ETV Bharat / sports

প্ৰতিবন্ধকতাক নেওচি থাইলেণ্ডত ৪০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি ৰূপৰ পদক অৰ্জন সন্ধনা কুমাৰৰ

২০১৬ চনত এক দুৰ্ঘটনাত পতিত হোৱা যুৱকজনে শাৰীৰিক অক্ষমতাৰ বাবে ভাগ্যক ধিয়াই ঘৰতে সোমাই নাথাকিল ৷

Sandhanakumar won the silver in Thailand by completing 400 meters in 54 seconds in the competition for the differently abled
সন্ধনা কুমাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 1, 2025 at 2:38 PM IST

3 Min Read
Choose ETV Bharat

কয়ম্বটুৰ(তামিলনাডু) : অধ্যৱসায় আৰু বিশ্বাসেৰেই অতিক্ৰমিব পাৰি জীৱনৰ প্ৰতিটো খোজতে দেখা দিয়া বাধা । প্ৰতিবন্ধকতা কেতিয়াও উন্নতিৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে । এই কথাকেই প্ৰমাণ কৰিছে আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত সফলতা অৰ্জন কৰা বিশেষভাৱে সক্ষম যুৱক সন্ধনা কুমাৰে ।

প্ৰতিবন্ধকতাৰ আঁৰৰ কাহিনী :

সন্ধনা কুমাৰ জন্মৰে পৰা বিশেষভাৱে সক্ষম নাছিল । তেওঁৰ এনে হোৱাৰ আঁৰত আছে এটা কাহিনী । কয়ম্বটুৰ জিলাৰ মেট্টুপালায়মৰ এই যুৱকজনে ২০১৬ চনত বন্ধুৰ সৈতে দুচকীয়া বাহনত কলেজলৈ যোৱাৰ পথত এখন বাছে খুন্দিয়াইছিল । এই দুৰ্ঘটনাত বন্ধুজন নিহত হৈছিল যদিও সৌভাগ্য়ক্ৰমে সন্ধনা কুমাৰৰ জীৱন ৰক্ষা পৰিছিল । অৱশ্য়ে তেওঁৰ সোঁহাতখন পক্ষাঘাতগ্ৰস্ত হয় ।

সেই ভয়াৱহ দুৰ্ঘটনাটোৰ বিষয়ে সুঁৱৰি তেওঁ ই টিভি ভাৰতক কয়, "কয়ম্বটুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ১০ লাখতকৈ অধিক টকা খৰচ কৰি চিকিৎসা কৰাৰ পিছতো মোৰ হাতৰ ৯০ শতাংশ পক্ষাঘাতগ্ৰস্ত হৈছিল ।"

৪০০ মিটাৰ দৌৰৰ বাবে প্ৰশিক্ষণ :

এই ঘটনাৰ পিছত তেওঁ তথ্য প্ৰযুক্তি (আই টি) খণ্ডত কাম কৰিছিল যদিও চাকৰিটোত সন্তুষ্ট নহৈ তেওঁ গুচি যায় । শাৰীৰিক অক্ষমতাত ভুগি তেওঁ ঘৰতে আবদ্ধ হৈ থকাৰ পৰিৱৰ্তে পৃথিৱীলৈ ওলাই গৈ কিবা এটা লাভ কৰিবলৈ চেষ্টা কৰে । মনৰ অদম্য় শক্তিৰে তেওঁ নিজৰ প্ৰিয় ৪০০ মিটাৰ দৌৰৰ বাবে প্ৰশিক্ষণ আৰম্ভ কৰে ।

তেওঁ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক অৰ্জন কৰাত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাকে ধৰি উচ্চ পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰেৰণা লাভ কৰে । কঠোৰভাৱে একান্ত মনেৰে প্ৰশিক্ষণৰ অন্তত তেওঁ থাইলেণ্ডত অনুষ্ঠিত প্ৰতিবন্ধীসকলৰ বাবে বিশ্ব দক্ষতা গেমছত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে । ২০খন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত তেওঁ ভাৰতৰ হৈ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

"মই এটা তেনেই মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছো । মোৰ পিতৃ পেৰুমাল, দুজন ভাতৃ আৰু এগৰাকী ভগ্নী আছে। সৰুতে মাৰ মৃত্যু হৈছিল ।" তেওঁ কয় ৷ সন্ধনা কুমাৰে থাইলেণ্ডত বিশেষভাৱে সক্ষমতাৰ বাবে অনুষ্ঠিত প্ৰতিযোগিতাত ৫৪ ছেকেণ্ডত ৪০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি ৰূপৰ পদক লাভ কৰে ।

পেৰা অলিম্পিকত প্ৰতিনিধিত্ব কৰাৰ সপোন :

"এইটোৱে মোক অতিকৈ সুখী কৰে । মোৰ সপোন- আগন্তুক ২০২৮ চনৰ পেৰা অলিম্পিক গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰি স্বৰ্ণ পদক লাভ কৰা । মোৰ দৰে বিশেষভাৱে সক্ষম লোকে ঘৰতে আবদ্ধ হৈ থকা উচিত নহয় । তেওঁলোকে পৰৱৰ্তী পৰ্যায়ৰ দিশে আগবাঢ়ি যোৱা উচিত । সম্প্ৰতি তামিলনাডু চৰকাৰে বিশেষভাৱে সক্ষম লোকসকলক বহুতো সুবিধা প্ৰদান কৰিছে । লগতে ক্ৰীড়াৰ প্ৰতি আগ্ৰহীসকলকো উৎসাহিত কৰিবলৈ বিভিন্ন সুযোগ প্ৰদান কৰিছে । যদি আপুনি দৃঢ়প্ৰতিজ্ঞ, তেন্তে আপুনি যিকোনো কামতেই সাফল্য় অৰ্জন কৰিব পাৰিব ।" সন্ধনা কুমাৰে কয় ৷

এই যুৱকজনে ইতিমধ্য়ে প্ৰতিবন্ধকতাৰ প্ৰত্যাহ্বান অতিক্ৰম কৰি বাহিৰলৈ ওলাই গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজলাই তোলা ক্ৰীড়াবিদৰ ক্লাবত যোগদান কৰিছে । প্ৰতিবন্ধীসকলৰ বাবে বিশ্ব পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ এইসকল খেলুৱৈয়ে দেশৰ বাবে বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:দ্বিতীয়বাৰৰ বাবে কমনৱেলথ গেমছৰ আয়োজকৰ দায়িত্বত ভাৰত

অনুশীলনৰ সময়তে কৰুণ মৃত্যু হাৰিয়ানাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাস্কেটবল খেলুৱৈৰ