ETV Bharat / sports

ভিনেশ ফোগাটক অযোগ্য ঘোষণা কৰাক লৈ উচ্চ ন্যায়ালয়ৰ খং

‘‘মাতৃ হোৱাটো কোনো দোষ হ’ব নোৱাৰে, প্ৰতিশোধৰ মনোভাৱ লৈ কাম নকৰিব ৷’’ ভাৰতীয় মল্লযুঁজ মহাসংঘক উদ্দেশ্যি দিল্লী উচ্চ ন্যায়ালয়ৰ মন্তব্য ৷

DELHI HIGH COURT ON WFI
ভিনেশ ফোগাট (PTI)
author img

By ETV Bharat Assamese Team

Published : May 23, 2026 at 12:18 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : মল্লযুঁজাৰু ভিনেশ ফোগাটক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অযোগ্য ঘোষণা কৰাৰ বাবে ভাৰতীয় মল্লযুঁজ মহাসংঘ চমুকৈ ডাব্লিউএফআইক দিল্লী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে সমালোচনা কৰে। মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায়ৰ নেতৃত্বত গঠিত বিচাৰপীঠখনে ভিনেশ ফোগাটক খেলৰ মজিয়ালৈ উভতাই অনাৰ বিশেষজ্ঞৰ এখন সমিতি গঠন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে । ৩০ আৰু ৩১ মে’ত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছৰ বাচনি প্ৰক্ৰিয়াত ভিনেশ ফোগাটক যাতে অংশগ্ৰহণৰ অনুমতি দিয়া হয়, তাৰ বাবে আদালতে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়ে।

শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্ব’নৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰে যে ক্ৰীড়া ক্ষেত্ৰত মাতৃ হোৱাটো ক্ষতিকাৰক হ’ব পাৰে নেকি ? দেশত মাতৃ হ’লে এক উৎসৱ হিচাবে উদযাপন কৰা হয় । আদালতে মৌখিকভাৱে কয়, ‘‘বিশেষজ্ঞসকলক তেওঁৰ সম্ভাৱনাৰ মূল্যায়ন কৰিবলৈ কওক । তেওঁ অংশগ্ৰহণ কৰিব পৰাটো নিশ্চিত কৰক ।’’

ভিনেশ ফোগাটে উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠৰ সিদ্ধান্তক বিভাগীয় বিচাৰপীঠত প্ৰত্যাহ্বান জনাইছিল । ১৮ মে’ত একক বিচাৰপীঠে ভিনেশ ফোগাটক কোনো ধৰণৰ সকাহ দিবলৈ অস্বীকাৰ কৰে । ভাৰতীয় মল্লযুঁজ মহাসংঘই জাৰি কৰা কাৰণ দেখুৱাই দিয়া জাননীৰ বিশদ সঁহাৰি দাখিল কৰিবলৈ আদালতে ভিনেশ ফোগাটক নিৰ্দেশ দিছিল। ন্যায়াধীশ পুৰুষেন্দ্ৰ কুমাৰ কৌৰৰ নেতৃত্বত গঠিত বিচাৰপীঠখনে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্ব’নক ৬ জুলাইৰ ভিতৰত নিজৰ জাননীৰ ওপৰত চূড়ান্ত সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিছে ।

ডাব্লিউএফআইয়ে এছিয়ান গেমছৰ বাছনি অনুশীলনৰ পৰা ভিনেশক বাদ দিয়াৰ সিদ্ধান্তটোক প্ৰত্যাহ্বান জনাই তেওঁ আবেদন কৰিছিল । ফোগাটৰ হৈ জ্যেষ্ঠ অধিবক্তা ৰাজেখৰ ৰাওৱে যুক্তি আগবঢ়ায় ৷ ৩০ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া খেলৰ বাছনি পৰীক্ষাত বিনেশ ফোগাটক অংশগ্ৰহণৰ অনুমতি দিবলৈ ৰাওৱে অনুৰোধ জনায় । আদালতে এই অনুৰোধ নাকচ কৰি ভাৰতীয় মল্লযুঁজ মহাসংঘৰ জাননীৰ প্ৰতি সঁহাৰি জনাবলৈ নিৰ্দেশ দিয়ে । ইফালে, ডাব্লিউএফআইয়ে ৬ জুলাইৰ ভিতৰত এই বিষয়ত চূড়ান্ত সিদ্ধান্ত ল’ব ।

উল্লেখ্য যে, বিনেশ ফোগাটক বাছনি পৰীক্ষাত প্ৰৱেশৰ পৰা বঞ্চিত কৰা হৈছে । ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্ব’নে উল্লেখ কৰিছে যে এই বাছনি পৰীক্ষাসমূহ কেৱল ২০২৫ চনৰ ছিনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ, ২০২৬ চনৰ ফেডাৰেশ্ব’ন কাপ আৰু ২০ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ বিজয়ীসকলৰ বাবেহে । এইবোৰৰ কোনো এটা ইভেণ্টতে ফোগাটে জয়ী হোৱা নাছিল । ২০২৪ চনৰ অলিম্পিকৰ পিছত তেওঁ অৱসৰৰ কথা ঘোষণা কৰিছিল । ইয়াৰে পিছত অৱশ্য়ে তেওঁ ২০২৫ চনৰ ডিচেম্বৰ মাহত মল্লযুঁজৰ ক্ষেত্ৰলৈ ঘূৰি আহিছিল ।

ভাৰতীয় মল্লযুঁজ মহাসংঘই ফোগাটক অনুশাসনহীনতা, এণ্টি ড’পিং নিয়ম উলংঘা কৰা, অৱসৰৰ পিছত প্ৰতিযোগিতালৈ ঘূৰি অহাৰ প্ৰয়োজনীয়তাসমূহ মানি চলাত ব্যৰ্থ হোৱাৰ বাবে কাৰণ দেখুৱাই জাননী জাৰি কৰে । ভাৰতীয় ফেডাৰেশ্ব’নে উল্লেখ কৰিছে যে এই ক্ষেত্ৰলৈ ঘূৰি অহাৰ পূৰ্বে ছমাহৰ জাননী দিব লাগিব, যিটো ফোগাটে প্ৰদান কৰাত ব্যৰ্থ হৈছিল।

লগতে পঢ়ক : ভিনেশ ফোগাটক লৈ কঠোৰ ডব্লিউএফআই,মল্লযুঁজলৈ প্ৰত্যাৱৰ্তন সহজ নহ'ব নেকি ফোগাটৰ !