সৰ্বমুঠ ৰাণ ৷

লগতে পঢ়ক : ভাৰতৰ বিজয় ৰথ ৰোধিলে দক্ষিণ আফ্ৰিকাই, আহমেদাবাদত ৭৬ ৰাণত কৰিলে পৰাস্ত

বৰষুণৰ বাবে বাতিল টি-২০ বিশ্বকাপ ছুপাৰ ৮ৰ প্ৰথমখন খেল, ১-১ কৈ ভগাই ল’লে পইণ্ট

টি-২০ বিশ্বকাপত আকৌ মুখামুখি হোৱাৰ সুযোগ ভাৰত-পাকিস্তানৰ, অৱশ্যে দুয়োটা দলে কৰিব লাগিব এই কাম