আফগানিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, বাদ পৰিল ৮ খেলুৱৈ
অধিনায়ক আৰু উপ-অধিনায়ক হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে শ্ৰেয়াছ আয়াৰ আৰু তিলক বাৰ্মাই।

Published : September 2, 2026 at 2:01 PM IST
হায়দৰাবাদ: অহা ১৩ ছেপ্টেম্বৰৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া তিনিখনীয়া মেচৰ টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হৈছে । ১৭ ছেপ্টেম্বৰলৈ দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই শৃংখলাত ভাৰতীয় দলটোলৈ প্ৰত্য়াৱৰ্তন ঘটিছে উইকেটকীপাৰ সঞ্জু ছেমছনৰ ।
বিচিচিআইয়ে আফগানিস্তানৰ বিৰুদ্ধে ঘোষণা কৰা দলটোৰ পৰা কেইবাগৰাকী খেলুৱৈ বাদ পৰিছে । জিম্বাবুৱেৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ ৮ গৰাকী খেলুৱৈক সালসলনি কৰা হৈছে । অধিনায়ক আৰু উপ-অধিনায়ক হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে শ্ৰেয়াছ আয়াৰ আৰু তিলক বাৰ্মাই।
বাদ পৰা খেলুৱৈসকল
মুঠ আঠগৰাকী খেলুৱৈক বাদ দিয়া হৈছে । এইসকলৰ ভিতৰত উল্লেখযোগ্য় বেটছমেনগৰাকী হৈছে ৰিংকু সিং । ইংলেণ্ড আৰু আয়াৰলেণ্ড ভ্ৰমণৰ বাবে বাদ দিয়াৰ পিছত বাওঁহাতৰ বেটছমেনগৰাকীয়ে দললৈ উভতি আহিছিল যদিও জিম্বাবুৱেৰ বিৰুদ্ধে খেলা দুখন খেলত তেওঁ দুটা ইনিংছত মাত্ৰ ৩৭ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল । দুৰ্বল ফৰ্মৰ বাবেই তেওঁক দলৰ পৰা বাদ দিয়া হয় । বাদ পৰা তালিকাত আছে- সূৰ্যাংশ শ্বেড়গে , ৰিংকু সিং, হৰ্ষ ডুবে, প্ৰিন্স যাদৱ, যশ ঠাকুৰ, অশোক শৰ্মা, মায়ংক যাদৱ আৰু প্ৰভচিমৰণ সিং (উইকেটকীপাৰ)।
বলিং আক্ৰমণ বৃদ্ধি কৰিবলৈ যশপ্ৰীত বুমৰাহক দলত অন্তৰ্ভুক্ত কৰা হৈছে । উল্লেখ্য় যে যোৱা মাৰ্চৰ পিছত প্ৰথমবাৰৰ বাবে টি-২০লৈ ঘূৰি আহিছে । আফগানিস্তানৰ বিৰুদ্ধে শৃংখলাৰ বাবেও দললৈ উভতিছে বলিং অলৰাউণ্ডাৰ অক্ষৰ পেটেল।
প্ৰত্য়াৱৰ্তন কৰা খেলুৱৈ
দলত পুনৰ অন্তৰ্ভুক্ত হৈছে সঞ্জু ছেমছন, নীতিশ কুমাৰ ৰেড্ডী, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, হৰ্ষিত ৰাণা আৰু আৰ্শদীপ সিং। অৱেশ্য়ে এইসকলৰ ভিতৰত চিকিৎসা দলৰ দ্বাৰা ফিটনেছ পৰীক্ষা কৰা হ’ব নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, যশপ্ৰীত বুমৰাহ আৰু হৰ্ষিত ৰাণাক ।

আফগানিস্তান টি-২০ শৃংখলাৰ বাবে ভাৰতৰ দল ঘোষণা
শ্ৰেয়াছ আয়াৰ (অধিনায়ক), অভিষেক শৰ্মা, বৈভৱ সূৰ্যবংশী, সঞ্জু ছেমছন (উইকেটকীপাৰ), ঈশান কিষাণ (উইকেটকীপাৰ),তিলক বাৰ্মা (উপ অধিনায়ক), শিৱম ডুবে, নীতিশ কুমাৰ ৰেড্ডী, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণৈই, যশপ্ৰীত বুমৰাহ,অৰ্শ্বদীপ সিং আৰু হৰ্ষিত ৰাণা ।
ভাৰত বনাম আফগানিস্তানৰ শৃংখলাৰ সূচী
প্ৰথম টি-২০ মেচ : দেওবাৰ, ১৩ ছেপ্টেম্বৰ, স্থানীয় সময় অনুসৰি সন্ধিয়া ৭:০০ বজাত (দিল্লী)
দ্বিতীয় টি-২০ মেচ : ১৫ ছেপ্টেম্বৰ মঙলবাৰ, স্থানীয় সময় অনুসৰি সন্ধিয়া ৭:০০ বজাত (দিল্লী)
তৃতীয় টি-২০ মেচ :১৭ ছেপ্টেম্বৰ বৃহস্পতিবাৰ, স্থানীয় সময় অনুসৰি সন্ধিয়া ৭:০০ বজাত (দিল্লী)
লগতে পঢ়ক:মানহানিৰ গোচৰত মহেন্দ্ৰ সিং ধোনীৰ আবেদনৰ প্ৰমাণ লিপিবদ্ধ কৰাৰ অনুমতি মাদ্ৰাজ উচ্চ ন্যায়ালয়ে
ব্ৰাজিল, উৰুগুৱে, পানামাৰ বিৰুদ্ধে খেলিবলগীয়া মেচৰ বাবে ভাৰতীয় ফুটবল দলৰ নাম ঘোষণা

