ETV Bharat / sports

গৌতম গম্ভীৰৰ পৰিচয় ব্যৱহাৰ কৰি প্ৰচাৰ কৰা অকৰ্তৃত্বশীল বিষয়বস্তু আঁতৰোৱাৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

আবেদনখনৰ মতে, ২০২৫ চনৰ পৰা গম্ভীৰ সম্পৰ্কে কেইবাটাও বিভ্ৰান্তিকৰ পোষ্ট আৰু ভিডিঅ’ অনলাইনত অনুমতি অবিহনে প্ৰচাৰ কৰা হৈছে ।

Gautam Gambhir
গৌতম গম্ভীৰ ফাইল ফটো (PTI)
author img

By ETV Bharat Assamese Team

Published : March 26, 2026 at 5:05 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক তথা প্ৰাক্তন সাংসদ গৌতম গম্ভীৰৰ ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষিত কৰাৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ । ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁৰ নাম, ছবি আৰু বিষয়বস্তুৰ অকৰ্তৃত্বশীল ব্যৱহাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে আদালতে ।

ন্যায়াধীশ জ্যোতি সিঙৰ এজনীয়া বিচাৰপীঠে কয় যে তেওঁৰ সন্মতি অবিহনে পৰিচয় ব্যৱহাৰ কৰা গম্ভীৰৰ সৈতে জড়িত যিকোনো বিভ্ৰান্তিকৰ বা অকৰ্তৃত্বশীল বিষয়বস্তু মেটা আৰু গুগলৰ দৰে প্লেটফৰ্মে আঁতৰাই পেলাব লাগিব ।

আবেদনখনৰ মতে, ২০২৫ চনৰ পৰা ভাৰতৰ প্ৰাক্তন অ’পেনাৰ গম্ভীৰক লৈ কেইবাটাও বিভ্ৰান্তিকৰ পোষ্ট আৰু ভিডিঅ’ অনুমতি অবিহনে অনলাইনত প্ৰচাৰ কৰা হৈছে । ইয়াৰ ভিতৰত আছে তেওঁৰ পদত্যাগৰ বিষয়ে ভুৱা দাবী আৰু তেওঁ এজন খেলুৱৈক আক্ৰমণ কৰা বুলি সম্পাদনা কৰা ভিডিঅ’ । এই আবেদনত আৰ্টিফিচিয়েল ইনটেলিজেন্সৰ (এ আই) দ্বাৰা সৃষ্টি হোৱা আৰু ডীপফেক কণ্টেণ্টৰ জৰিয়তে তেওঁৰ পৰিচয়ৰ অপব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপন কৰা হৈছে ।

উল্লেখ্য যে ২০১১ চনৰ এদিনীয়া বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ এগৰাকী সদস্য গম্ভীৰে তেওঁৰ আবেদনত একাধিক ছ’চিয়েল মিডিয়া একাউণ্ট, প্লেটফৰ্ম, ই-কমাৰ্চ ৱেবছাইটে তেওঁৰ নাম, কণ্ঠ আৰু ব্যক্তিত্বক অনুমোদন অবিহনে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে । আবেদনখনত আৰু কোৱা হৈছে যে এনে বিষয়বস্তুৰ ভিতৰত ভুৱা ঘোষণা আৰু তেওঁৰ ওপৰত আৰোপ কৰা সম্পাদনামূলক মন্তব্যও আছিল, যাৰ ফলত তেওঁৰ পৰিচয়ৰ ব্যৱসায়িক ব্যৱহাৰ হৈছে ।

আবেদনত তেওঁৰ ব্যক্তিত্বৰ অধিকাৰ খৰ্ব কৰাৰ বাবে ২.৫ কোটি টকাৰ ক্ষতিপূৰণ বিচৰা হৈছে । ইয়াৰ পূৰ্বেও দিল্লী উচ্চ ন্যায়ালয়ে সোণাক্ষী সিনহা, বাবা ৰামদেৱ, কাজল, বিবেক অ'বেৰয়, পৱন কল্যাণ, সুনীল গাভাস্কাৰ, ছলমান খান, অজয় ​​দেৱগন, জয়া বচ্চন, সুধীৰ চৌধুৰী, শ্ৰীশ্ৰী ৰবি শংকৰ, নাগাৰ্জুন, ঐশ্বৰ্য ৰায় বচ্চন, অভিষেক বচ্চন আৰু কৰণ জোহৰকে ধৰি কেইবাগৰাকীও ৰাজহুৱা ব্যক্তিৰ ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষিত কৰি একেধৰণৰ নিৰ্দেশ গৃহীত কৰিছে ।

উল্লেখ্য যে দিল্লী নিবাসী প্ৰাক্তন বাওঁহতীয়া বেটছমেন গম্ভীৰৰ অধীনতে ভাৰতে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী আৰু ২০২৬ চনৰ টি-২০ বিশ্বকাপ জয় কৰে ।

লগতে পঢ়ক :অভিলেখ ভংগকাৰী চুক্তিত বিক্ৰী আইপিএল চেম্পিয়ন আৰচিবি; কোনে পালে মালিকীস্বত্ত্ব ?